এই প্ৰেম নিষিদ্ধ কিয়

🌹🌹

শৈশৱৰ লগৰী তুমি

নাম তোমাৰ অনামিকা,

কৈশোৰতে আহি তুমি মোৰ মনৰ গভীৰ সেই নিৰ্দ্দিষ্ট কোণত

আসন পাৰিলা।

একো ভাবিবলৈ

একো চিন্তা কৰিবলৈ

তুমি যে সময়েই নিদিলা,

তোমাৰ সেই আসনত আনক আদৰি

বহিবলৈ দিবলৈ দহে পৰামৰ্শ দিলেও,

মোৰ মনে নামানে যে সেই কথা,

কিয়নো সেই আসনখন যে

তুমি মাথো তোমাৰ বাবেহে পাৰিছিলা।

অজানিতে তুমিও সেই আসনতে আহি বহি ল’লা,

য’ত মোৰ অবুজন মনে অজানিতে দিছিল

তোমাক মোৰ সম্পূৰ্ণ ভালপোৱা।।

অৰ্ণৱে ডায়েৰী এখনৰ পাতত লিখা কবিতাটো পঢ়ি চালে , মনটো তাৰ ভাল লাগি আহিল , মনতে ভাবিলে , এই কবিতাটোৰ প্ৰতিটো শব্দ যেনেকৈ সত্য তেনেকৈয়ে তাৰ মনত অনামিকালৈ বুলি থকা প্ৰেমো এক ধ্ৰুৱসত্য । যিজনী ছোৱালীক সি সৰুৰেপৰা পুতলাহেন দেখি মৰম কৰি আহিছিল , সৰু – বৰ হাজাৰ কাজিয়াৰ অন্ততো যাক মৰমেৰে বুজাইছিল , নিজৰ সকলো খেলা বস্তু দি তাৰ সৈতে পুনৰ খেলিবলৈ যাক সৈমান কৰাইছিল , একেলগে খাইছিল , একেলগে শুইছিল , একেলগে স্কুললৈয়ো গৈছিল, তেতিয়াটো তাৰ কুমলীয়া মনটোৱে ধৰিব পৰা নাছিল , তাইৰ প্ৰতি থকা তাৰ এই আবেগ যে আনতকৈ বহু সুকীয়া । কিমান মাৰ – পিট চলিছিল তাহাঁতৰ মাজত , কিমান নমতা – নমতিও হৈছিল , কিন্তু তাহাঁতৰ এই সকলোবোৰ কাজিয়া কচুপাতৰ পানীৰ লেখীয়াহে আছিল , সেইসময়ত তাঁহাতৰ শিশু সুলভ মনত এইবোৰে বেছি পৰ টিকিবই নোৱাৰিছিল , পুনৰ দুয়োটাৰ মাজত মাত – বোল হৈছিল , পুনৰ খেলিছিল দুয়োটাই একেলগে । কিমান যে সুন্দৰ আছিল সেই দিনবোৰ, অৰ্ণৱে ভাবে এতিয়া , এক স্বৰ্গভূমিতহে যেন বাস কৰিছিল তেতিয়া তাহাঁতি , কোনো চিন্তা নাছিল , কোনো অভাৱো নাছিল , একো কৰিবলগীয়া কামো নাছিল , মাথো আছিল খেলা পঢ়া খেলা , সেয়ে হয়তো শৈশৱক ‘ সোণালী শৈশৱ ‘ বুলি কোৱা হয় , সি এইবাৰ খুলি থোৱা খিৰিকিখনেৰে দূৰলৈ চাই পঠিয়ালে , মনটোত তেতিয়াও শৈশৱৰ সোঁৱৰণীয়ে আবৰি ধৰি থাকিল । সকলোটো ঠিকেই আছিল , অনামিকা তাৰ সম্পৰ্কীয় আছিল যদিও সম্পৰ্কৰ বহু আগত তাই তাৰ বা সি তাইৰ অন্তৰংগ বন্ধু আছিল , বহুদিনৰ পিচতহে সিহঁতৰ ফুলকুমলীয়া মন দুটাই জানিছিল যে সিহঁত দূৰ সম্পৰ্কীয়ও। কিন্তু ক্লাছ চিক্চতে দুয়োটাৰ এৰা – এৰি হ’ল , দুয়ো দুখন বেলেগ জিলাৰ নবোদয় স্কুলৰ ছাত্ৰ – ছাত্ৰী হৈ পৰিল । ফলত দূৰত্ব আহিল দুয়োৰে মাজলৈ , তথাপিও বন্ধত ঘৰলৈ আহোতে দুয়ো লগ হৈছিল , নেখেলিলেও ঘণ্টা – ঘণ্টা ধৰি কথা পাতিছিল , কিন্তু যেতিয়া অনামিকাহতঁৰ ঘৰখনেই টাউনলৈ উঠি গ’ল , তেতিয়াৰ পৰা ইটোৱে সিটোক একেবাৰে নেদেখা হ’ল , মনত পৰিলেও কোনো যোগাযোগ কৰিব নোৱাৰা হ’ল , মাথো সি ঘৰলৈ আহিলে তাহাঁতৰ লেণ্ড ফোনটোৰপৰা কেতিয়াবা তাঁহাতৰ ঘৰলৈ ফোন কৰে , কিন্তু বেছি ভাগতে তাইক ফোনত নাপায়, সেয়ে লাহে – লাহে সি ফোনো নকৰা হ’ল । এইদৰেই দুটা নলে – গলে লগা বন্ধুৰ মাজত ক্লাছ এইটৰ পৰা একেবাৰে যোগাযোগ নাইকিয়া হৈ পৰিল , কিন্তু সিহঁতৰ এই অকৃত্ৰিম বন্ধুত্ব ইমানতে অন্ত পৰাটো হয়টো ঈশ্বৰেও বিচৰা নাছিল , সেয়ে হয়টো সিঁহতি পুনৰ দেখা – দেখি হয়গৈ সহপাঠী হিচাপে । কিন্তু , তেতিয়া তাহাঁতৰ মাজৰ এই বান্ধোন যেন বন্ধুত্বতে সীমাবদ্ধ হৈ নাথাকিল , সময়ৰ গতিত ই প্ৰেমলৈ ৰূপান্তৰিত হৈ পৰিল , কিন্তু এই পৰিঘটনা দুয়োৰে জাগ্ৰত মনত অজানিতেই হৈ পৰিল , কোনোটোৱে গমেই নাপালে ।

✍ উজ্জলা নীতা বৰদলৈ

By