Assamese Love story

আপোন মানুহ

আপোন মানুহ

: এই আচম্বিত পৰিস্থিতিত জৰুৰ ভাৰতৰ হাত আছে । পাকিস্তানত আগতে এনেকুৱা বানপানী হোৱা নাই । সিন্ধুৰ নৈৰ গতিত খেলিমেলি লগাই পাকিস্তানক শ’লঠেকত পেলাব খুজিছে ভাৰতে । - খাদিমৰ কথাখিনিয়ে সঁচাই বিকিৰণত বিৰক্ত কৰিলে । এনকুৱা কেইবাটাও সন্ধিয়া সি আগতেও ভাৰতবিৰোধী কথা-বতৰাৰে বিষময় কৰি পেলাইছিল; আজিও কৰিলে । মানুহটো বিকিৰণৰ সমূলি হজম নহয় । ৰাজেশে অথবা মতিমৰাণেহে মাথোন তাক সদায় মাতে । ৰাজেশৰ যুক্তি, ইয়াত কাম কৰা সি একমাত্ৰ পাকিস্তানী । আমি যিহেতু চুবুৰীয়া, গতিকে বিদেশত আমি মিলি-জুলি থকা উচিত; বিদেশত আৰু কি মই ভাৰতীয়, তই পাকিস্তানী কৰি থাকিবলৈ আছে ! - হুঃ, বৰ মানৱতাবাদী ! মতিমৰাণৰো যুক্তি একেই ।…
Read More
মাৰ্দাৰ

মাৰ্দাৰ

এটি অনুসন্ধানমুলক ৰহস্য গল্প ৰচনা: দীপাংক শৰ্ম্মা (মতামত আগবঢ়ালে, অকনমান উৎসাহ পাম আগলৈ লিখিবলৈ ।) খবৰটো চহৰ খনত জুইৰ দৰে বিয়পি পৰিল । মৃত্যুঞ্জয় বৰুৱাৰ হত্যা । ৰাজ্যৰ প্ৰমুখ পলিটিকেল পাৰ্টী জনমুক্তি মঞ্চৰ মুখপাত্ৰ, যুবনেতা আৰু চহৰৰ এজন প্ৰখ্যাত ঠিকাদাৰ আছিল এই মৃত্যুঞ্জয় বৰুৱা । চহৰৰ মাজেদি বৈ যোৱা বীৰজৰা নদীৰ এখন দলংৰ কাষত তেওঁৰ গাড়ী খন ৰখাই থোৱা অবস্থাত পোৱা গৈছে । মৃতদেহ চালকৰ আসনত বহি থকা অবস্থাতেই আছে । মুৰত গুলীৰ চিন স্পষ্ট । সমগ্ৰ শৰীৰ আৰু গাড়ী খনৰ সমুখৰ ছিট তেজেৰে ৰাঙলী । হত্যাস্থলী এতিয়া পুলিছে আগুৰি ৰাখিছে । হত্যাস্থলীৰ প্ৰটিতো খুটিনাটী টুকি ৰখাত, পুলিছ ব্যস্ত ।…
Read More
Jam Raj in Quarantine (এক খুহুটীয়া গল্প)

Jam Raj in Quarantine (এক খুহুটীয়া গল্প)

যমৰজাৰ জৰুৰী তলব । ৫ বজাৰ পৰা মিটিং । সকলো আহিব লাগে । যমলোকৰ সকলো আচৰিত । এনেকুৱা কি পৰিস্থিতি হ’ল যে যমৰজাই ততাতয়াকৈ মিটিং তলব কৰিব লগা হ’ল । ৰজাৰ হুকুম যেতিয়া যাবই লাগিব । চিত্ৰগুপ্তকে আদি কৰি সকলো উপস্থিত হ’লহি । কোনো পাতনি নেমেলাকৈয়ে যমৰজাই চিধাই চিত্ৰগুপ্তকে Charge কৰিলে – “চিত্ৰগুপ্ত, আপোনাক কিহে পাইছে । কোনো বাচবিচাৰ নোহোৱাকৈ গালে গালে কেছবোৰ আনি আছে যে মৰ্ত্যৰ পৰা । মোৰ ইয়াত over crowding   হোৱাৰ উপক্ৰম হৈছে । সেই সোপাক ভৰন পোষণ দিবলৈ ৰাজকোষৰ ধন নাটনি হোৱাৰ উপক্ৰম হৈছে । কি কাণ্ড হৈছে এইটো মোক  জৱাব লাগে । “    যমৰজাৰ…
Read More
মুড়ি

মুড়ি

আজি কল'নীৰ নতুন বাসিন্দা আৰোহী পাঠকৰ ঘৰত কল'নীৰ মহিলাসকলৰ কিটি পাৰ্টি। নতুন যদিও তাই আৰু গিৰিয়েকে চাকৰিত যোগদান কৰা ছমাহ হৈছে। আৰোহীক কাষৰ ফ্লেটৰ মন্জিমা বাইদেৱে ইতিমধ্যে তেওঁৰ ঘৰত হোৱা পাৰ্টিৰ দিনাই সকলোৰে লগত চিনাকি কৰাই দিছিল। মহিলা গোটটোত আৰোহীক জোৰ কৰি তেৱেঁই সুমুৱাই দিছিল। আৰোহীও গিৰিয়েকৰ দৰে চাহ বাগানখনৰ অভিযন্তা। বৰকৈ ইঘৰ সিঘৰ ফুৰিবলৈ যোৱাটো তাই ভাল নাপায়। কিন্তু 'অফিচাৰ্ছ ওৱাইভচ্' বোলা গোটটোত সন্মানৰ খাতিৰত সোমাই আছে। কিটি পাৰ্টি তাই ভাল নাপায়; সময় আৰু মেধাৰ অপচয় বুলি ভাৱে। তথাপি তিনিটামান পাৰ্টিত উপস্থিত আছিলগৈ। মুঠ দহগৰাকী মহিলা আৰোহীহঁতৰ লিভিং ৰূমত বহি গল্পত মছগুল। কাৰ্ডচ্ খেলিব অলপ পিছত। আৰোহী পাগঘৰৰ পৰা…
Read More
শ্ৰদ্ধয়া দেয়ম,অশ্ৰদ্ধয়া অদেয়ম

শ্ৰদ্ধয়া দেয়ম,অশ্ৰদ্ধয়া অদেয়ম

ঘৰখনলৈ বোৱাৰী হৈ অহা উপাসনাৰ প্ৰায় এবছৰেই হ'ল।এই এবছৰত বহুত নেদেখা ঠাই দেখিলে,বহু নজনা কথা জানিলে,বহু নকৰা কাম কৰিলে।অভিজ্ঞতাই শিকাই,জীৱন বৃত্তৰ চকৰিটো ঘূৰে,নোকোৱাকৈয়ে থাকি যায় বহু কথা,হৃদয়ত হাজাৰ ধুমুহাই কোবাই গ'লেও সংস্কাৰে বাধা দিয়ে বহু কথা হৃদয়তে ৰাখিবলৈ। কি নাই ঘৰখনত,ইঞ্জিনীয়াৰ স্বামী,প্ৰফেছৰ শহুৰ শাহু,মেডিকেল পঢ়ি থকা ডাক্তৰ প্ৰকৃতাৰ্থত এখন সুখৰ সংসাৰ,এটি সুখী পৰিয়াল।চালে চকু ৰোৱা কাৰুকাৰ্য খচিত এটি দালান,বৃহৎ আকাৰৰ গেটখনেদি সোমাই আহিলেই মন প্ৰাণ ভৰাই তোলা এখন সুন্দৰ বাগিচা,এখন সৰু সুৰা নাৰ্চাৰীয়েই।দামী দামী বস্তুৰে ভৰি থকা ড্ৰয়িং ৰুমটোৰ একোণত এটি পুথিভঁৰাল।মুঠতে এজন মানুহৰ সোমাইয়েই মোহি নিব পৰা ঘৰখনৰ পৰিবেশ।মাকহঁতৰ মুখত শুনি থকা ঘৰখনৰ কথা তাই বাস্তৱত দেখিছিল যিদিনা ন…
Read More
একাপ চাহৰ মিঠাখিনি

একাপ চাহৰ মিঠাখিনি

: মই লাহে লাহে মিঠা খোৱা কমাই দিম তনু। : হঠাৎ? : মোৰ দুজন বন্ধুক ডায়বেটিছে পালে। : বন্ধুৰ পৰা ডায়বেটিছৰ সংক্ৰমণ ঘটে বুলিচোন কেতিয়াও শুনা নাই! ফেমিলিত থাকিলেহে ...আৰু তুমিচোন মিঠাই নোখোৱাই! : জৰুৰী নহয় তনু। যিকোনো মানুহৰ যিকোনো বয়সত আৰু যিকোনো কাৰণত হ' ব পাৰে। মিঠাই এটা বাহানাহে। : মানে পাপা, ময়োতো মিঠাই নাখাও। তথাপি মোৰো হ'ব পাৰে? দহবছৰীয়া ৰিকুৱে পঢ়াৰ পৰাই মাত লগালে। : আৰু মোৰতো পাক্কা হ'ব। মাখিৰ দৰে মিঠাইৰ ওপৰতে পৰি থাকো নহয়। তনুশ্ৰীৰ ব্যঙ্গই অম্লানক ম্লান পেলাব নোৱাৰিলে। সি লাহে লাহে অভ্যাস গঢ়িলে চাহত চেনী কমাই খোৱা, মিঠা বস্তু একেবাৰে নোখোৱা। এদিন পায়সো পেলাই…
Read More
অৰ্ণৱ হোৱাৰ বাসনাত

অৰ্ণৱ হোৱাৰ বাসনাত

আগকথা: JEC ৰ অৰ্ণৱ আৰু আস্থাৰ সমান্তৰাল ভাৱে চলা এটা কাহিনী। খণ্ড - ১ বাপুকনৰ ক্ৰাছজনীয়ে ফেচবুকত দুদিনমানৰ পৰা কেৱল অৰ্ণৱৰ কথা কৈ থকা দেখি ঘটনাৰ সকলো ৰহস্য উদঘাটন কৰি সি এবাৰতে পঢ়ি পেলালে JEC ৰ ১৯ টা পাৰ্ট । পঢ়ি উঠিয়েই বাপুকনৰ মনতো জাগ্ৰত হ'ল অৰ্ণৱ হোৱাৰ তীব্ৰ বাসনা । ৰুমমেটৰ বিচনাত পৰি থকা চিগাৰেট এটা সি জ্বলাই ল'লে । লগা লগ কাহত চকু ৰঙা পৰি গ'ল । পাবজীত ব্যস্ত ৰুমমেট সিদ্ধাৰ্থ‌ই খুউৱ কমেই বাহিৰৰ পৃথিৱীখনৰ খৱৰ ৰাখে যদিও নিজৰ ভাগৰ চিগাৰেটো নষ্ট কৰাই সি হেডফোন আঁতৰাই চিঞৰি উঠিল *****। ইফালে চিগাৰেটৰ ধোঁৱা গলত ধৰি বাপুকনৰ প্ৰাণ যাওঁ অৱস্থা…
Read More
গুপ্ত ধনৰ সন্ধানত মাহী

গুপ্ত ধনৰ সন্ধানত মাহী

জেঠ মাহত কেইদিনমান দীঘলীয়াকৈ খৰ মাৰে, বহাগৰ বৰষুণে সৃষ্টি কৰা বোকাবোৰ শুকাই কৰ্ককৰীয়া মাৰে। মাটিৰ সুন্দৰ গোন্ধ এটা ওলায়৷ সেই বহাগ জেঠৰ দুপৰীয়াবোৰ বৰ দীঘলীয়া। মাহীয়ে দিনটোৰ কাম বন কৰি আজৰি হৈ আমাৰ ঘৰলৈ অহাৰ বিশেষ সময় সেইটো, মা দেউতাৰ লগত কথা পাতিবলৈ ভাল নাপাই কাৰণ মাহীৰ সেই ভুত পিশাচ, তন্ত্ৰ মন্ত্ৰ আৰু আই ওজাৰ কাহিনী শুনিবলৈ মাৰ সময় নাছিল আনহাতে দেউতাই মিচিকিয়াই হাঁহি থোৱাত বাহিৰে উৎসাহ নিদিছিল৷ এক কথাত ক’বলৈ গ’লে মাহী আমাৰ মা দেউতাৰ হাতত ডাইৰেক্ট ৰিজেক্টেড হৈছিল জ্ঞানৰ ভঁ‌ৰালটো বিনিময়ৰ ক্ষেত্ৰত! সেইকাৰণেই মাহীৰ আটাইতকৈ মৰমৰ আছিল আমাৰ ডাঙৰ বাইদেউ, তাই কৌতূহলী মুখ এখন কৰি মাহীৰ শেষ হৈ…
Read More
সন্মান

সন্মান

নীনাৰ পেহীয়েকৰ ছোৱালী মাধুৰ বিয়া সেয়ে নীনায়ে মাকক খাটনিধৰি আছে এজোৰ ধুনীয়া কাপোৰ দিবলৈ মাকৰো মন যায় জীয়েকক সজাই পৰাই ৰাখিবলৈ পিছে ভাবিলেইটো সকলো হৈ নাযায় দেউতাকটো অসুখীয়া সেয়ে দেউতাকে যি সৰু চাকৰি এটা কৰিছিল ,.তাকো এৰি দিব লগা হ'ল ।মাকে এতিয়া সৰু সুৰা ইটো -সিটো কৰি ঘৰখন যেনতেনকৈ চলাই আছে । আচাৰৰ ব্যৱসায়, মাহগুড়া, বেহুৱা ,টেকেলী পিঠা ৰ ব্যৱসায় মুঠতে যি পায় কৰি যায় ! বৰ কৰ্মী মাকজনী। জীয়েক নীনায়ে আজি কেইদিন মান ধৰি কৈ থকাৰ বাবে ওচৰৰে শৰ্মানী বাইদেউক কথাটো ক'লেগৈ তেখেতে কাপোৰৰ ব্যৱসায় কৰে মাহে মাহে পইচাটো দি শেষ কৰিব ২/৩ হাজাৰ মানৰ ভিতৰৰ এজোৰ কাপোৰ জীয়েকলৈ…
Read More
গৰমৰ বন্ধ

গৰমৰ বন্ধ

খণ্ড ১ স্কুলৰ গৰমৰ বন্ধত যেনেদৰে ল'ৰা ছোৱালীবোৰৰ মনবোৰ উৰণীয়া আৰু চঞ্চল হৈ থাকে আৰু মামাকৰ ঘৰ, মাহিৰ ঘৰ, ঘাই ঘৰ ইত্যাদিত ফুৰিবলৈ যোৱাৰ প্ৰবল ইচ্ছা থাকে ঠিক তেনেদৰে টিটু আৰু পুতুলৰো ইচ্ছাৰ অন্ত নাই। কিন্তু ইহঁতৰ প্ৰজাতিটো অলপ ব্যত্তিক্ৰম। কাৰন‌ ইহঁত হ'ল হোষ্টেলত থাকি পঢ়া ল'ৰা ।গতিকে ওঁঠ টিপিলে গাখীৰ ওলোৱা বয়সতে ইহঁতে বয়সতকৈ ডাঙৰ হোৱা বুলি এক স্বঘোষিত আন্দোলন গঢ়ি তুলিছিল নিজ পৃথিৱীখনত। তাৰে পৰিণাম আৰু আত্মবিশ্বাস স্বৰূপে সিহঁতে সম্বন্ধীয় সকলৰ ঘৰত ফুৰিবলৈ যোৱাটো এইবাৰ বন্ধত পৰিহাৰ কৰি এক বেলেগ ধৰণৰ ৰোমাঞ্চকৰ যাত্ৰাৰ বাবে কেইদিনমানৰ পৰা নিজকে প্ৰস্তুত কৰি তুলিছিল। অৱশেষত সেই দিনটো চমু চাপি অহাত সিহঁতৰ কিশোৰৰ…
Read More