প্ৰেমৰ ভিন্ন ৰূপ

প্ৰেমৰ গল্প
: মই মাথো মোৰ চাকৰিৰ খাতিৰতহে ইয়াত আছো । নহ’লে আপুনিও জানে মই ঘৰ-বাৰী থকা মানুহ বুলি ।
—– প্ৰচণ্ড ক্ষোভত কৈ উঠিল কুঁকিয়ে কথাষাৰ ।
চকুৰে তাইৰ ধাৰাষাৰ চকুলো বাগৰি আহিল , দুখৰ শীতল বতাহজাকে তাইক পুনৰ এবাৰ জোকাৰিবলৈ ধৰিলে ।
: ময়ো জানো দিয়া তুমি এই জংঘলখনত কি বিচাৰি পাইছা ! দহে আহিবলৈ মন নকৰা ঠাইখনৰ পৰা তোমাৰ আকৌ যাবলৈ ইচ্ছা নাই , তাতে আকৌ ইয়াতেই নিগাজীকৈ বহিবলৈহে মন বান্ধিছা । —- দেবৰ কথাষাৰত তাই জোকাৰ খাই উঠিল পুনৰ এবাৰ, মানে স্কুলৰ কাষৰ মাটিডৰাৰ কথাও এইজনে গম পালে । সেয়ে পুৱাতেই ফোন কৰিছে । কিন্তু , কি দৰকাৰ এওঁৰ তাইৰ কি কৰিছে – তাইৰ পৰিকল্পনা কি তাৰ বিচাৰ ল’বলৈ ! তাইটো তেওঁৰ অধীন নহয় , নিজে ঘটিছে , জীৱনৰ কাইটীয়া বাটো তাই অকলেই বুলিছে।
তেনেক্ষেত্ৰত এইজনৰ কি দৰকাৰ তাইক সোধা – পোছা কৰিবলৈ ! এইবাৰ আগৰবাৰতকৈও কঠোৰ সুৰেৰে কৈ উঠিল তাই ——
: আপোনাৰ আৰু কিবা ক’ব আছে যদি মোৰ অফীচলৈ আহিব । —- এইবুলি ফোনটো কাটি কুঁকিয়ে দীঘল দীঘলকৈ উশাহ ল’বলৈ ধৰিলে । খং – ক্ষোভৰ ধাৰাষাৰ বৰষুণজাক দুচকুৰপৰা অহৰহ বৈয়ে থাকিল বহুপৰ তাইৰ ।
——————–
কুঁকি শইকীয়া , এগৰাকী সাহসী বন বিষয়া অসম – অৰুনাচলৰ সীমাৱবৰ্তী অতিকৈ পিছপৰা এই ঠাইখনৰ । য’ত নেকি এসময়ত উগ্ৰপন্থীৰ নৃত্য – নাটিকা চলিছিল ভৰ দূপৰতেই , স্থানীয় লোকৰো প্ৰাণ কঁপিছিল ঘৰৰ বাহিৰলৈ ওলাবলৈ । অৱশ্যে এতিয়া সেই বিভীষিকাময় পৰিবেশ নাই , আগৰ তুলনাত বহুতেই শান্ত বুলিব পাৰি , তথাপিও এগৰাকী মহিলা বিষয়াৰ বাবে সিমানো সুৰক্ষিত হৈ উঠা নাই যেন ঠাইখন । তাতে তাই এগৰাকী বন বিষয়া , যাৰ কৰ্মই বনাঞ্চলৰ লগত জড়িত । তথাপিও , সকলো প্ৰতিকূলতা নেওচি এইঠাইত চাকৰি কৰি তাই বহুত সুখী , বহুত সন্তুষ্ট তাই এতিয়া । কিয়নো এইখন ঠাইলৈ সেই তাঁহানিতেই জাগি উঠা তীব্ৰ আকৰ্ষণ এতিয়াও অলপো কমা নাই তাইৰ মনত । য’ত নেকি তাই নিজৰ মাক – দেউতাককেই সৈমান কৰাই থৈছে এনে ঠাইত চাকৰি কৰাত আপত্তি নদৰ্শাবলৈ , তেনেক্ষেত্ৰত এওঁ আকৌ কোন কুঁকি শইকীয়াক প্ৰশ্ন কৰিবলৈ ! তাই মাথো এইখন ঠাইৰ এজন বন বিষয়া , ইয়াতকৈ বেছি একো নহয় , একোৱেই নহয় । নিজকে নিজেই বিৰাট ফাঁকিপাত মাৰি সোঁভৰিৰে একচেলেটৰডাল হেচি দিলে বহুত জোৰেৰে তাই এইবাৰ ।
—————————
কুঁকিৰ অধীনত পৰা ঠাইডোখৰ কিন্তু সচাঁই অপূৰ্ব সুন্দৰ , য’ত নেকি পাহাৰ – ভৈয়ামৰ মিলন হৈছে, মিলন হৈছে ভিন্ন সৰু – বৰ জাতি – উপজাতিৰ , দুটা ভিন্ন মহৎ ধৰ্মৰ ধৰ্মীয় বিচাৰ – বিবেচনাৰ । ইয়াতেই হয়টো অসমৰ ভিতৰতে সূৰ্য্যৰ কিৰণো প্ৰথমতে পৰে দিনটোলৈ বুলি । সেউজীয়া পাহাৰৰ ওপৰেদি আকাশত ওলমি থকা দূৰৈৰ শুভ্ৰ হিমালয়ৰ অংশবিশেষে যেন সোণতে সুৱগাহে চৰাইছে । সকলো ঠিক তাইৰ দৰেই নহয় জানো ! তাইৰ ৰূপো জানো কোনোগুনে কম ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যককৈ , তাতে তাইৰ নিচা সনা আকৰ্ষণীয় দুনয়নে তাইক মানৱীৰ শাৰীত যেন ৰখাই নাই কোনোদিনে । সচাঁই দুয়োবিধ সৌন্দৰ্য্যৰ মাজত বৃহৎ পাথৰ্ক্য আছে যদিও কোন কাৰ ওচৰত হাৰিব বাৰু ! দুয়োটা সৌন্দৰ্য্যই নেদেখাজনৰ সুনিপুন সৃষ্টি মাথো , একেষাৰতে ক’বলৈ গ’লে এটা চকু চাট মাৰি ধৰা সৌন্দৰ্য্য জিলিকি থাকে অনবৰতে দুয়োৰে মাজত, মাথো এবিধ হ’ল প্ৰাকৃতিক সৌন্দৰ্য্য আৰু আনটো , আনটো এক দেৱীহেন মানৱীৰ সৌন্দৰ্য্য । কিন্তু নিজৰ এই অপৰূপ সৌন্দৰ্য্যক লৈ যেন উদাস এইগৰাকী মানৱী , লগতে যেন উদাস তেওঁ নিজৰ এই জীৱনক লৈয়ো । যাৰ দুচকুৱেই যেন কৈ যায় অপ্ৰাপ্তিৰ বহু যাতনাক । সচাঁই ঘন – দীঘল – ক’লা চুলিকোচাৰে সৈতে দহা বৰণৰ সেই চকুযুৰি , দেহৰ বৰণো গাখীৰ – সেন্দুৰৰ মিশ্ৰণ হেন , মিহিকৈ কণ্ঠৰে সুঠাম দেহাৰ গৰাকী এইগৰাকী অফীচাৰ , অথচ দ্বায়িত্ব পালনত অতিকৈ কঠোৰ , যেন এটা পুৰঠ কপাহহে তেওঁ , যাৰ বাহিৰখন কোমলতাৰে ভৰা অথচ ভিতৰত থকা তেওঁৰ মনটো কপাহৰ গুটিটোৰ দৰেই কঠিন । কুকিঁ শইকীয়া নামৰ এই বনবিষয়াগৰাকী যেন এক অতি জটিল সাঁথৰৰ সমষ্টিহে , অন্ততঃ অফীচৰ কৰ্মচাৰী আৰু স্থানীয় লোকে এনেদৰেই ভাবে । বহু পৰ অফীচৰ সেই নিৰ্দ্দিষ্ট ৰূমৰ খিৰিকীখনেৰে বাহিৰলৈ চাই ৰ’ল কুঁকি এইবাৰ । মনতে ভাবিলে দূৰৈৰ হিমালয়ৰ অংশবিশেষ চাই চাই , সচাঁই অপূৰ্ব এই ঠাইৰ সৌন্দৰ্য্য , অপূৰ্ব ইয়াৰ বৈশিষ্ট্য , সকলো অপূৰ্ব , সকলো , যাৰ ঝংকাৰে এবাৰ অন্তৰত খুন্দিয়াই গ’লে তাৰ প্ৰভাৱ ওৰে জীৱনৰ বাবে ৰৈ অন্তৰৰ নিভৃত কোণত ।
: বাইদেউ , আপোনাক লগ কৰিবলৈ এজন মানুহ আহিছে । —- পিয়নজনৰ মাতত থতমত খাই উঠিল কুঁকি , এইবাৰ নিজকে সাজু কৰি ল’লে পৰৱৰ্তী পৰ্য্যায়ৰ লগত মুখা মুখি হ’বলৈ । এটা সময় আছিল যেতিয়া তাই এনেবোৰ পৰিস্থিতিৰপৰা পলাই ফুৰিছিল, কিন্তু আজিকালি তাই এনে প্ৰতিকূল পৰিস্থিতিৰ লগত খেলা কৰে , এনে কঠোৰৰো কঠোৰ পৰিস্থিতিবোৰ তাইৰ বাবে আজি এক প্ৰত্যাহ্বানহে মাথো , একো একোটা সুন্দৰ প্ৰত্যাহ্বান । হয় , সময় সলনি হয় , মানুহ সলনি হয় , কুঁকিও মানুহ , তায়ো সলনি হ’ল । আগৰ ফুলকোমল কুঁকি এতিয়া এটা যেন পূৰঠ ফলহে, যাক চুই চাবলৈ দহে দহবাৰ ভাবিব লগীয়া হয় আজিকালি ।
———————
এইকেইদিন অফীচৰ কামৰ ব্যস্ততাই কুঁকিৰ অৱস্থা কাঢ়ি পেলাইছে । ব্যস্ততাৰ ওৰ পৰিলেই তাই যেন যাব অৰুনাচলী পাহাৰৰ বুকুৰপৰা নামি অহা নৈৰ কাষলৈ , বহি ৰ’ব পাৰতে বহুপৰ তাৰ শিলাময় দৃশ্য চাই চাই । কিন্তু কামৰ ওৰ পৰিলেহে যাব । তেনেতে এটা অচিনাকি নাম্বাৰ ভাহি উঠিল তাইৰ মোবাইলৰ স্ক্ৰীনত , তাই কামৰ মাজতেই ফোনটো ৰিচিভ কৰিলে , এটা পুৰুষ কণ্ঠস্বৰ ভাহি আহিল , শুনা মাত্ৰকে ধৰিব পাৰিলে কাৰ কন্ঠস্বৰ সেয়া । কেনেকৈনো পাহৰে তাই এই কণ্ঠস্বৰ ! ওহো , কেতিয়াও নাপাহৰে , প্ৰকৃততে পাহৰাৰ প্ৰশ্নই নাহে । কুঁকি পুনৰ সষ্টম হ’ল , গহীন হ’ল তাইৰ কোমল কণ্ঠস্বৰো
: হেল্ল’
: এতিয়া ভাল পাইছানে তুমি ? তোমাৰ ভৰিত গুলি লগাৰ কথা মই কালিহে গম পাইছো । আচলতে মই বাহিৰলৈ গৈছিলো , সেয়ে গম নাপাওঁ , কালি মণিয়ে কথাটো কোৱাতহে জানিলো । মই তোমাক আগতেই কৈছিলো , এইখন ঠাইত নিৰাপত্তা নাই । মই এতিয়াও কৈছো , যোৱাগৈ ইয়াৰ পৰা , এখন ভাল ঠাইৰ বিষয়া হৈ থাকাগৈ । —– দেবৰ মুখত এনে কথা শুনি কুঁকিৰ সুপ্ত ৰাগৰ যেন পুনৰ উদ্গিৰণ হ’ল , লগা লগ বহিঃপ্ৰকাশো ঘটিল ইয়াৰ —–
: চাওঁক , মোৰ ভৰিত গুলিটো নালাগি বুকুত লগা হ’লে মই অধিক সুখী হ’লোহেঁতেন , কিন্তু ……… —– কুঁকিৰ কথা শেষ হ’বলৈ নাপালেই , দেবে খঙত ক’লে —–
: কি যি টি বকি থাকাহে ? আচলতে তোমাৰ মুৰতোৱেই বেয়া হ’ল । হুঃ , চোৰাং চিকাৰীৰ গুলিত মৰিবলৈ আহে আকৌ !
: তেনেহ’লে কি আপোনাৰ গুলিত মৰিবলৈ ৰৈ থাকিম মই ? —– খং সকলোৰে থাকে , কুঁকিৰো আছে।
: মুঠতে মই এটাই কওঁ তোমাক , যোৱাগৈ ইয়াৰ পৰা । — দেবৰ মাতো কঠোৰ হৈ পৰিল এইবাৰ ।
: ওহো , ভুলতো নাভাবিব মই এই ঠাই ত্যাগ কৰিম বুলি। মই ইয়াৰপৰা যাবলৈ অহা নাই , অৱশ্যে চাকৰিৰ নিয়মৰ খাতিৰত জীৱনৰ কেইটামান বছৰ হয়টো মই আন ঠাইতো থাকিব লাগিব , কিন্তু মোৰ শেষ ঠিকনা সদায় এয়াই হ’ব সেয়াও মনত ৰাখি থ’ব । —– কুঁকিৰ মুখত চিধা কথা
: চোৱা তোমাক মই অনুৰোধ কৰিছো , ইয়াত থাকিলে তোমাৰ একো ভাল নহয় —- এইবাৰ দেবৰ মাতটো কুমলিল এইবাৰ
: কিয় ক’লে আপুনি , মোৰ ইয়াত একো ভাল নহয় বুলি ? কিয় ক’লে , কিয় ??? — কুকিঁ চিঞঁৰি উঠাদি উঠিল এইবাৰ , তাইৰ দুচকুৰে যেন অগ্নিহে বৰষিব ।
: চাওঁক মিঃ দেবব্ৰত বৰা , মই ভালদৰেই জানো কি কৰা উচিত কি কৰা অনুচিত । আপোনাৰ হয়টো ভুল হৈছে , এয়া আপোনাৰ অতিকৈ চিনাকী কোনো লোক নহয় , আপোনাৰ চিনাকিজনৰ কেতিয়াবাই মৃত্যু হৈছে। এতিয়া যাক দেখিছে সেয়া একেবাৰেই এক নতুন সত্বা। আৰু এটা কথা কওঁ , কোনেও যাতে চিন্তা নকৰে , পৰক দুখ দি চখ পূৰোৱা মানুহ মই অন্ততঃ নহয় , পৰৰ সুখত সুখী হোৱা মানুহহে এই কুঁকি শইকীয়া । ——- এইবাৰ কুঁকি উচুপি উঠিল , যাৰ ধ্বনিৰ অংশ মোবাইলৰ সিপাৰে থকাজনৰো কৰ্ণগোচৰ নোহোৱাকৈ নাথাকিল । কুঁকিৰ উচুপনিত দেৱৰ মনৰ সুপ্ত বেদনাৰ বান্ধ যেন খোল খাব ধৰিলে , বিবেকে তাক পুনৰ দংশি গ’ল এইবুলি “ চা দেৱ চা , তই কাক হেৰুৱালি ! যিজনী ছোৱালীয়ে কেৱল মাথো তোক চাই থাকিবৰ বাবেই চহৰীয়া জীৱন , লাস – বিলাসিতা সকলো এৰিব পাৰে, তই তাইকেই ত্যাগ কৰি কি উপকাৰ কৰিলি তাইৰ ওপৰত ! তোৰ সমান মূৰ্খ হয়টো এই পৃথিৱীতে নোলাব দ্বিতীয় এটা । তই মনুষ্যৰ নামত কলংক দেৱ , কলংক।“ —- দেৱৰ আঙুলিৰ হেচাঁত কেতিয়ানো ফোনটো কাট খাই গ’ল সি গমেই নাপালে । এটোপ উত্তপ্ত চকুলো আহি তাৰ হাতত পৰিলেহি ।
( ক্ৰমশঃ )
By