Mrigendra Narayan Konwar

গৰমৰ বন্ধ

গৰমৰ বন্ধ

খণ্ড ১ স্কুলৰ গৰমৰ বন্ধত যেনেদৰে ল'ৰা ছোৱালীবোৰৰ মনবোৰ উৰণীয়া আৰু চঞ্চল হৈ থাকে আৰু মামাকৰ ঘৰ, মাহিৰ ঘৰ, ঘাই ঘৰ ইত্যাদিত ফুৰিবলৈ যোৱাৰ প্ৰবল ইচ্ছা থাকে ঠিক তেনেদৰে টিটু আৰু পুতুলৰো ইচ্ছাৰ অন্ত নাই। কিন্তু ইহঁতৰ প্ৰজাতিটো অলপ ব্যত্তিক্ৰম। কাৰন‌ ইহঁত হ'ল হোষ্টেলত থাকি পঢ়া ল'ৰা ।গতিকে ওঁঠ টিপিলে গাখীৰ ওলোৱা বয়সতে ইহঁতে বয়সতকৈ ডাঙৰ হোৱা বুলি এক স্বঘোষিত আন্দোলন গঢ়ি তুলিছিল নিজ পৃথিৱীখনত। তাৰে পৰিণাম আৰু আত্মবিশ্বাস স্বৰূপে সিহঁতে সম্বন্ধীয় সকলৰ ঘৰত ফুৰিবলৈ যোৱাটো এইবাৰ বন্ধত পৰিহাৰ কৰি এক বেলেগ ধৰণৰ ৰোমাঞ্চকৰ যাত্ৰাৰ বাবে কেইদিনমানৰ পৰা নিজকে প্ৰস্তুত কৰি তুলিছিল। অৱশেষত সেই দিনটো চমু চাপি অহাত সিহঁতৰ কিশোৰৰ…
Read More