Assamese Love story

পুৰুষ মানেই

পুৰুষ মানেই

এখন সুন্দৰ গাৱঁলীয়া ঘৰ , আহল - বহল আগচোতাল - পাছচোতাল , আগচোতালৰ কাষে - কাষে যদি বিবিধ থলুৱা ফুলৰ গছ , পাছফালৰ বাৰীত আকৌ বিবিধ ফল - মূলকে ধৰি শাক - পাচলিৰ গছ । গোহালীত গৰু - পুখুৰীত মাছ , হাঁহ - পাৰৰ উপস্থিতিয়ে সজীৱ কৰি ৰখা এটা পৰিবেশ । তাৰোপৰি বছেৰেকৰ বাৰ মাহে লাগি থকা তাতঁশালখনে যেন সোণতেহে সোঁৱগা ৰচিছে। আগচোতালৰ এমুৰে পূবলৈ বুলি মুৰ কৰি থকা সৰু অথচ সুন্দৰকৈ লেপি - মুচি থোৱা গোসাঁইঘৰটো , তাৰ ঠিক সন্মুখতে তুলসীৰ ভেটিটো , য'ত বছৰৰ কেওটা মাহতে সন্ধ্যা চাকি জ্বলোৱা হয় । তাৰোপৰি আগচোতালৰে এমুৰে একাষৰীয়াকৈ থকা পাচঁটা প্ৰকাণ্ড…
Read More
এই প্ৰেম যুগ যগান্তৰলৈ

এই প্ৰেম যুগ যগান্তৰলৈ

সাধাৰণতে যিটো বয়সত প্ৰেমৰ জোৱাৰ উঠে , সেইবয়সতেই চুমিৰ জীৱনলৈও প্ৰেমৰ প্ৰস্তাৱবোৰ আহিবলৈ ধৰিলে।ৰাস্তাৰে যাব নোৱাৰে ডেকা ল'ৰাবোৰৰপৰা বিভিন্ন কমেন্ট আহে,মুকলিকৈ ঘৰৰ বাৰাণ্ডাতো ক্ষন্তেক বহিব নোৱাৰে,দুৰণিৰপৰা চকু কেইবাহালে তাইকেই চাই থাকে।পুৱা গেট খুলিবলৈ গৈ কেতিয়াবা যদি কোনোবাই পেলাই থৈ যোৱা প্ৰেমপত্ৰ পাই কেতিয়াবা আকৌ স্বচক্ষে দেখা পাই কোনোবাজনক।তাইৰ বিৰক্তিত কপাল কোচ খাই আহে,আনেহে নালাগে সন্মানীয়জনৰ চকুতো তাই আজিকালি অলপ বেলেগ চাৱনি দেখে। তথাপিও তায়ো তেজ মঙহেৰে সৃষ্টি হোৱা জীৱ,তাইৰো কাৰোবাক ভাললাগিব পাৰে,অথচ তাইক আমনি কৰি থকা এজনকোচোন তাইৰ কিঞ্চিতো ভালনালাগে,বৰং ঘৃণাহে উপজে তেওঁলোকলৈ।অথচ,তাইৰ ভাললাগিবলৈ ধৰিলে সেইজনকহে যি তাইক সেই দৃষ্টিৰে নাচায়েই।কিন্তু বহু চেষ্টা কৰিও তাইৰ পক্ষে মনৰ কথাষাৰ তেওঁক জনোৱা…
Read More
অবৈধ কলংক’ৰ সংজ্ঞা বিচাৰি……

অবৈধ কলংক’ৰ সংজ্ঞা বিচাৰি……

: তই বৰ ভাল ছোৱালী পালি দেই , কি সুন্দৰ মাত - কথা , কি সুন্দৰ ব্যৱহাৰ , তাৰোপৰি ছোৱালীজনীৰ মুখখনো যেন কুণ্ডতহে কটা , দীঘল চুলিখিনি সামৰি কলডিলীয়া খোপাটি বান্ধি লৈ ডাঙৰকৈ ফোটটো লৈ ওলাই আহোতেই মই ধৰিব পাৰিলো , তোৰ ঘৰলৈ সাক্ষাৎ লক্ষিমী আহিল বুলি । —-- বুঢ়ী আইতা এজনীয়ে মুৰত হাত বুলাই দৰা অভিক ক'লে । আজি যিহেতু অভিহঁতৰ খোবা - খোবি , গতিকে গাঁৱৰ বুঢ়া - মখাই তাহাঁত দুয়োটাকে হিয়া উজাৰি আশীৰ্বাদ দি গ'ল । অভিৰ ঘৰৰপৰা বিদায় লৈ ঘূৰি যোৱা ভকতসকলৰ মাজতো প্ৰশংসাই শুনা গ'ল মাথো । : বুজিছা ৰমলা , এই বুঢ়ীয়ে শ বছৰ…
Read More
বিশ্বাসৰ – অবিশ্বাসৰ আঁৰত

বিশ্বাসৰ – অবিশ্বাসৰ আঁৰত

দহে নক'লেও মাকৰ মন , আইজনীৰ ষষ্ঠ ইন্দ্ৰিয়ই যেন কিবা ভয়ংকৰ অশনি সংকেতহে দি আছে অহৰ্নিশে , এনে লাগি থাকিল তাইৰ । হওঁতেতো ল'ৰাকণ মোমায়েকৰ ঘৰলৈহে গৈছে , তাকো নিজ ককাদেউতাকৰ লগত , ইপিনে আইজনীৰ মানুহজন বুধিন আজি দহদিনমানেই হ'ল , নৈ সিপাৰলৈ যোৱা , সিটো নৈখনৰ ইপাৰ - সিপাৰ কৰিয়েই থাকে , তথাপিও কিয় জানো তাইৰ অন্তৰাত্মা কপি আছে এইকেইদিন । এখন ভৰা ঘৰৰ বোৱাৰী আইজনী , শহুৰ - শাহু - দেওৰ - ননদেৰে ভৰি থকা ঘৰ তাইৰ । তাৰোপৰি তাইৰ নিজৰে দুজনীকৈ ছোৱালী আছে , এজনীয়ে এইবাৰ বহাগতে গাত কাপোৰ ল'লে , আনজনীয়েও কোনদিনা খবৰ শুনাই তাৰ ঠিক…
Read More
Is Love Enough Sir

Is Love Enough Sir

মহাৰাষ্ট্ৰৰ ভিতৰুৱা গাওঁ এখনৰ পৰা মুম্বাই চহৰত বনকৰা মহিলা ৰূপে নিয়োজিত ৰত্না ৷৷ ঘৰৰ পৰা মুম্বাইলৈ আহোতে বাটত বেগৰ পৰা উলিয়াই নীলা খাৰু দুমুঠি পিন্ধে দুয়োখন হাতত, একেই দুমুঠি খাৰু মুম্বাইৰ পৰা ঘৰলৈ যাওঁতে ঘৰ পোৱাৰ আগমূহুৰ্তত গাড়ীৰ ভিতৰতে খুলি পুনৰ বেগত ভৰাই লয় ৷৷ বিয়াৰ চাৰিমাহৰ পিছতে স্বামীৰ বিয়োগ হোৱা বিধবা ৰত্না ৷৷ নিউইয়ৰ্কত হব লগীয়া বিয়াখন বাকদত্তাই বাতিল কৰি দিয়াত পুনৰ ঘৰলৈ ঘূৰি অহা ৰিয়েল ষ্টেট বিল্ডাৰৰ পুত্ৰ নিসংগ অশ্বিন ৷৷ সীমাহীন শূণ্যতাৰ মাজতে দুয়োটা জীৱন, অশ্বিনৰ আৰু বনকৰা মহিলা ৰত্না দুয়ো নিজৰ নিজৰ কক্ষ পথত সন্ধান কৰিছে কেবল জীৱন জীয়াই থকাৰ যোগাত্মক দিশবোৰৰ •••• ৰত্নাই ঘৰুৱা কামৰ…
Read More
উপলব্ধি

উপলব্ধি

খেলিমেলি চিন্তাবিলাকে গীতিকাক আজিকালি হতাশ কৰে ৷ তেতিয়া ভাবে, কৰবাত তাই বেয়াকৈয়ে পৰাজিত হৈ গ’ল ৷ কিন্তু ক’ত কেনেকৈ হ’ল তাই ধৰিব নোৱাৰে ৷ অনুভৱে মাজে মাজে তাইক চঞ্চল কৰিও পেলায় ৷ বিক্ষিপ্ত অস্থিৰতাৰ মাজত যেনিবা এটা সত্য বিচাৰি পায়; তাইৰ দৃঢ়তা ৷ কিন্তু কিছুসময়ৰ বাবে ৷ পিছতেই আকউ অস্থিৰতা ৷ প্ৰকাশ কৰি পাতলাবলৈও নোৱাৰে তাই || উপলব্ধিয়ে এতিয়া জীৱনৰ পথিকৃৎ ৷ ক্ষন্তেকীয়া উন্মাদনাই প্ৰশস্ত কৰি তোলা তাইৰ নীৰৱ সত্বা ক্ৰমে হৈ উঠে মনুষ্যত্বৰ অনুভূতি ৰক্ষা কৰিব নোৱাৰা একো একোটা জঁকা ৷ সময়ৰ অৱবাহিকাত প্ৰেমৰ সুৰটিও সুদীৰ্ঘ সময়ৰ স্মৃতি হৈ গ’ল || জেইলৰ পৰা ওলোৱা সুব্ৰতক প্ৰথমবাৰ লগ পাওঁতেই এটা…
Read More
উপহাৰৰ বোজা

উপহাৰৰ বোজা

"পিতাই আজি আনিব পাৰিলি নে"? জীয়েক ৰূপালীৰ মাতটো যেন এডাল অজগৰহৈ মেৰিয়াই ধৰিলে বিনন্দৰ ভৰি দুখন, লৰচৰ কৰিব নোৱাৰাকৈ। সি থমকি ৰ'ল। জীয়েকৰ এটা সৰু আৰ্জি পূৰণ কৰিব নোৱাৰাৰ অপৰাধ বোধত বিনন্দৰ মূৰটো হাউলি পৰিল, চকুজুৰি থৰ লাগি ৰ'ল ঘৰটোৰ উৱলি যোৱা বেৰ খনৰ তলৰ অংশটোত। অলপ ৰৈ কি কম কি নকম বুলি ভাবি হাতত থকা বস্তু কেইপদৰ টোপোলাটো তাইৰ চকুলৈ নোচোৱাকৈ আগবঢ়াই দি কলে, " তহঁতে দেখিছ নহয়, এই এসপ্তাহ ৰঙালাউ কেইটা বেচিবৰ বাবে ৰাস্তাত উলিয়াই দিছোঁ আৰু সুমুৱাই থৈছোঁ মাত্ৰ। গ্ৰাহক নাই, বজাৰ নাই। টেঙা মৰা পাত কেইমুঠি বেছি যি সত্তৰ আশী টকা পাওঁ তাৰেই তেল, নিমখ কণ…
Read More
কেলেণ্ডাৰ

কেলেণ্ডাৰ

পুৱা শুই উঠিয়েই বেৰত ওলমি থকা কেলেণ্ডাৰখনলৈ মন কৰিলে প্ৰয়াত শিক্ষক বিনন্দ চৌধুৰীৰ পত্নী অৱসাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অপৰ্না চৌধুৰী বাইদেউয়ে | এডাল নাল ভগা চশমা পিন্ধি লাহে লাহে কেলেণ্ডাৰৰ ওচৰলৈ আগুৱাই গ'ল অপৰ্না বাইদেউ | আনদিনাৰ দৰে আজিও ৰঙা চিয়াঁহীৰ কলমটোৰে কেলেণ্ডাৰত আজিৰ তাৰিখৰ চাৰিওপিনে এটা বৃত্ত আঁকিলে | প্ৰায় এমাহমান আগৰে পৰা এনেদৰে প্ৰত্যেক দিনা প্ৰতিটো তাৰিখৰ চাৰিওপিনে বৃত্ত এটা অঁকাটো তেওঁৰ যেন এক অভ্যাসত পৰিণত হৈছে | যিমানেই কেলেণ্ডাৰখনত ৰঙা বৃত্তবোৰৰ সংখ্যা বাঢ়িছেগৈ সিমানেই সেই নিদিৰ্ষ্ট তাৰিখৰ দিনো চমু চাপি আহিছে | তাৰ লগে লগে অপৰ্না বাইদেউৰ মনটো ফৰকাল হৈ গৈ আছে | হয়টো !! আজিয়েই দেখোন সেই নিদিৰ্ষ্ট…
Read More
ৰঙা ৰেখাডাল

ৰঙা ৰেখাডাল

: আপুনি কিয় সেন্দুৰ নলয় শিৰত? এনেই ইমান ধুনীয়া, অকমাণ লগালে সোণত সুৱগা চৰে। : ক'ত দেখিলি তই সোণত সুৱগা চৰা? : আপোনাৰ শাশুড়ীৰ লগত এবাৰ বিয়া খাব গৈছিল যে...কিযে লাগিছিল! নিভাৰ আত্মবিভোৰ হৈ কোৱা কথাকেইটাই ইশানীক হহুৱালে। : কওকনা, কিয় নলগায়? : তই কিয় লগাৱ কচোন। : মানুহটোৰ দীৰ্ঘ জীৱন কামনা কৰি লগাও। আপুনি নকৰে? : ৰঙা ৰংগুড়িৰে মানুহৰ আয়ুস বঢ়াব পাৰি নেকি? মই বিশ্বাস নকৰোঁ। ঘৰুৱা সহায়িকা নিভাই আৰু কিবা সুধিব খুজিছিল, ইশানীয়ে সুযোগ নিদিলে। তাইৰ ব্যক্তিগত জীৱনত বাহিৰা মানুহ সোমাব খোজাটো তাইৰ বাবে অস্বস্তিকৰ। তাই ফোনটো কাণত লগাই আঁতৰি গ'ল। তাইৰ দৰে নিভাও নৱ বিবাহিতা। প্ৰথম এবছৰ…
Read More
কালগ্রস্ত

কালগ্রস্ত

ব্যস্ততাৰ পৃথিৱীত মানসীৰ যেন উশাহ ল'বলৈও আহৰি নাই, পৰা হ'লে যেন তাই এই কামটোও নকৰাকৈয়ে থাকিব বিচাৰিলে হয়।সেই বুজন হোৱাৰে পৰা তাই ব্যস্ত,চকুৰে দেখা মানুহখিনিক লৈ,হাতেৰে ঢুকি পোৱা মানুহখিনিৰ বাবে তাই ভীষণ ব্যস্ত।অৱশ্যে ব্যস্ততাৰ পৃথিৱীখনত তাইৰ এই পদক্ষেপ একান্তই নিজৰ পচণ্ডৰ।এই যে ৰাস্তাইদি গৈ থাকোঁতে লাখুটি লৈ খুপি খুপি খোজ কঢ়া মগনীয়াৰজনক ৰাস্তাটো পাৰ কৰাই দিয়া,ফুটপাথত অন্ধ মানুহজনৰ সন্মুখত থকা কাপোৰখনৰ ওপৰত সামৰ্থ্য অনুযায়ী কিবা এটা দি অহা,দোকানে,দোকানে ভিক্ষা মাগি ঘূৰি ফুৰা কণমানিকেইটাক কিবা এটা খাবলৈ দিয়া এইবোৰ যেন তাইৰ চকুত ধৰা দিয়া, তাইৰ অন্তৰ আত্মা তৃপ্ত কৰিব পৰা সৰু সৰু সুখৰ এক ভগ্নাংশ। ঘৰৰ মানুহবোৰে হাঁহে তাইক,সমনীয়াই ঠাট্টা কৰে,কেতিয়াবা…
Read More