: মই লাহে লাহে মিঠা খোৱা কমাই দিম তনু।
: হঠাৎ?
: মোৰ দুজন বন্ধুক ডায়বেটিছে পালে।
: বন্ধুৰ পৰা ডায়বেটিছৰ সংক্ৰমণ ঘটে বুলিচোন কেতিয়াও শুনা নাই! ফেমিলিত থাকিলেহে …আৰু তুমিচোন মিঠাই নোখোৱাই!
: জৰুৰী নহয় তনু। যিকোনো মানুহৰ যিকোনো বয়সত আৰু যিকোনো কাৰণত হ’ ব পাৰে। মিঠাই এটা বাহানাহে।
: মানে পাপা, ময়োতো মিঠাই নাখাও। তথাপি মোৰো হ’ব পাৰে?
দহবছৰীয়া ৰিকুৱে পঢ়াৰ পৰাই মাত লগালে।
: আৰু মোৰতো পাক্কা হ’ব। মাখিৰ দৰে মিঠাইৰ ওপৰতে পৰি থাকো নহয়।
তনুশ্ৰীৰ ব্যঙ্গই অম্লানক ম্লান পেলাব নোৱাৰিলে। সি লাহে লাহে অভ্যাস গঢ়িলে চাহত চেনী কমাই খোৱা, মিঠা বস্তু একেবাৰে নোখোৱা। এদিন পায়সো পেলাই দিলে।
: তোমাৰ বাৰু সঁচাকৈ চুগাৰ প্ৰব্লেম হৈছে নেকি?
:না..নাইতো। জাষ্ট প্ৰিক’শ্বন।
এদিন অফিচতে তাৰ মূৰ ঘূৰাল প্ৰচন্ডভাৱে। সি কিন্তু তনুশ্ৰীক নজনালে। মনে মনে কৰাই অহা ব্লাড্ টেষ্টৰ ৰিপ’ৰ্ট আৰু চুগাৰৰ ঔষধ কম্পিউটাৰ টেবুলৰ ড্ৰৱাৰত লুকাই থলে। সময়, সুবিধা চাই তনুশ্ৰীক কব বুলি ভাবি।
কিন্তু ষষ্ঠ ইন্দ্ৰিয়ৰ তাগিদাত এদিন তনুশ্ৰীয়ে আৱিস্কাৰ কৰিলে ৰিপ’ৰ্ট আৰু ঔষধখিনি। তাই বুজিলে, তাই ভয় খাব বুলি ভাবিয়েই অম্লানে কথাটো লুকুৱাইছে। তাই প্ৰস্তুত হ’ল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ।
পিছদিনা ৰাতিপুৱাৰ চাহকাপ হাতত লৈ তাই ঘোষণা কৰিলে,
: ময়ো কমাই দিম চেনী খোৱা।
: হঠাতে কিয়? ডায়বেটিছ্ হ’ল নেকি?
অম্লান যেন আকাশৰ পৰাহে পৰিল।
: হোৱা বুলি জানিলে কি কৰিবা?
: তোমাৰ বয়স মাত্ৰ আঠত্ৰিশ!
: আৰু তোমাৰ মাত্ৰ বিয়াল্লিছ।
দুয়ো মৌন হৈ ৰ’ল। চাহৰ প্ৰথম শোহাটোৱেই জীৱনৰ আটাইখিনি মিঠা যেন শুহি ল’লে। মিঠা নাথাকিলে একাপ চাহ যদি ইমান বিস্বাদময় হয়, জীৱনটো একা? চাহৰ ডাঙৰ পিয়লাটো বাদ দি সৰু এটা ল’ব লাগিব, তাই ভাবিলে। উঠি যাওতে তাই কৈ গ’ল,
: মাইগ্ৰেইন্ পেইনৰ কাৰণেহে কমাইছো। চিন্তা কৰিব নালাগে।
তাইৰ বায়েকে ফোনত তাইক ধমক্ দিলে,
: ইমান চেক্ৰিফাইছ্ কৰাৰ কি দৰকাৰ তনু? গোটেই জীৱন চেনী নোহোৱা চাহ খাব পাৰিবি? ডায়বেটিছ্ নোহোৱাকে? চুগাৰ নিল্ হ’লে কি হয় জাননে?
: জানো। কিবা এটা মিঠা খাও বেলেন্সৰ কাৰণে।
: তথাপি তনু…
: চাহৰ মিঠাখিনি নহলেই জীৱনটো তিতা হৈ নাযায় বাইদেউ। বৰন্চ চাহৰ বিস্বাদখিনি ভগাই ল’লে জীৱনটোহে মিঠা হয়।
ফোনটো কাটি দিয়াৰ সময়ত কান্ধত কাৰোবাৰ পৰশ পাই তাই উচপ্ খাই উঠিল। চকুত অবিশ্বাসৰ চাৱনি কিন্তু কৃতজ্ঞতাত নমনীয় হাঁহি এটা লৈ থকা অম্লান; তাইৰ জীৱনৰ তিতা মিঠাৰ অংশীদাৰ!
✍ দেইজী দাস বৰুৱা