Golpo

উপহাৰৰ বোজা

উপহাৰৰ বোজা

উপহাৰৰ বোজা "পিতাই আজি আনিব পাৰিলি নে"? জীয়েক ৰূপালীৰ মাতটো যেন এডাল অজগৰহৈ মেৰিয়াই ধৰিলে বিনন্দৰ ভৰি দুখন, লৰচৰ কৰিব নোৱাৰাকৈ। সি থমকি ৰ'ল। জীয়েকৰ এটা সৰু আৰ্জি পূৰণ কৰিব নোৱাৰাৰ অপৰাধ বোধত বিনন্দৰ মূৰটো হাউলি পৰিল, চকুজুৰি থৰ লাগি ৰ'ল ঘৰটোৰ উৱলি যোৱা বেৰ খনৰ তলৰ অংশটোত। অলপ ৰৈ কি কম কি নকম বুলি ভাবি হাতত থকা বস্তু কেইপদৰ টোপোলাটো তাইৰ চকুলৈ নোচোৱাকৈ আগবঢ়াই দি কলে, " তহঁতে দেখিছ নহয়, এই এসপ্তাহ ৰঙালাউ কেইটা বেচিবৰ বাবে ৰাস্তাত উলিয়াই দিছোঁ আৰু সুমুৱাই থৈছোঁ মাত্ৰ। গ্ৰাহক নাই, বজাৰ নাই। টেঙা মৰা পাত কেইমুঠি বেছি যি সত্তৰ আশী টকা পাওঁ তাৰেই তেল,…
Read More
কেলেণ্ডাৰ

কেলেণ্ডাৰ

কেলেণ্ডাৰ:: পুৱা শুই উঠিয়েই বেৰত ওলমি থকা কেলেণ্ডাৰখনলৈ মন কৰিলে প্ৰয়াত শিক্ষক বিনন্দ চৌধুৰীৰ পত্নী অৱসাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অপৰ্না চৌধুৰী বাইদেউয়ে | এডাল নাল ভগা চশমা পিন্ধি লাহে লাহে কেলেণ্ডাৰৰ ওচৰলৈ আগুৱাই গ'ল অপৰ্না বাইদেউ | আনদিনাৰ দৰে আজিও ৰঙা চিয়াঁহীৰ কলমটোৰে কেলেণ্ডাৰত আজিৰ তাৰিখৰ চাৰিওপিনে এটা বৃত্ত আঁকিলে | প্ৰায় এমাহমান আগৰে পৰা এনেদৰে প্ৰত্যেক দিনা প্ৰতিটো তাৰিখৰ চাৰিওপিনে বৃত্ত এটা অঁকাটো তেওঁৰ যেন এক অভ্যাসত পৰিণত হৈছে | যিমানেই কেলেণ্ডাৰখনত ৰঙা বৃত্তবোৰৰ সংখ্যা বাঢ়িছেগৈ সিমানেই সেই নিদিৰ্ষ্ট তাৰিখৰ দিনো চমু চাপি আহিছে | তাৰ লগে লগে অপৰ্না বাইদেউৰ মনটো ফৰকাল হৈ গৈ আছে | হয়টো !! আজিয়েই দেখোন সেই…
Read More
ৰঙা ৰেখাডাল

ৰঙা ৰেখাডাল

ৰঙা ৰেখাডাল : আপুনি কিয় সেন্দুৰ নলয় শিৰত? এনেই ইমান ধুনীয়া, অকমাণ লগালে সোণত সুৱগা চৰে। : ক'ত দেখিলি তই সোণত সুৱগা চৰা? : আপোনাৰ শাশুড়ীৰ লগত এবাৰ বিয়া খাব গৈছিল যে...কিযে লাগিছিল! নিভাৰ আত্মবিভোৰ হৈ কোৱা কথাকেইটাই ইশানীক হহুৱালে। : কওকনা, কিয় নলগায়? : তই কিয় লগাৱ কচোন। : মানুহটোৰ দীৰ্ঘ জীৱন কামনা কৰি লগাও। আপুনি নকৰে? : ৰঙা ৰংগুড়িৰে মানুহৰ আয়ুস বঢ়াব পাৰি নেকি? মই বিশ্বাস নকৰোঁ। ঘৰুৱা সহায়িকা নিভাই আৰু কিবা সুধিব খুজিছিল, ইশানীয়ে সুযোগ নিদিলে। তাইৰ ব্যক্তিগত জীৱনত বাহিৰা মানুহ সোমাব খোজাটো তাইৰ বাবে অস্বস্তিকৰ। তাই ফোনটো কাণত লগাই আঁতৰি গ'ল। তাইৰ দৰে নিভাও নৱ বিবাহিতা।…
Read More
কালগ্রস্ত

কালগ্রস্ত

কালগ্রস্ত: ব্যস্ততাৰ পৃথিৱীত মানসীৰ যেন উশাহ ল'বলৈও আহৰি নাই, পৰা হ'লে যেন তাই এই কামটোও নকৰাকৈয়ে থাকিব বিচাৰিলে হয়।সেই বুজন হোৱাৰে পৰা তাই ব্যস্ত,চকুৰে দেখা মানুহখিনিক লৈ,হাতেৰে ঢুকি পোৱা মানুহখিনিৰ বাবে তাই ভীষণ ব্যস্ত।অৱশ্যে ব্যস্ততাৰ পৃথিৱীখনত তাইৰ এই পদক্ষেপ একান্তই নিজৰ পচণ্ডৰ।এই যে ৰাস্তাইদি গৈ থাকোঁতে লাখুটি লৈ খুপি খুপি খোজ কঢ়া মগনীয়াৰজনক ৰাস্তাটো পাৰ কৰাই দিয়া,ফুটপাথত অন্ধ মানুহজনৰ সন্মুখত থকা কাপোৰখনৰ ওপৰত সামৰ্থ্য অনুযায়ী কিবা এটা দি অহা,দোকানে,দোকানে ভিক্ষা মাগি ঘূৰি ফুৰা কণমানিকেইটাক কিবা এটা খাবলৈ দিয়া এইবোৰ যেন তাইৰ চকুত ধৰা দিয়া, তাইৰ অন্তৰ আত্মা তৃপ্ত কৰিব পৰা সৰু সৰু সুখৰ এক ভগ্নাংশ। ঘৰৰ মানুহবোৰে হাঁহে তাইক,সমনীয়াই ঠাট্টা…
Read More
আপোন মানুহ

আপোন মানুহ

আপোন মানুহ : এই আচম্বিত পৰিস্থিতিত জৰুৰ ভাৰতৰ হাত আছে । পাকিস্তানত আগতে এনেকুৱা বানপানী হোৱা নাই । সিন্ধুৰ নৈৰ গতিত খেলিমেলি লগাই পাকিস্তানক শ’লঠেকত পেলাব খুজিছে ভাৰতে । - খাদিমৰ কথাখিনিয়ে সঁচাই বিকিৰণত বিৰক্ত কৰিলে । এনকুৱা কেইবাটাও সন্ধিয়া সি আগতেও ভাৰতবিৰোধী কথা-বতৰাৰে বিষময় কৰি পেলাইছিল; আজিও কৰিলে । মানুহটো বিকিৰণৰ সমূলি হজম নহয় । ৰাজেশে অথবা মতিমৰাণেহে মাথোন তাক সদায় মাতে । ৰাজেশৰ যুক্তি, ইয়াত কাম কৰা সি একমাত্ৰ পাকিস্তানী । আমি যিহেতু চুবুৰীয়া, গতিকে বিদেশত আমি মিলি-জুলি থকা উচিত; বিদেশত আৰু কি মই ভাৰতীয়, তই পাকিস্তানী কৰি থাকিবলৈ আছে ! - হুঃ, বৰ মানৱতাবাদী ! মতিমৰাণৰো যুক্তি…
Read More
মাৰ্দাৰ

মাৰ্দাৰ

মাৰ্দাৰ এটি অনুসন্ধানমুলক ৰহস্য গল্প ৰচনা: দীপাংক শৰ্ম্মা (মতামত আগবঢ়ালে, অকনমান উৎসাহ পাম আগলৈ লিখিবলৈ ।) খবৰটো চহৰ খনত জুইৰ দৰে বিয়পি পৰিল । মৃত্যুঞ্জয় বৰুৱাৰ হত্যা । ৰাজ্যৰ প্ৰমুখ পলিটিকেল পাৰ্টী জনমুক্তি মঞ্চৰ মুখপাত্ৰ, যুবনেতা আৰু চহৰৰ এজন প্ৰখ্যাত ঠিকাদাৰ আছিল এই মৃত্যুঞ্জয় বৰুৱা । চহৰৰ মাজেদি বৈ যোৱা বীৰজৰা নদীৰ এখন দলংৰ কাষত তেওঁৰ গাড়ী খন ৰখাই থোৱা অবস্থাত পোৱা গৈছে । মৃতদেহ চালকৰ আসনত বহি থকা অবস্থাতেই আছে । মুৰত গুলীৰ চিন স্পষ্ট । সমগ্ৰ শৰীৰ আৰু গাড়ী খনৰ সমুখৰ ছিট তেজেৰে ৰাঙলী । হত্যাস্থলী এতিয়া পুলিছে আগুৰি ৰাখিছে । হত্যাস্থলীৰ প্ৰটিতো খুটিনাটী টুকি ৰখাত, পুলিছ ব্যস্ত…
Read More
Yam Raj in Quarantine (এক খুহুটীয়া গল্প)

Yam Raj in Quarantine (এক খুহুটীয়া গল্প)

Yam Raj in Quarantine  যমৰজাৰ জৰুৰী তলব । ৫ বজাৰ পৰা মিটিং । সকলো আহিব লাগে । যমলোকৰ সকলো আচৰিত । এনেকুৱা কি পৰিস্থিতি হ’ল যে যমৰজাই ততাতয়াকৈ মিটিং তলব কৰিব লগা হ’ল । ৰজাৰ হুকুম যেতিয়া যাবই লাগিব । চিত্ৰগুপ্তকে আদি কৰি সকলো উপস্থিত হ’লহি । কোনো পাতনি নেমেলাকৈয়ে যমৰজাই চিধাই চিত্ৰগুপ্তকে Charge কৰিলে – “চিত্ৰগুপ্ত, আপোনাক কিহে পাইছে । কোনো বাচবিচাৰ নোহোৱাকৈ গালে গালে কেছবোৰ আনি আছে যে মৰ্ত্যৰ পৰা । মোৰ ইয়াত over crowding   হোৱাৰ উপক্ৰম হৈছে । সেই সোপাক ভৰন পোষণ দিবলৈ ৰাজকোষৰ ধন নাটনি হোৱাৰ উপক্ৰম হৈছে । কি কাণ্ড হৈছে এইটো মোক  জৱাব লাগে…
Read More
মুড়ি

মুড়ি

মুড়ি :: আজি কল'নীৰ নতুন বাসিন্দা আৰোহী পাঠকৰ ঘৰত কল'নীৰ মহিলাসকলৰ কিটি পাৰ্টি। নতুন যদিও তাই আৰু গিৰিয়েকে চাকৰিত যোগদান কৰা ছমাহ হৈছে। আৰোহীক কাষৰ ফ্লেটৰ মন্জিমা বাইদেৱে ইতিমধ্যে তেওঁৰ ঘৰত হোৱা পাৰ্টিৰ দিনাই সকলোৰে লগত চিনাকি কৰাই দিছিল। মহিলা গোটটোত আৰোহীক জোৰ কৰি তেৱেঁই সুমুৱাই দিছিল। আৰোহীও গিৰিয়েকৰ দৰে চাহ বাগানখনৰ অভিযন্তা। বৰকৈ ইঘৰ সিঘৰ ফুৰিবলৈ যোৱাটো তাই ভাল নাপায়। কিন্তু 'অফিচাৰ্ছ ওৱাইভচ্' বোলা গোটটোত সন্মানৰ খাতিৰত সোমাই আছে। কিটি পাৰ্টি তাই ভাল নাপায়; সময় আৰু মেধাৰ অপচয় বুলি ভাৱে। তথাপি তিনিটামান পাৰ্টিত উপস্থিত আছিলগৈ। মুঠ দহগৰাকী মহিলা আৰোহীহঁতৰ লিভিং ৰূমত বহি গল্পত মছগুল। কাৰ্ডচ্ খেলিব অলপ পিছত। আৰোহী…
Read More
শ্ৰদ্ধয়া দেয়ম,অশ্ৰদ্ধয়া অদেয়ম

শ্ৰদ্ধয়া দেয়ম,অশ্ৰদ্ধয়া অদেয়ম

ঘৰখনলৈ বোৱাৰী হৈ অহা উপাসনাৰ প্ৰায় এবছৰেই হ'ল।এই এবছৰত বহুত নেদেখা ঠাই দেখিলে,বহু নজনা কথা জানিলে,বহু নকৰা কাম কৰিলে।অভিজ্ঞতাই শিকাই,জীৱন বৃত্তৰ চকৰিটো ঘূৰে,নোকোৱাকৈয়ে থাকি যায় বহু কথা,হৃদয়ত হাজাৰ ধুমুহাই কোবাই গ'লেও সংস্কাৰে বাধা দিয়ে বহু কথা হৃদয়তে ৰাখিবলৈ। কি নাই ঘৰখনত,ইঞ্জিনীয়াৰ স্বামী,প্ৰফেছৰ শহুৰ শাহু,মেডিকেল পঢ়ি থকা ডাক্তৰ প্ৰকৃতাৰ্থত এখন সুখৰ সংসাৰ,এটি সুখী পৰিয়াল।চালে চকু ৰোৱা কাৰুকাৰ্য খচিত এটি দালান,বৃহৎ আকাৰৰ গেটখনেদি সোমাই আহিলেই মন প্ৰাণ ভৰাই তোলা এখন সুন্দৰ বাগিচা,এখন সৰু সুৰা নাৰ্চাৰীয়েই।দামী দামী বস্তুৰে ভৰি থকা ড্ৰয়িং ৰুমটোৰ একোণত এটি পুথিভঁৰাল। মুঠতে এজন মানুহৰ সোমাইয়েই মোহি নিব পৰা ঘৰখনৰ পৰিবেশ।মাকহঁতৰ মুখত শুনি থকা ঘৰখনৰ কথা তাই বাস্তৱত দেখিছিল যিদিনা…
Read More
একাপ চাহৰ মিঠাখিনি

একাপ চাহৰ মিঠাখিনি

: মই লাহে লাহে মিঠা খোৱা কমাই দিম তনু। : হঠাৎ? : মোৰ দুজন বন্ধুক ডায়বেটিছে পালে। : বন্ধুৰ পৰা ডায়বেটিছৰ সংক্ৰমণ ঘটে বুলিচোন কেতিয়াও শুনা নাই! ফেমিলিত থাকিলেহে ...আৰু তুমিচোন মিঠাই নোখোৱাই! : জৰুৰী নহয় তনু। যিকোনো মানুহৰ যিকোনো বয়সত আৰু যিকোনো কাৰণত হ' ব পাৰে। মিঠাই এটা বাহানাহে। : মানে পাপা, ময়োতো মিঠাই নাখাও। তথাপি মোৰো হ'ব পাৰে? দহবছৰীয়া ৰিকুৱে পঢ়াৰ পৰাই মাত লগালে। : আৰু মোৰতো পাক্কা হ'ব। মাখিৰ দৰে মিঠাইৰ ওপৰতে পৰি থাকো নহয়। তনুশ্ৰীৰ ব্যঙ্গই অম্লানক ম্লান পেলাব নোৱাৰিলে। সি লাহে লাহে অভ্যাস গঢ়িলে চাহত চেনী কমাই খোৱা, মিঠা বস্তু একেবাৰে নোখোৱা। এদিন পায়সো পেলাই…
Read More