assamese website

চিৰিয়া

চিৰিয়া

প্ৰথম খণ্ড "চিৰিয়া" য'ত জীৱন মানে অভিশাপ "চিৰিয়া"---- ভুমধ্য সাগৰৰ পাৰৰ মধ্যপ্ৰাচ্যৰ এখন সুন্দৰ দেশ মানে ২০১০ মানলৈ পৃথিবীৰ ঐশ্বৰ্য্য, সমৃদ্ধিশালী দেশবোৰৰ মাজত শীৰ্ষস্থানীয় দেশ এখন আছিল যি ঐশ্বৰ্য্য সমৃদ্ধি বৰ্ত্তমান জুই চাই আৰু বাৰুদৰ ধোঁৱাত ধ্বংসস্তুপত পৰিনত হল ৷৷ বৰ্তমানৰ মানব সভ্যতাৰ চমকপ্ৰদ উন্নতি আৰু উথানৰ পিছতো আজিৰ দিনটোত সমগ্ৰ মানব জাতিৰ বাবে লাজ পাব লগীয়া বা মানবজাতিৰ উন্নতি আৰু প্ৰগতিক হাজাৰ হাজাৰ বছৰ পিছুৱাই আদিম বৰ্বৰ যুগত পৰিনত কৰাৰ উদাহৰণ হৈ পৰিছে এইখন সৌসিদিনালৈ সুন্দৰ হৈ থকা দেশ ৷৷ পৃথিবীৰ সুপ্ৰাচীন মোচোপটেমীয়া আৰু চুমেৰীয় সভ্যতাৰ স্বৰ্ণময় ইতিহাসৰ সাক্ষী এই ভূখন্ডত মানব সভ্যতাৰ সামাজিক জীৱনধাৰণ আৰু বন্যজন্তুক ঘৰচীয়া কৰণ…
Read More
দিল্লীত উবেৰ টেক্সীৰে ঘূৰি থকা অৱস্থাত

দিল্লীত উবেৰ টেক্সীৰে ঘূৰি থকা অৱস্থাত

মূল ইংৰাজী: বিণু মেথিউ (Vinu Methew) আজি, মই দিল্লীত উবেৰ টেক্সীৰে ঘূৰি থকা অৱস্থাত এনেকুৱা অভিজ্ঞতা এটা হল যে সকলোৰে বাবে নিলিখি নোৱাৰিলো•••• সন্ধিয়াৰ সময়খিনিত উবেৰ টেক্সীৰ প্ৰথমজন আৰোহী মই আছিলো, তাৰ পিছত সৰু কন্যা সন্তানটিৰ সৈতে এগৰাকী গাভৰু মাতৃ আৰু বগা টুপী পৰিহীত ইছলাম ধৰ্মী যুৱক এজন মোৰ যাত্ৰাৰ সংগী হৈছিল ৷৷ উবেৰৰ পিছৰ চিটত কণমানি ছোৱালী জনী, মাক আৰু মই ৷৷ বগা টুপী পৰিহিত মুছলিম যুৱকজন উবেৰৰ চালকৰ কাষৰ চিটত বহি তেওঁলোকৰ নিজৰ মাজত কথা পাতি গৈছিল লগতে এফ•এম• ৰেডিঅত বাজিছিল সন্ধিয়াৰ গান ৷৷ :এই দাদা জনে সন্ধিয়া পৰত কিয় টুপী পিন্ধিছে মা? এতিয়াছোন ক'তো ৰ'দ নাই? সৰু…
Read More
সৌহাৰ্দ্য

সৌহাৰ্দ্য

সৌহাৰ্দ্য সোণসেৰীয়া পথটোৱেদি আৰম্ভ কৰিছিলোঁ জীৱনৰ আদিপাঠ হাতে হাত ধৰি এখন দুখনকৈ সহচৰ হৈছিল কেইবাখনো হাত। শৈশৱৰ ৰং ধেমালি,মান অভিমানবোৰৰ মাজত কলাকলকৈ বাঢ়ি গৈছিল আমাৰ বয়সৰ ৰেখাডাল। 'হালধীয়া পখিলাৰে যা পখিলী যা' নৃত্যৰ তালত শৈশৱৰ সহপাঠীৰে জীৱনৰ ৰথ চলি যায়। সলনি হয় হাতে হাত ধৰি আগবঢ়াৰ হিচাপডাল। কোনো যদি অতীত হয় কোনো হয় বৰ্তমান। তথাপিও সময়ে সাঁচে স্মৃতিৰ মণিকোঠা। কৈশোৰে সকলোকে হাত বাউলি মাতে। পৰিসংখ্যা বোৰ বাঢ়ি যায়। জীৱন ৰঙীয়াল হয়। মান অভিমানৰ অনুভূতিবোৰত লোতক নিগৰে। তথাপিও এনাজৰীডাল দৃঢ় হয়। যৌৱনে হাত বাউলি মাতে। সংখ্যাবোৰ আৰু বাঢ়ে,বাঢ়ে অভিমানৰ জোলোঙাখন। জীৱনলৈ যেন মাদকতা আহে। হায়ৰে জীৱন, ইমান প্ৰিয় এই মানুহবোৰ। পূৱৰ…
Read More
গুপ্ত ধনৰ সন্ধানত মাহী

গুপ্ত ধনৰ সন্ধানত মাহী

গুপ্ত ধনৰ সন্ধানত মাহী জেঠ মাহত কেইদিনমান দীঘলীয়াকৈ খৰ মাৰে, বহাগৰ বৰষুণে সৃষ্টি কৰা বোকাবোৰ শুকাই কৰ্ককৰীয়া মাৰে। মাটিৰ সুন্দৰ গোন্ধ এটা ওলায়৷ সেই বহাগ জেঠৰ দুপৰীয়াবোৰ বৰ দীঘলীয়া। মাহীয়ে দিনটোৰ কাম বন কৰি আজৰি হৈ আমাৰ ঘৰলৈ অহাৰ বিশেষ সময় সেইটো, মা দেউতাৰ লগত কথা পাতিবলৈ ভাল নাপাই কাৰণ মাহীৰ সেই ভুত পিশাচ, তন্ত্ৰ মন্ত্ৰ আৰু আই ওজাৰ কাহিনী শুনিবলৈ মাৰ সময় নাছিল আনহাতে দেউতাই মিচিকিয়াই হাঁহি থোৱাত বাহিৰে উৎসাহ নিদিছিল৷ এক কথাত ক’বলৈ গ’লে মাহী আমাৰ মা দেউতাৰ হাতত ডাইৰেক্ট ৰিজেক্টেড হৈছিল জ্ঞানৰ ভঁ‌ৰালটো বিনিময়ৰ ক্ষেত্ৰত! সেইকাৰণেই মাহীৰ আটাইতকৈ মৰমৰ আছিল আমাৰ ডাঙৰ বাইদেউ, তাই কৌতূহলী মুখ এখন…
Read More
সন্মান

সন্মান

নীনাৰ পেহীয়েকৰ ছোৱালী মাধুৰ বিয়া সেয়ে নীনায়ে মাকক খাটনিধৰি আছে এজোৰ ধুনীয়া কাপোৰ দিবলৈ মাকৰো মন যায় জীয়েকক সজাই পৰাই ৰাখিবলৈ পিছে ভাবিলেইটো সকলো হৈ নাযায় দেউতাকটো অসুখীয়া সেয়ে দেউতাকে যি সৰু চাকৰি এটা কৰিছিল ,.তাকো এৰি দিব লগা হ'ল ।মাকে এতিয়া সৰু সুৰা ইটো -সিটো কৰি ঘৰখন যেনতেনকৈ চলাই আছে । আচাৰৰ ব্যৱসায়, মাহগুড়া, বেহুৱা ,টেকেলী পিঠা ৰ ব্যৱসায় মুঠতে যি পায় কৰি যায় ! বৰ কৰ্মী মাকজনী। জীয়েক নীনায়ে আজি কেইদিন মান ধৰি কৈ থকাৰ বাবে ওচৰৰে শৰ্মানী বাইদেউক কথাটো ক'লেগৈ তেখেতে কাপোৰৰ ব্যৱসায় কৰে মাহে মাহে পইচাটো দি শেষ কৰিব ২/৩ হাজাৰ মানৰ ভিতৰৰ এজোৰ কাপোৰ জীয়েকলৈ…
Read More
স্বদেশৰ দুখত ম্ৰিয়মাণ কবিৰ এটা বিপ্লৱী কবিতা

স্বদেশৰ দুখত ম্ৰিয়মাণ কবিৰ এটা বিপ্লৱী কবিতা

শাওণৰ পথাৰত আলিটো বান্ধো বুলি কোৰখন হাতত ল'লো বোকা এচপৰা থপকৈ আহি মুখত পৰিল চুই চাই দেখো তপত অশ্ৰু যেন নিগৰিত লাভা ৰাস্তাৰ বাটৰুৱা জনে কাকনো কৈছে সি আজিও জেইলত থাকে নিলজ্জতাৰ মুখা পিন্ধি ব্যধিগ্ৰস্থ আকাশলৈ চালো কলীয়া ডাৱৰে ক্ৰমঃ গিলি পেলাব নিৰ্বাসিত সূৰ্য্যক নিৰ্বাসিত সূৰ্য্য ! আইৰ চকুলোৰ চেকা লগা নিমজ গাল তাৰ সত্তাত প্ৰতিবাদ , হিংস্ৰ উৎসৱৰ বাধাৰ প্ৰাচীৰ সেয়ে আপোনজনৰ আঘাত লভিও বহি আছে জেইলৰ কোনোবাটো অন্ধকাৰ কোঠাত এইদৰে যদি এটা কবিতাৰ মৃত্যু হয় তেজৰ শলিতা লগাই শ্ৰদ্ধাঞ্জলী দিবলৈ নাহিবা ৰজনীগন্ধাৰ তৰোৱাল পাতে তোমাৰ স্বদেশ প্ৰেমক প্ৰশ্ন কৰিব বাস্তৱে লাহে লাহে দহি খ‍াব বালিলৈ সজোৱা শৰ পাতৰ…
Read More