17
Aug
উচ্চাকাংক্ষা , আত্মসন্মান আৰু আত্মবিশ্বাসে আজি সুনয়নাক এই ঠাইত উপনিত কৰাইছে । সৰুৰেপৰাই ভীষণ উচ্চকাংক্ষী আছিল সুনয়না , লাহে লাহে যিমানেই তাই ডাঙৰ হৈ আহিল সিমানেই তাইৰ দুচকুত এনে কিছু কথা - কাণ্ড ধৰা দিবলৈ ধৰিলে যে প্ৰথমাৱস্থাত কি কৰা উচিত তাই একো ঠিক কৰিব পৰা নাছিল । তেনেতেই এদিন তাইৰ হাতত পৰিল 'লজ্জা' নামৰ কিতাপখন । দুটামান পাঠ লুটিয়ায়েই তাইৰ ইমান ভাল লাগিল পঢ়ি যে অতি সোনকালেই গোটেইখন পঢ়ি শেষ কৰি পেলালে । তেতিয়াই তাই উপলদ্ধি কৰিলে , তাই ডাঙৰ হোৱাৰেপৰা যিবোৰ দেখি আহিছে সেইবোৰৰ পৰিসীমা বহুত ডাঙৰ , ই পৃথিৱীজুৰি আছে , গতিকে এইবোৰ কেৱল মাথো এগৰাকী দুগৰাকী…