শাওণৰ পথাৰত আলিটো বান্ধো বুলি
কোৰখন হাতত ল’লো
বোকা এচপৰা থপকৈ আহি মুখত পৰিল
চুই চাই দেখো
তপত অশ্ৰু যেন নিগৰিত লাভা
ৰাস্তাৰ বাটৰুৱা জনে কাকনো কৈছে
সি আজিও জেইলত থাকে
নিলজ্জতাৰ মুখা পিন্ধি
ব্যধিগ্ৰস্থ আকাশলৈ চালো
কলীয়া ডাৱৰে ক্ৰমঃ গিলি পেলাব
নিৰ্বাসিত সূৰ্য্যক
নিৰ্বাসিত সূৰ্য্য !
আইৰ চকুলোৰ চেকা লগা নিমজ গাল
তাৰ সত্তাত প্ৰতিবাদ , হিংস্ৰ উৎসৱৰ বাধাৰ প্ৰাচীৰ
সেয়ে আপোনজনৰ আঘাত লভিও
বহি আছে জেইলৰ কোনোবাটো অন্ধকাৰ কোঠাত
এইদৰে যদি এটা কবিতাৰ মৃত্যু হয়
তেজৰ শলিতা লগাই শ্ৰদ্ধাঞ্জলী দিবলৈ নাহিবা
ৰজনীগন্ধাৰ তৰোৱাল পাতে
তোমাৰ স্বদেশ প্ৰেমক প্ৰশ্ন কৰিব
বাস্তৱে লাহে লাহে দহি খাব
বালিলৈ সজোৱা শৰ পাতৰ মুখামুখি
এদিন তুমিও হ’বা।
শাওণৰ চপ চপীয়া পথাৰ
শাসক, নৈ ধলৰ দৰে
গৰাকী তেজস্বী শক্তিৰ
সুৰুঙা বিচাৰি পাই
বোৱাই নিছে পানী।
লজ্জানত কবিৰ কাতৰ
শুনাচোন , ‘হেৰা বাটৰুৱা
মোৰ দেশৰ খৱৰ
অজান দেশত নিদিবা’
এই কবিও ওলাব
নিকপ্ কপীয়াকৈ বান্ধি দিবলৈ
শাওণৰ পথাৰত সুৰুঙা থকা
পানীৰে বোৱাই নিয়া আলিবাটতো।
এই আলিবাটতো আমিয়ে বান্ধিব লাগিব।
✍ নিহাল গগৈ