ধাৰাবাহিক

প্ৰেমৰ ভিন্ন ৰূপ

প্ৰেমৰ ভিন্ন ৰূপ

: মই মাথো মোৰ চাকৰিৰ খাতিৰতহে ইয়াত আছো । নহ'লে আপুনিও জানে মই ঘৰ-বাৰী থকা মানুহ বুলি । —-- প্ৰচণ্ড ক্ষোভত কৈ উঠিল কুঁকিয়ে কথাষাৰ । চকুৰে তাইৰ ধাৰাষাৰ চকুলো বাগৰি আহিল , দুখৰ শীতল বতাহজাকে তাইক পুনৰ এবাৰ জোকাৰিবলৈ ধৰিলে । : ময়ো জানো দিয়া তুমি এই জংঘলখনত কি বিচাৰি পাইছা ! দহে আহিবলৈ মন নকৰা ঠাইখনৰ পৰা তোমাৰ আকৌ যাবলৈ ইচ্ছা নাই , তাতে আকৌ ইয়াতেই নিগাজীকৈ বহিবলৈহে মন বান্ধিছা । —- দেবৰ কথাষাৰত তাই জোকাৰ খাই উঠিল পুনৰ এবাৰ, মানে স্কুলৰ কাষৰ মাটিডৰাৰ কথাও এইজনে গম পালে । সেয়ে পুৱাতেই ফোন কৰিছে । কিন্তু , কি দৰকাৰ…
Read More
চেন্নাইত চাৰিমাহ

চেন্নাইত চাৰিমাহ

চেন্নাইৰ কনমানি ফ্লেটটোত মই মোৰ ল'ৰাটোৰ লগত বাস কৰিলো চাৰিটা মাহ । তাত মোক কামত সহায় কৰিবলৈ কোনো সহায়কাৰী নাছিল , নাছিল কথা পাতিব পৰা কোনো প্ৰতিবেশীও । অথচ তাত মই মোৰ তিনিখনকৈ শ্লীপদ দিক্চ লৈ সকলো কাম কৰিছিলো। অৱশ্যে কাপোৰ কানি ধোৱা মেচিনতেই হৈছিল , ২৪টা ঘণ্টাই পানী উপলদ্ধ আছিল বাবে পানীৰ সমস্যাৰপৰা সম্পূৰ্ণ মুক্ত আছিলো । আমাৰ শোৱা আৰু উঠা দুয়োটাই পলম হৈছিল তেতিয়া অসমতকৈয়ো , যিহেতু মোৰো ৰুটিনখন ল'ৰাৰ লগত মিলি গৈছিল সেয়ে । পুৱাই তাক জগাও মই , সি পাঁচ মিনিট সময় লয় সদায়ৰ দৰেই , তাৰ পাছত ব্ৰাছ কৰি বাথৰুম গৈ সি ৰেদি হয় তাৰ…
Read More
মাৰ্দাৰ

মাৰ্দাৰ

মাৰ্দাৰ এটি অনুসন্ধানমুলক ৰহস্য গল্প ৰচনা: দীপাংক শৰ্ম্মা (মতামত আগবঢ়ালে, অকনমান উৎসাহ পাম আগলৈ লিখিবলৈ ।) খবৰটো চহৰ খনত জুইৰ দৰে বিয়পি পৰিল । মৃত্যুঞ্জয় বৰুৱাৰ হত্যা । ৰাজ্যৰ প্ৰমুখ পলিটিকেল পাৰ্টী জনমুক্তি মঞ্চৰ মুখপাত্ৰ, যুবনেতা আৰু চহৰৰ এজন প্ৰখ্যাত ঠিকাদাৰ আছিল এই মৃত্যুঞ্জয় বৰুৱা । চহৰৰ মাজেদি বৈ যোৱা বীৰজৰা নদীৰ এখন দলংৰ কাষত তেওঁৰ গাড়ী খন ৰখাই থোৱা অবস্থাত পোৱা গৈছে । মৃতদেহ চালকৰ আসনত বহি থকা অবস্থাতেই আছে । মুৰত গুলীৰ চিন স্পষ্ট । সমগ্ৰ শৰীৰ আৰু গাড়ী খনৰ সমুখৰ ছিট তেজেৰে ৰাঙলী । হত্যাস্থলী এতিয়া পুলিছে আগুৰি ৰাখিছে । হত্যাস্থলীৰ প্ৰটিতো খুটিনাটী টুকি ৰখাত, পুলিছ ব্যস্ত…
Read More
অৰ্ণৱ হোৱাৰ বাসনাত

অৰ্ণৱ হোৱাৰ বাসনাত

অৰ্ণৱ হোৱাৰ বাসনাত আগকথা: JEC ৰ অৰ্ণৱ আৰু আস্থাৰ সমান্তৰাল ভাৱে চলা এটা কাহিনী। খণ্ড - ১ বাপুকনৰ ক্ৰাছজনীয়ে ফেচবুকত দুদিনমানৰ পৰা কেৱল অৰ্ণৱৰ কথা কৈ থকা দেখি ঘটনাৰ সকলো ৰহস্য উদঘাটন কৰি সি এবাৰতে পঢ়ি পেলালে JEC ৰ ১৯ টা পাৰ্ট । পঢ়ি উঠিয়েই বাপুকনৰ মনতো জাগ্ৰত হ'ল অৰ্ণৱ হোৱাৰ তীব্ৰ বাসনা । ৰুমমেটৰ বিচনাত পৰি থকা চিগাৰেট এটা সি জ্বলাই ল'লে । লগা লগ কাহত চকু ৰঙা পৰি গ'ল । পাবজীত ব্যস্ত ৰুমমেট সিদ্ধাৰ্থ‌ই খুউৱ কমেই বাহিৰৰ পৃথিৱীখনৰ খৱৰ ৰাখে যদিও নিজৰ ভাগৰ চিগাৰেটো নষ্ট কৰাই সি হেডফোন আঁতৰাই চিঞৰি উঠিল । ইফালে চিগাৰেটৰ ধোঁৱা গলত ধৰি বাপুকনৰ…
Read More
গৰমৰ বন্ধ

গৰমৰ বন্ধ

খণ্ড ১ স্কুলৰ গৰমৰ বন্ধত যেনেদৰে ল'ৰা ছোৱালীবোৰৰ মনবোৰ উৰণীয়া আৰু চঞ্চল হৈ থাকে আৰু মামাকৰ ঘৰ, মাহিৰ ঘৰ, ঘাই ঘৰ ইত্যাদিত ফুৰিবলৈ যোৱাৰ প্ৰবল ইচ্ছা থাকে ঠিক তেনেদৰে টিটু আৰু পুতুলৰো ইচ্ছাৰ অন্ত নাই। কিন্তু ইহঁতৰ প্ৰজাতিটো অলপ ব্যত্তিক্ৰম। কাৰন‌ ইহঁত হ'ল হোষ্টেলত থাকি পঢ়া ল'ৰা ।গতিকে ওঁঠ টিপিলে গাখীৰ ওলোৱা বয়সতে ইহঁতে বয়সতকৈ ডাঙৰ হোৱা বুলি এক স্বঘোষিত আন্দোলন গঢ়ি তুলিছিল নিজ পৃথিৱীখনত। তাৰে পৰিণাম আৰু আত্মবিশ্বাস স্বৰূপে সিহঁতে সম্বন্ধীয় সকলৰ ঘৰত ফুৰিবলৈ যোৱাটো এইবাৰ বন্ধত পৰিহাৰ কৰি এক বেলেগ ধৰণৰ ৰোমাঞ্চকৰ যাত্ৰাৰ বাবে কেইদিনমানৰ পৰা নিজকে প্ৰস্তুত কৰি তুলিছিল। অৱশেষত সেই দিনটো চমু চাপি অহাত সিহঁতৰ কিশোৰৰ…
Read More
এটা  নিষিদ্ধ কোঠালী

এটা নিষিদ্ধ কোঠালী

খণ্ড ১ ৰুমতোৰ কাষেৰেই দীঘলীয়া কৰিড'ৰতো লাহেকৈ দুৱাৰখন ঠেলি ওলাই আহিল উদ্দীপ্তা পিন্ধনত পাটল গোলপীয়া ৰঙৰ কটন সূতাৰ নতুন মেখেলা চাদৰ, সৰুৰে পৰাই মৰমত ডাঙৰ হোৱা ঘৰৰ একমাত্ৰ ছোৱালীজনী মেখেলা চাদৰ পিন্ধা এইয়া জীৱনৰ প্ৰথম অভিজ্ঞতা তাইৰ । বিয়াৰ পিছত সেইদিনা স্বামীৰ ঘৰত প্ৰথম দিন উদ্দীপ্তাৰ, ঘৰত দিনৰ ৮/৯ বজালৈ শুই শুই মাক দেউতাকৰ গালি খাইয়ো কেৰেপ নকৰা আলাসতেই ডাঙৰ হোৱা ছোৱালীজনী সেইদিনা ৰাতিপুৱা চাৰে চাৰি মান বজাতেই উঠি নতুন ঘৰখনৰ আচ বাব বোৰ চাই থাকোতেই কিছু পৰ তেনেকৈয়ে খেদিলে । বিয়া ঘৰ আলহীয়ো বহুত তাকেই ভাবি উদ্দীপ্তায়ে গাঁতো ধুই আহি লাহেকৈ শাহুয়েকক মাত লগালে "মা",, তেতিয়া ৰণ কোনতো কোঠালীত…
Read More
এই প্ৰেম নিষিদ্ধ কিয়

এই প্ৰেম নিষিদ্ধ কিয়

১ শৈশৱৰ লগৰী তুমি নাম তোমাৰ অনামিকা, কৈশোৰতে আহি তুমি মোৰ মনৰ গভীৰ সেই নিৰ্দ্দিষ্ট কোণত আসন পাৰিলা। একো ভাবিবলৈ একো চিন্তা কৰিবলৈ তুমি যে সময়েই নিদিলা, তোমাৰ সেই আসনত আনক আদৰি বহিবলৈ দিবলৈ দহে পৰামৰ্শ দিলেও, মোৰ মনে নামানে যে সেই কথা, কিয়নো সেই আসনখন যে তুমি মাথো তোমাৰ বাবেহে পাৰিছিলা। অজানিতে তুমিও সেই আসনতে আহি বহি ল'লা, য'ত মোৰ অবুজন মনে অজানিতে দিছিল তোমাক মোৰ সম্পূৰ্ণ ভালপোৱা।। অৰ্ণৱে ডায়েৰী এখনৰ পাতত লিখা কবিতাটো পঢ়ি চালে , মনটো তাৰ ভাল লাগি আহিল , মনতে ভাবিলে , এই কবিতাটোৰ প্ৰতিটো শব্দ যেনেকৈ সত্য তেনেকৈয়ে তাৰ মনত অনামিকালৈ বুলি থকা প্ৰেমো…
Read More
আৰোহী ৱেডচ আৰুব্ধ

আৰোহী ৱেডচ আৰুব্ধ

প্ৰথম ভাগ কাহিনীবোৰ এনেকুৱাই।কেতিয়া ক'ৰ পৰা আৰম্ভ হয় আৰু ক'ত শেষ হয় কোনেও ক'ব নোৱাৰে।বৰ্তমান কেতিয়া অতীত হয় আৰু অতীত কেতিয়া বৰ্তমান হয় কোনেও ক'ব নোৱাৰে। অদৃষ্টৰ হাতৰ লিখনীত আমি মাথো নিমিত্তহে। কথাবোৰে মনত দোলা দি থাকোতেই গৃহস্থৰ মাততহে সম্বিত ঘূৰাই পালে স্বাতীয়ে। "ওলাই হ'লনে?বহুত দূৰ যাবলগা আছে, সোনকাল কৰা।" এৰা,বহু দূৰ, বহু দিনৰ অপেক্ষাৰ অন্তত আজিৰ দিনটো।স্বাতীৰ চকুত আজিও জীৱন্ত সেই কথাবোৰ।কথাবোৰ মনতে ভাবি ভাবি লৰালৰিকৈ গাড়ীত উঠিল স্বাতী।এই যাত্ৰা বহুদূৰলৈ গুৱাহাটীৰ পৰা যোৰহাট।গৃহস্থৰ কোম্পানীৰ ছুটী পাব নাপাব দোধোৰ মোধোৰ অৱস্থাৰ মাজতে শেষ সময়ত সকলো থিক কৰি সিহঁতৰ এই লৰালৰি।লৰালৰি বেলেগ একোৰে নহয়,এখন বিয়াৰ।যিখন বিয়াৰ সপোন সিহঁতে দেখিছিল একেলগে।নিজৰ…
Read More