12
Jul
১ শৈশৱৰ লগৰী তুমি নাম তোমাৰ অনামিকা, কৈশোৰতে আহি তুমি মোৰ মনৰ গভীৰ সেই নিৰ্দ্দিষ্ট কোণত আসন পাৰিলা। একো ভাবিবলৈ একো চিন্তা কৰিবলৈ তুমি যে সময়েই নিদিলা, তোমাৰ সেই আসনত আনক আদৰি বহিবলৈ দিবলৈ দহে পৰামৰ্শ দিলেও, মোৰ মনে নামানে যে সেই কথা, কিয়নো সেই আসনখন যে তুমি মাথো তোমাৰ বাবেহে পাৰিছিলা। অজানিতে তুমিও সেই আসনতে আহি বহি ল'লা, য'ত মোৰ অবুজন মনে অজানিতে দিছিল তোমাক মোৰ সম্পূৰ্ণ ভালপোৱা।। অৰ্ণৱে ডায়েৰী এখনৰ পাতত লিখা কবিতাটো পঢ়ি চালে , মনটো তাৰ ভাল লাগি আহিল , মনতে ভাবিলে , এই কবিতাটোৰ প্ৰতিটো শব্দ যেনেকৈ সত্য তেনেকৈয়ে তাৰ মনত অনামিকালৈ বুলি থকা প্ৰেমো…