Assamese Short stories

নিকৃষ্ট মানসিকতা

নিকৃষ্ট মানসিকতা

নিকৃষ্ট মানসিকতা নাজানো কিয় আজিকালি এনে হ'বলৈ ধৰিছে মোৰ লগত ! দুদিন আগলৈকে যি মোক সন্মানৰ দৃষ্টিৰে চাইছিল অথবা যিসকলে বোৱাৰী বুলি সমীহ কৰি চলিছিল , সেইসকল লোকৰো কিন্তু আজিকালি মোলৈ বুলি বহুত চিন্তা । সেয়া লাগিলে মোৰ দেওৰ সম্পৰ্কীয়ই হওঁক নতুবা শহুৰৰ বয়সৰে খূড়া সম্বোধন কৰা লোকেই হওঁক। মুঠতে আজিকালি মোক লৈ মোতকৈ বেছি এইসকলৰহে চিন্তl । অথচ , মই তেওঁলোকতকৈ আৰ্থিক দিশত আগবঢ়া , মোৰ দুটা সন্তানৰ সৈতে মোৰ জীৱনো এতিয়া অধিক ব্যস্ততাৰে ভৰা , তেনেক্ষেত্ৰত তেওঁলোকৰ মোলৈ বুলি এনে অনাহকতে চিন্তা কিয় ? ওহো , প্ৰকৃততে কোনেও কাৰো বাবে অনাহকতে চিন্তা নকৰে , এনে ভুৱা চিন্তাৰ আঁৰত…
Read More
ব্ৰাহ্মণকন্যা ৰ কৰুণ গাঁথা

ব্ৰাহ্মণকন্যা ৰ কৰুণ গাঁথা

ব্ৰাহ্মণকন্যাৰ কৰুণ গাঁথা ৰতি এগৰাকী ব্ৰাহ্মণ কন্যা । তাইৰ মাজত আচলতে ৰূপ অথবা গুণ কোনোটোৰে অকনো অভাৱ নাই , কিন্তু ৰূপ - গুণ দুয়োৰে অধিকাৰী হৈও তাই আজি পৰিত্যক্তা । প্ৰকৃততে , বহুজনৰ মতে এয়াই তাইৰ ভাগ্য , যি জনম লওঁতেই তাই লগত লৈ আহিছে । দূৰ্গেশ্বৰ শৰ্মাবৰদলৈৰ সৰু জী ৰতি । যাৰ জন্মই এনে ক্ষণত হৈছিল যে গণকৰদ্বাৰা বনোৱা জন্মপত্ৰিকাত তাইৰ ভবিষ্যতৰ সকলো ভালেই উল্লেখ আছিল । হওঁতেতো তাইৰ দেউতাকে নিজেই আন আন লোকৰ জনমপত্ৰিকা তৈয়াৰ কৰিছিল , কিন্তু নিজৰ ঘৰ বা পৰিয়ালৰলোকৰ এনেবোৰ কামৰপৰা তেওঁ সদায় দূৰত আছিল । অৱশ্যে , এই নিয়ম মুখে মুখেই চলি আহিছিল অতীজৰ…
Read More
সুনয়না তুমি

সুনয়না তুমি

সুনয়না তুমি উচ্চাকাংক্ষা , আত্মসন্মান আৰু আত্মবিশ্বাসে আজি সুনয়নাক এই ঠাইত উপনিত কৰাইছে । সৰুৰেপৰাই ভীষণ উচ্চকাংক্ষী আছিল সুনয়না , লাহে লাহে যিমানেই তাই ডাঙৰ হৈ আহিল সিমানেই তাইৰ দুচকুত এনে কিছু কথা - কাণ্ড ধৰা দিবলৈ ধৰিলে যে প্ৰথমাৱস্থাত কি কৰা উচিত তাই একো ঠিক কৰিব পৰা নাছিল । তেনেতেই এদিন তাইৰ হাতত পৰিল 'লজ্জা' নামৰ কিতাপখন । দুটামান পাঠ লুটিয়ায়েই তাইৰ ইমান ভাল লাগিল পঢ়ি যে অতি সোনকালেই গোটেইখন পঢ়ি শেষ কৰি পেলালে । তেতিয়াই তাই উপলদ্ধি কৰিলে , তাই ডাঙৰ হোৱাৰেপৰা যিবোৰ দেখি আহিছে সেইবোৰৰ পৰিসীমা বহুত ডাঙৰ , ই পৃথিৱীজুৰি আছে , গতিকে এইবোৰ কেৱল মাথো…
Read More
বিভক্তিকৰণ

বিভক্তিকৰণ

বিভক্তিকৰণ নুৰহঁতৰ ঘৰখন বিদ্বানলোকৰ ঘৰ । দেউতাক স্থানীয় হায়াৰ চেকেণ্ডৰী স্কুলৰ প্ৰধান শিক্ষক আছিল , মাক গৃহিনী , তেওঁ লিখা - মেলা কৰা মহিলা । নুৰৰ ককায়েক আৰু বায়েকো পঢ়া - শুনা কৰি আজি নিজৰ ভৰিত নিজে ঠিয় দিছে । ককায়েকেতো আজিকালি দেউতাকৰ স্কুলখনতে বিষয় শিক্ষক হিচাপে সোমোৱাৰেপৰা পুৱাৰপৰা বহুকেইটা বেটচ টিউচন কৰে । বায়েকক বিয়া দিলে , তাই অফীচ এটাৰ ক্লাৰিকেলৰ হেদ , অৱশ্যে তাইৰ এই চাকৰিতো বিয়াৰ বহুদিনৰ পিছতহে পাইছে । একেবাৰে সৰু হৈছে নুৰ , তাইহে পঢ়া - শুনাত ইমান আগবঢ়া নহয় । আচলতে তায়ো বায়েকৰ সমপৰ্য্যায়ৰে বুলিব পাৰি , কিন্তু গ্ৰেজুৱেচন কৰাৰ পিছতে নিজৰ মনৰ পচন্দৰ…
Read More
অবৈধ কলংক’ৰ সংজ্ঞা বিচাৰি……

অবৈধ কলংক’ৰ সংজ্ঞা বিচাৰি……

অবৈধ কলংক'ৰ সংজ্ঞা বিচাৰি : তই বৰ ভাল ছোৱালী পালি দেই , কি সুন্দৰ মাত - কথা , কি সুন্দৰ ব্যৱহাৰ , তাৰোপৰি ছোৱালীজনীৰ মুখখনো যেন কুণ্ডতহে কটা , দীঘল চুলিখিনি সামৰি কলডিলীয়া খোপাটি বান্ধি লৈ ডাঙৰকৈ ফোটটো লৈ ওলাই আহোতেই মই ধৰিব পাৰিলো , তোৰ ঘৰলৈ সাক্ষাৎ লক্ষিমী আহিল বুলি । —-- বুঢ়ী আইতা এজনীয়ে মুৰত হাত বুলাই দৰা অভিক ক'লে । আজি যিহেতু অভিহঁতৰ খোবা - খোবি , গতিকে গাঁৱৰ বুঢ়া - মখাই তাহাঁত দুয়োটাকে হিয়া উজাৰি আশীৰ্বাদ দি গ'ল । অভিৰ ঘৰৰপৰা বিদায় লৈ ঘূৰি যোৱা ভকতসকলৰ মাজতো প্ৰশংসাই শুনা গ'ল মাথো । : বুজিছা ৰমলা , এই…
Read More
মুখা

মুখা

মুখা : এই পাঁচমহীয়া গাত থকা মানুহজনীক মোহনে ইমানকৈ মৰিয়াইছে কিয় , কেনেবাকৈ পেটত দুখ পালে কোনো নাবাচে । নাই নাই মই এনেকৈ চাই থাকিলে নহ'ব , মানুহজনীক বচাওগৈ । মনতে কথাবোৰ পাগুলি মনে চাৰ্টটো পিন্ধি ওলাই যাবলৈ লৈছিল হে তেনেতে ঘৈনিয়েক মমীৰ সন্মুখীন হ'ল । : কি হ'ল ? ইমান খৰখেদাকৈ ক'ত যোৱা ? — মমীয়ে তাৰ খৰখেদা দেখিয়ে সুধিলে : এহ , এই মোহনটোক দুচাটমান দি আহোগৈ , চোৱাচোন কেনেকৈ গাভাৰী মানুহজনীক মাৰি আছে । —- মনে মমীলৈ চাই ক'লে আৰু ওলাই গ'ল খৰখেদাকৈ । : তুমি আন্ধাৰখনত ঘূৰি নুফুৰিবা । — সেয়া মনৰ সকিয়নি গেটৰ ওচৰৰপৰা ।…
Read More
জীৱনৰ জটিল অংক The Calculus of Life: Navigating the Complexities with Power

জীৱনৰ জটিল অংক The Calculus of Life: Navigating the Complexities with Power

জীৱনৰ জটিল অংক জীৱনত এনে কিছুমান সংযোগ ঘটে যাৰ কল্পনা আমাৰ বাবে সপোনৰো অগোচৰ হয় । এইযে ওপৰত এজন বহি আছে , তেৱোঁ এনে সংযোগৰ সৃষ্টি হ'ব বুলি চাগৈ কেতিয়াও ভবা নাছিল , কোটী কোটী জীৱৰ জীৱন গগনা কৰি থাকোতেই হয়টো এনে এক অদ্ভূত সংযোগৰ ৰচনা ঘটি যায় তেওঁৰো অজানিতেই । জন্ম - মৃত্যু - বিবাহৰ দ্বায়িত্ব হেনো এই সৰগত বহি থকাজনৰ হাততেই ন্যস্ত থাকে , তেনেহ'লে প্ৰেমো ইয়াৰ ব্যতিক্ৰম নহ'ব চাগৈ । আচলতে সকলো ঘটনা - পৰিঘটনাৰে আঁৰত থকা হাতখনেই হ'ল তেওঁৰ হাত , নহ'লেনো এনে এক অদ্ভূত - অসম্ভৱ সংযোগ সম্ভৱনে ! সাগৰ তীৰত বালিৰ ওপৰত বহি আছে…
Read More
বিশ্বাস – অবিশ্বাসৰ আঁৰত

বিশ্বাস – অবিশ্বাসৰ আঁৰত

বিশ্বাস - অবিশ্বাসৰ আঁৰত দহে নক'লেও মাকৰ মন , আইজনীৰ ষষ্ঠ ইন্দ্ৰিয়ই যেন কিবা ভয়ংকৰ অশনি সংকেতহে দি আছে অহৰ্নিশে , এনে লাগি থাকিল তাইৰ । হওঁতেতো ল'ৰাকণ মোমায়েকৰ ঘৰলৈহে গৈছে , তাকো নিজ ককাদেউতাকৰ লগত , ইপিনে আইজনীৰ মানুহজন বুধিন আজি দহদিনমানেই হ'ল , নৈ সিপাৰলৈ যোৱা , সিটো নৈখনৰ ইপাৰ - সিপাৰ কৰিয়েই থাকে , তথাপিও কিয় জানো তাইৰ অন্তৰাত্মা কপি আছে এইকেইদিন । এখন ভৰা ঘৰৰ বোৱাৰী আইজনী , শহুৰ - শাহু - দেওৰ - ননদেৰে ভৰি থকা ঘৰ তাইৰ । তাৰোপৰি তাইৰ নিজৰে দুজনীকৈ ছোৱালী আছে , এজনীয়ে এইবাৰ বহাগতে গাত কাপোৰ ল'লে , আনজনীয়েও কোনদিনা…
Read More
উপলব্ধি

উপলব্ধি

উপলব্ধি খেলিমেলি চিন্তাবিলাকে গীতিকাক আজিকালি হতাশ কৰে ৷ তেতিয়া ভাবে, কৰবাত তাই বেয়াকৈয়ে পৰাজিত হৈ গ’ল ৷ কিন্তু ক’ত কেনেকৈ হ’ল তাই ধৰিব নোৱাৰে ৷ অনুভৱে মাজে মাজে তাইক চঞ্চল কৰিও পেলায় ৷ বিক্ষিপ্ত অস্থিৰতাৰ মাজত যেনিবা এটা সত্য বিচাৰি পায়; তাইৰ দৃঢ়তা ৷ কিন্তু কিছুসময়ৰ বাবে ৷ পিছতেই আকউ অস্থিৰতা ৷ প্ৰকাশ কৰি পাতলাবলৈও নোৱাৰে তাই || উপলব্ধিয়ে এতিয়া জীৱনৰ পথিকৃৎ ৷ ক্ষন্তেকীয়া উন্মাদনাই প্ৰশস্ত কৰি তোলা তাইৰ নীৰৱ সত্বা ক্ৰমে হৈ উঠে মনুষ্যত্বৰ অনুভূতি ৰক্ষা কৰিব নোৱাৰা একো একোটা জঁকা ৷ সময়ৰ অৱবাহিকাত প্ৰেমৰ সুৰটিও সুদীৰ্ঘ সময়ৰ স্মৃতি হৈ গ’ল || জেইলৰ পৰা ওলোৱা সুব্ৰতক প্ৰথমবাৰ লগ পাওঁতেই…
Read More
উপহাৰৰ বোজা

উপহাৰৰ বোজা

উপহাৰৰ বোজা "পিতাই আজি আনিব পাৰিলি নে"? জীয়েক ৰূপালীৰ মাতটো যেন এডাল অজগৰহৈ মেৰিয়াই ধৰিলে বিনন্দৰ ভৰি দুখন, লৰচৰ কৰিব নোৱাৰাকৈ। সি থমকি ৰ'ল। জীয়েকৰ এটা সৰু আৰ্জি পূৰণ কৰিব নোৱাৰাৰ অপৰাধ বোধত বিনন্দৰ মূৰটো হাউলি পৰিল, চকুজুৰি থৰ লাগি ৰ'ল ঘৰটোৰ উৱলি যোৱা বেৰ খনৰ তলৰ অংশটোত। অলপ ৰৈ কি কম কি নকম বুলি ভাবি হাতত থকা বস্তু কেইপদৰ টোপোলাটো তাইৰ চকুলৈ নোচোৱাকৈ আগবঢ়াই দি কলে, " তহঁতে দেখিছ নহয়, এই এসপ্তাহ ৰঙালাউ কেইটা বেচিবৰ বাবে ৰাস্তাত উলিয়াই দিছোঁ আৰু সুমুৱাই থৈছোঁ মাত্ৰ। গ্ৰাহক নাই, বজাৰ নাই। টেঙা মৰা পাত কেইমুঠি বেছি যি সত্তৰ আশী টকা পাওঁ তাৰেই তেল,…
Read More