Best Assamese short stories

কৰ্মফল

কৰ্মফল

কৰ্মফল : কোন তুমি ? —- অজানে মনৰ সকলো অনুভূতি মনতে সামৰি একেবাৰেই সাধাৰণ সুৰত অচিনাকী লোকক সুধাৰ দৰে সুধিলে । : এহ কি কৈছা তুমি এইবোৰ ……… ভুল হৈ গ'ল মোৰ, প্লিজ মাফ কৰি দিয়া —- আবেগভৰা কণ্ঠৰে কৈ উঠিল এইবাৰ ইতিয়ে । : অহ , ইটছ অকে —- বুলি অজান তাইক আওকান কৰি যাবলৈ ওলাল । কিন্তু তাই তাক পুনৰ আগচি ধৰি ক'লে —-- : আই এম ৰিয়েলি চৰী অজান । —-- ইপিনে মানুহেৰে ভৰি থকা বৃহৎ অট্টালিকাটোৰ গ্ৰাউন ফ্ল'ৰত ঠিয় হৈ থকা অজানৰ মানুহৰ আগত হৈ - হাল্লা কৰিবলৈ মন নগ'ল । সেয়ে সি ক'লে —-- :…
Read More
নিকৃষ্ট মানসিকতা

নিকৃষ্ট মানসিকতা

নিকৃষ্ট মানসিকতা নাজানো কিয় আজিকালি এনে হ'বলৈ ধৰিছে মোৰ লগত ! দুদিন আগলৈকে যি মোক সন্মানৰ দৃষ্টিৰে চাইছিল অথবা যিসকলে বোৱাৰী বুলি সমীহ কৰি চলিছিল , সেইসকল লোকৰো কিন্তু আজিকালি মোলৈ বুলি বহুত চিন্তা । সেয়া লাগিলে মোৰ দেওৰ সম্পৰ্কীয়ই হওঁক নতুবা শহুৰৰ বয়সৰে খূড়া সম্বোধন কৰা লোকেই হওঁক। মুঠতে আজিকালি মোক লৈ মোতকৈ বেছি এইসকলৰহে চিন্তl । অথচ , মই তেওঁলোকতকৈ আৰ্থিক দিশত আগবঢ়া , মোৰ দুটা সন্তানৰ সৈতে মোৰ জীৱনো এতিয়া অধিক ব্যস্ততাৰে ভৰা , তেনেক্ষেত্ৰত তেওঁলোকৰ মোলৈ বুলি এনে অনাহকতে চিন্তা কিয় ? ওহো , প্ৰকৃততে কোনেও কাৰো বাবে অনাহকতে চিন্তা নকৰে , এনে ভুৱা চিন্তাৰ আঁৰত…
Read More
ব্ৰাহ্মণকন্যা ৰ কৰুণ গাঁথা

ব্ৰাহ্মণকন্যা ৰ কৰুণ গাঁথা

ব্ৰাহ্মণকন্যাৰ কৰুণ গাঁথা ৰতি এগৰাকী ব্ৰাহ্মণ কন্যা । তাইৰ মাজত আচলতে ৰূপ অথবা গুণ কোনোটোৰে অকনো অভাৱ নাই , কিন্তু ৰূপ - গুণ দুয়োৰে অধিকাৰী হৈও তাই আজি পৰিত্যক্তা । প্ৰকৃততে , বহুজনৰ মতে এয়াই তাইৰ ভাগ্য , যি জনম লওঁতেই তাই লগত লৈ আহিছে । দূৰ্গেশ্বৰ শৰ্মাবৰদলৈৰ সৰু জী ৰতি । যাৰ জন্মই এনে ক্ষণত হৈছিল যে গণকৰদ্বাৰা বনোৱা জন্মপত্ৰিকাত তাইৰ ভবিষ্যতৰ সকলো ভালেই উল্লেখ আছিল । হওঁতেতো তাইৰ দেউতাকে নিজেই আন আন লোকৰ জনমপত্ৰিকা তৈয়াৰ কৰিছিল , কিন্তু নিজৰ ঘৰ বা পৰিয়ালৰলোকৰ এনেবোৰ কামৰপৰা তেওঁ সদায় দূৰত আছিল । অৱশ্যে , এই নিয়ম মুখে মুখেই চলি আহিছিল অতীজৰ…
Read More
অবৈধ কলংক’ৰ সংজ্ঞা বিচাৰি……

অবৈধ কলংক’ৰ সংজ্ঞা বিচাৰি……

অবৈধ কলংক'ৰ সংজ্ঞা বিচাৰি : তই বৰ ভাল ছোৱালী পালি দেই , কি সুন্দৰ মাত - কথা , কি সুন্দৰ ব্যৱহাৰ , তাৰোপৰি ছোৱালীজনীৰ মুখখনো যেন কুণ্ডতহে কটা , দীঘল চুলিখিনি সামৰি কলডিলীয়া খোপাটি বান্ধি লৈ ডাঙৰকৈ ফোটটো লৈ ওলাই আহোতেই মই ধৰিব পাৰিলো , তোৰ ঘৰলৈ সাক্ষাৎ লক্ষিমী আহিল বুলি । —-- বুঢ়ী আইতা এজনীয়ে মুৰত হাত বুলাই দৰা অভিক ক'লে । আজি যিহেতু অভিহঁতৰ খোবা - খোবি , গতিকে গাঁৱৰ বুঢ়া - মখাই তাহাঁত দুয়োটাকে হিয়া উজাৰি আশীৰ্বাদ দি গ'ল । অভিৰ ঘৰৰপৰা বিদায় লৈ ঘূৰি যোৱা ভকতসকলৰ মাজতো প্ৰশংসাই শুনা গ'ল মাথো । : বুজিছা ৰমলা , এই…
Read More
মুখা

মুখা

মুখা : এই পাঁচমহীয়া গাত থকা মানুহজনীক মোহনে ইমানকৈ মৰিয়াইছে কিয় , কেনেবাকৈ পেটত দুখ পালে কোনো নাবাচে । নাই নাই মই এনেকৈ চাই থাকিলে নহ'ব , মানুহজনীক বচাওগৈ । মনতে কথাবোৰ পাগুলি মনে চাৰ্টটো পিন্ধি ওলাই যাবলৈ লৈছিল হে তেনেতে ঘৈনিয়েক মমীৰ সন্মুখীন হ'ল । : কি হ'ল ? ইমান খৰখেদাকৈ ক'ত যোৱা ? — মমীয়ে তাৰ খৰখেদা দেখিয়ে সুধিলে : এহ , এই মোহনটোক দুচাটমান দি আহোগৈ , চোৱাচোন কেনেকৈ গাভাৰী মানুহজনীক মাৰি আছে । —- মনে মমীলৈ চাই ক'লে আৰু ওলাই গ'ল খৰখেদাকৈ । : তুমি আন্ধাৰখনত ঘূৰি নুফুৰিবা । — সেয়া মনৰ সকিয়নি গেটৰ ওচৰৰপৰা ।…
Read More
জীৱনৰ জটিল অংক The Calculus of Life: Navigating the Complexities with Power

জীৱনৰ জটিল অংক The Calculus of Life: Navigating the Complexities with Power

জীৱনৰ জটিল অংক জীৱনত এনে কিছুমান সংযোগ ঘটে যাৰ কল্পনা আমাৰ বাবে সপোনৰো অগোচৰ হয় । এইযে ওপৰত এজন বহি আছে , তেৱোঁ এনে সংযোগৰ সৃষ্টি হ'ব বুলি চাগৈ কেতিয়াও ভবা নাছিল , কোটী কোটী জীৱৰ জীৱন গগনা কৰি থাকোতেই হয়টো এনে এক অদ্ভূত সংযোগৰ ৰচনা ঘটি যায় তেওঁৰো অজানিতেই । জন্ম - মৃত্যু - বিবাহৰ দ্বায়িত্ব হেনো এই সৰগত বহি থকাজনৰ হাততেই ন্যস্ত থাকে , তেনেহ'লে প্ৰেমো ইয়াৰ ব্যতিক্ৰম নহ'ব চাগৈ । আচলতে সকলো ঘটনা - পৰিঘটনাৰে আঁৰত থকা হাতখনেই হ'ল তেওঁৰ হাত , নহ'লেনো এনে এক অদ্ভূত - অসম্ভৱ সংযোগ সম্ভৱনে ! সাগৰ তীৰত বালিৰ ওপৰত বহি আছে…
Read More
আপোন মানুহ

আপোন মানুহ

আপোন মানুহ : এই আচম্বিত পৰিস্থিতিত জৰুৰ ভাৰতৰ হাত আছে । পাকিস্তানত আগতে এনেকুৱা বানপানী হোৱা নাই । সিন্ধুৰ নৈৰ গতিত খেলিমেলি লগাই পাকিস্তানক শ’লঠেকত পেলাব খুজিছে ভাৰতে । - খাদিমৰ কথাখিনিয়ে সঁচাই বিকিৰণত বিৰক্ত কৰিলে । এনকুৱা কেইবাটাও সন্ধিয়া সি আগতেও ভাৰতবিৰোধী কথা-বতৰাৰে বিষময় কৰি পেলাইছিল; আজিও কৰিলে । মানুহটো বিকিৰণৰ সমূলি হজম নহয় । ৰাজেশে অথবা মতিমৰাণেহে মাথোন তাক সদায় মাতে । ৰাজেশৰ যুক্তি, ইয়াত কাম কৰা সি একমাত্ৰ পাকিস্তানী । আমি যিহেতু চুবুৰীয়া, গতিকে বিদেশত আমি মিলি-জুলি থকা উচিত; বিদেশত আৰু কি মই ভাৰতীয়, তই পাকিস্তানী কৰি থাকিবলৈ আছে ! - হুঃ, বৰ মানৱতাবাদী ! মতিমৰাণৰো যুক্তি…
Read More
মাৰ্দাৰ

মাৰ্দাৰ

মাৰ্দাৰ এটি অনুসন্ধানমুলক ৰহস্য গল্প ৰচনা: দীপাংক শৰ্ম্মা (মতামত আগবঢ়ালে, অকনমান উৎসাহ পাম আগলৈ লিখিবলৈ ।) খবৰটো চহৰ খনত জুইৰ দৰে বিয়পি পৰিল । মৃত্যুঞ্জয় বৰুৱাৰ হত্যা । ৰাজ্যৰ প্ৰমুখ পলিটিকেল পাৰ্টী জনমুক্তি মঞ্চৰ মুখপাত্ৰ, যুবনেতা আৰু চহৰৰ এজন প্ৰখ্যাত ঠিকাদাৰ আছিল এই মৃত্যুঞ্জয় বৰুৱা । চহৰৰ মাজেদি বৈ যোৱা বীৰজৰা নদীৰ এখন দলংৰ কাষত তেওঁৰ গাড়ী খন ৰখাই থোৱা অবস্থাত পোৱা গৈছে । মৃতদেহ চালকৰ আসনত বহি থকা অবস্থাতেই আছে । মুৰত গুলীৰ চিন স্পষ্ট । সমগ্ৰ শৰীৰ আৰু গাড়ী খনৰ সমুখৰ ছিট তেজেৰে ৰাঙলী । হত্যাস্থলী এতিয়া পুলিছে আগুৰি ৰাখিছে । হত্যাস্থলীৰ প্ৰটিতো খুটিনাটী টুকি ৰখাত, পুলিছ ব্যস্ত…
Read More
Yam Raj in Quarantine (এক খুহুটীয়া গল্প)

Yam Raj in Quarantine (এক খুহুটীয়া গল্প)

Yam Raj in Quarantine  যমৰজাৰ জৰুৰী তলব । ৫ বজাৰ পৰা মিটিং । সকলো আহিব লাগে । যমলোকৰ সকলো আচৰিত । এনেকুৱা কি পৰিস্থিতি হ’ল যে যমৰজাই ততাতয়াকৈ মিটিং তলব কৰিব লগা হ’ল । ৰজাৰ হুকুম যেতিয়া যাবই লাগিব । চিত্ৰগুপ্তকে আদি কৰি সকলো উপস্থিত হ’লহি । কোনো পাতনি নেমেলাকৈয়ে যমৰজাই চিধাই চিত্ৰগুপ্তকে Charge কৰিলে – “চিত্ৰগুপ্ত, আপোনাক কিহে পাইছে । কোনো বাচবিচাৰ নোহোৱাকৈ গালে গালে কেছবোৰ আনি আছে যে মৰ্ত্যৰ পৰা । মোৰ ইয়াত over crowding   হোৱাৰ উপক্ৰম হৈছে । সেই সোপাক ভৰন পোষণ দিবলৈ ৰাজকোষৰ ধন নাটনি হোৱাৰ উপক্ৰম হৈছে । কি কাণ্ড হৈছে এইটো মোক  জৱাব লাগে…
Read More
মুড়ি

মুড়ি

মুড়ি :: আজি কল'নীৰ নতুন বাসিন্দা আৰোহী পাঠকৰ ঘৰত কল'নীৰ মহিলাসকলৰ কিটি পাৰ্টি। নতুন যদিও তাই আৰু গিৰিয়েকে চাকৰিত যোগদান কৰা ছমাহ হৈছে। আৰোহীক কাষৰ ফ্লেটৰ মন্জিমা বাইদেৱে ইতিমধ্যে তেওঁৰ ঘৰত হোৱা পাৰ্টিৰ দিনাই সকলোৰে লগত চিনাকি কৰাই দিছিল। মহিলা গোটটোত আৰোহীক জোৰ কৰি তেৱেঁই সুমুৱাই দিছিল। আৰোহীও গিৰিয়েকৰ দৰে চাহ বাগানখনৰ অভিযন্তা। বৰকৈ ইঘৰ সিঘৰ ফুৰিবলৈ যোৱাটো তাই ভাল নাপায়। কিন্তু 'অফিচাৰ্ছ ওৱাইভচ্' বোলা গোটটোত সন্মানৰ খাতিৰত সোমাই আছে। কিটি পাৰ্টি তাই ভাল নাপায়; সময় আৰু মেধাৰ অপচয় বুলি ভাৱে। তথাপি তিনিটামান পাৰ্টিত উপস্থিত আছিলগৈ। মুঠ দহগৰাকী মহিলা আৰোহীহঁতৰ লিভিং ৰূমত বহি গল্পত মছগুল। কাৰ্ডচ্ খেলিব অলপ পিছত। আৰোহী…
Read More