06
Oct
মাজুলী, ২০২১ মন গ’লেও কলৈকো যাব নোৱাৰোঁ, চৌদিশে পানীহে জলেমলায় অ’, বোপাই ! মন গ’লেও যাব নোৱাৰোঁ ওলাই। তহঁতে হে কৱ’ সৰু হৈ অহা পৃথিৱীৰ কথা, বোপাই অ’, আমাৰচোন বাটটোৱে নাই ধৰণী চোৱাৰ ! যি ফালে চকু থওঁ, সাগৰহেন বন্ধ দুৱাৰ ৷ কলৈনো যাম কেনিনো চাম কেতিয়াকে দেখা পাম কাক ক’ব নোৱাৰোঁ বোপাই ! আমাৰ যন্ত্ৰণাৰ এচোৱা পাৰ যদি তইও কবিচোন ৰাজহাউলীত ! চোৱাৰীৰ এচাৰিৰ মিছা আৱাজতো দৌৰে প্ৰশাসনৰ য’ত ঘোঁৰা ৷ পাৰ যদি তইও কবিচোন কিজানি কিঞ্চিৎ সলনি হয়েই আমাৰ জীৱন ৰেখা ! সেউজীয়া চাবলৈ কলৈ যাম জীৱনৰ মাধুৰী চুবলৈ ক’ত পাম ক’ব পাৰে মাথোঁ অধিকাৰ প্ৰভূৰ কৃপাইহে জানা?…