গল্প

গুপ্ত ধনৰ সন্ধানত মাহী

গুপ্ত ধনৰ সন্ধানত মাহী

গুপ্ত ধনৰ সন্ধানত মাহী জেঠ মাহত কেইদিনমান দীঘলীয়াকৈ খৰ মাৰে, বহাগৰ বৰষুণে সৃষ্টি কৰা বোকাবোৰ শুকাই কৰ্ককৰীয়া মাৰে। মাটিৰ সুন্দৰ গোন্ধ এটা ওলায়৷ সেই বহাগ জেঠৰ দুপৰীয়াবোৰ বৰ দীঘলীয়া। মাহীয়ে দিনটোৰ কাম বন কৰি আজৰি হৈ আমাৰ ঘৰলৈ অহাৰ বিশেষ সময় সেইটো, মা দেউতাৰ লগত কথা পাতিবলৈ ভাল নাপাই কাৰণ মাহীৰ সেই ভুত পিশাচ, তন্ত্ৰ মন্ত্ৰ আৰু আই ওজাৰ কাহিনী শুনিবলৈ মাৰ সময় নাছিল আনহাতে দেউতাই মিচিকিয়াই হাঁহি থোৱাত বাহিৰে উৎসাহ নিদিছিল৷ এক কথাত ক’বলৈ গ’লে মাহী আমাৰ মা দেউতাৰ হাতত ডাইৰেক্ট ৰিজেক্টেড হৈছিল জ্ঞানৰ ভঁ‌ৰালটো বিনিময়ৰ ক্ষেত্ৰত! সেইকাৰণেই মাহীৰ আটাইতকৈ মৰমৰ আছিল আমাৰ ডাঙৰ বাইদেউ, তাই কৌতূহলী মুখ এখন…
Read More
সন্মান

সন্মান

নীনাৰ পেহীয়েকৰ ছোৱালী মাধুৰ বিয়া সেয়ে নীনায়ে মাকক খাটনিধৰি আছে এজোৰ ধুনীয়া কাপোৰ দিবলৈ মাকৰো মন যায় জীয়েকক সজাই পৰাই ৰাখিবলৈ পিছে ভাবিলেইটো সকলো হৈ নাযায় দেউতাকটো অসুখীয়া সেয়ে দেউতাকে যি সৰু চাকৰি এটা কৰিছিল ,.তাকো এৰি দিব লগা হ'ল ।মাকে এতিয়া সৰু সুৰা ইটো -সিটো কৰি ঘৰখন যেনতেনকৈ চলাই আছে । আচাৰৰ ব্যৱসায়, মাহগুড়া, বেহুৱা ,টেকেলী পিঠা ৰ ব্যৱসায় মুঠতে যি পায় কৰি যায় ! বৰ কৰ্মী মাকজনী। জীয়েক নীনায়ে আজি কেইদিন মান ধৰি কৈ থকাৰ বাবে ওচৰৰে শৰ্মানী বাইদেউক কথাটো ক'লেগৈ তেখেতে কাপোৰৰ ব্যৱসায় কৰে মাহে মাহে পইচাটো দি শেষ কৰিব ২/৩ হাজাৰ মানৰ ভিতৰৰ এজোৰ কাপোৰ জীয়েকলৈ…
Read More
গৰমৰ বন্ধ

গৰমৰ বন্ধ

খণ্ড ১ স্কুলৰ গৰমৰ বন্ধত যেনেদৰে ল'ৰা ছোৱালীবোৰৰ মনবোৰ উৰণীয়া আৰু চঞ্চল হৈ থাকে আৰু মামাকৰ ঘৰ, মাহিৰ ঘৰ, ঘাই ঘৰ ইত্যাদিত ফুৰিবলৈ যোৱাৰ প্ৰবল ইচ্ছা থাকে ঠিক তেনেদৰে টিটু আৰু পুতুলৰো ইচ্ছাৰ অন্ত নাই। কিন্তু ইহঁতৰ প্ৰজাতিটো অলপ ব্যত্তিক্ৰম। কাৰন‌ ইহঁত হ'ল হোষ্টেলত থাকি পঢ়া ল'ৰা ।গতিকে ওঁঠ টিপিলে গাখীৰ ওলোৱা বয়সতে ইহঁতে বয়সতকৈ ডাঙৰ হোৱা বুলি এক স্বঘোষিত আন্দোলন গঢ়ি তুলিছিল নিজ পৃথিৱীখনত। তাৰে পৰিণাম আৰু আত্মবিশ্বাস স্বৰূপে সিহঁতে সম্বন্ধীয় সকলৰ ঘৰত ফুৰিবলৈ যোৱাটো এইবাৰ বন্ধত পৰিহাৰ কৰি এক বেলেগ ধৰণৰ ৰোমাঞ্চকৰ যাত্ৰাৰ বাবে কেইদিনমানৰ পৰা নিজকে প্ৰস্তুত কৰি তুলিছিল। অৱশেষত সেই দিনটো চমু চাপি অহাত সিহঁতৰ কিশোৰৰ…
Read More
স্বপ্নাৱিষ্ট

স্বপ্নাৱিষ্ট

মুৰটো ফনিয়াবলৈ লৈছো। দীঘল চুলিকোছা ভালদৰে যতন নকৰাৰ ফলত সৰি সৰি তলছোৱাই ৰঙচুৱা চিঞা ৰূপ এটা লৈছে। --চুলি নসৰিবলৈ, সযতনে, লাহে লাহে ফনিয়াবলৈ বুলি আইনাৰ সমূখৰ টুলখনত বহিয়েই ললো। --আইনাৰ সিটো পাৰে মই। মোৰ মেদবহুল চল্লিচৰ দেওনা গৰকা, মাগুৰ বৰনীয়া দেহবল্লৰী। পিন্ধনত পাতল বেঙুনীয়া ৰঙী কপাহী শাৰী। --আইনাত, মোৰ সিপাৰে, বিচনাত বহি থকা আইৰ মুখখন ধৰা পৰিল এইবাৰ।-- আইলৈ চালো। চুটি চুটি চুলি ৰে বগাকৈ মুখখনি। এতিয়াও, এই বয়সতো যে এনে ধুনীয়া মুখ! -এটা লনি দেহ,একামোৰা ধুনীয়া হাঁহি! --সৌ সিদিনালৈকে আইক চুগাৰ, প্ৰেচাৰ বা চকুৰ অসুখে চুব পৰা নাছিল!-অথচ--!! ----চকুৰ আগেৰে আমাৰ শৈশৱ কালছোৱাই ভুমুকি মাৰিলে! প্ৰথমছোৱা জীৱন গাওঁত। চাৰিটা…
Read More
এটা  নিষিদ্ধ কোঠালী

এটা নিষিদ্ধ কোঠালী

খণ্ড ১ ৰুমতোৰ কাষেৰেই দীঘলীয়া কৰিড'ৰতো লাহেকৈ দুৱাৰখন ঠেলি ওলাই আহিল উদ্দীপ্তা পিন্ধনত পাটল গোলপীয়া ৰঙৰ কটন সূতাৰ নতুন মেখেলা চাদৰ, সৰুৰে পৰাই মৰমত ডাঙৰ হোৱা ঘৰৰ একমাত্ৰ ছোৱালীজনী মেখেলা চাদৰ পিন্ধা এইয়া জীৱনৰ প্ৰথম অভিজ্ঞতা তাইৰ । বিয়াৰ পিছত সেইদিনা স্বামীৰ ঘৰত প্ৰথম দিন উদ্দীপ্তাৰ, ঘৰত দিনৰ ৮/৯ বজালৈ শুই শুই মাক দেউতাকৰ গালি খাইয়ো কেৰেপ নকৰা আলাসতেই ডাঙৰ হোৱা ছোৱালীজনী সেইদিনা ৰাতিপুৱা চাৰে চাৰি মান বজাতেই উঠি নতুন ঘৰখনৰ আচ বাব বোৰ চাই থাকোতেই কিছু পৰ তেনেকৈয়ে খেদিলে । বিয়া ঘৰ আলহীয়ো বহুত তাকেই ভাবি উদ্দীপ্তায়ে গাঁতো ধুই আহি লাহেকৈ শাহুয়েকক মাত লগালে "মা",, তেতিয়া ৰণ কোনতো কোঠালীত…
Read More
এই প্ৰেম নিষিদ্ধ কিয়

এই প্ৰেম নিষিদ্ধ কিয়

১ শৈশৱৰ লগৰী তুমি নাম তোমাৰ অনামিকা, কৈশোৰতে আহি তুমি মোৰ মনৰ গভীৰ সেই নিৰ্দ্দিষ্ট কোণত আসন পাৰিলা। একো ভাবিবলৈ একো চিন্তা কৰিবলৈ তুমি যে সময়েই নিদিলা, তোমাৰ সেই আসনত আনক আদৰি বহিবলৈ দিবলৈ দহে পৰামৰ্শ দিলেও, মোৰ মনে নামানে যে সেই কথা, কিয়নো সেই আসনখন যে তুমি মাথো তোমাৰ বাবেহে পাৰিছিলা। অজানিতে তুমিও সেই আসনতে আহি বহি ল'লা, য'ত মোৰ অবুজন মনে অজানিতে দিছিল তোমাক মোৰ সম্পূৰ্ণ ভালপোৱা।। অৰ্ণৱে ডায়েৰী এখনৰ পাতত লিখা কবিতাটো পঢ়ি চালে , মনটো তাৰ ভাল লাগি আহিল , মনতে ভাবিলে , এই কবিতাটোৰ প্ৰতিটো শব্দ যেনেকৈ সত্য তেনেকৈয়ে তাৰ মনত অনামিকালৈ বুলি থকা প্ৰেমো…
Read More
জীৱন কেনভাচ

জীৱন কেনভাচ

দৰিদ্ৰতাই পিছ নেৰা সাৱিত্ৰীৰ সংসাৰ। উৱলি যোৱা ঘৰখনত থাকে তাইৰ সৈতে তাইৰ একমাত্ৰ ছোৱালী সবিতা। বিধবা মাকে খুউব কষ্টেৰে তাইক ডাঙৰ কৰিছে।দেখনে শুৱনে কিন্তু বেছ স্বাস্থৱন্ত সবিতা।মাগুৰবৰণীয়া ওঠৰ বছৰীয়া সাবিতাৰ চুলিকোছা পিঠিলৈকে পৰা, ঢৌ খেলুৱা, প্ৰায়ে মাজেৰে সেউটা ফালি পিটপিতিয়াকৈ বেণ্ড এডালেৰে বান্ধি ৰাখে।চুলিখিনিয়ে যেন তাইৰ সোন্দৰ্য্য। আন নহলেও চুলিখিনি তাই যত্নেৰে ৰাখে।লাহে লাহে তাইও বুজি উঠিছে যে তাইৰ চুলিত বহুতৰে চকু পৰে। গাভৰু সবিতাক মাক সাৱিত্ৰীয়ে এনেদৰে অকলে ৰাখিব লাহে লাহে ভয় খোৱা হল। মাকে কেতিয়াও নিবিচাৰে তাইৰ দৰেই সবিতাৰো জীৱন দৰিদ্ৰতাৰ গহ্বৰত জিন যোৱাটো।সাৱিত্ৰীয়ে মৰমৰ জীয়ৰীক গাওঁৰে প্ৰভাত মাষ্টৰৰ বিয়া দিয়া জীয়েকৰ কামৰ সহায়িকা হিচাবে ৰখাটোকে ঠিৰাং কৰিলে।…
Read More
প্ৰেমৰ ডায়েৰী

প্ৰেমৰ ডায়েৰী

আবেলি ঠিক তিনি বজাৰ লগে লগে কনকলতাই উকা পাটৰ খমখমীয়া সাজ এযোৰ পিন্ধি লয়। পাতল চুলিকছাত মহা ভিঙ্গৰাজ তেল সানি একোছা ফলচ চুলি লগাই পিটপিতিয়াকৈ ওপৰত খোপাটো বান্ধি বগা গুলপীয়া গাল খনত আফগান ক্ৰীম আৰু গাত অগৰুৰ সুগন্ধি সানি আজি তাই আকৌ সাজিছে। এনেদৰে সাজি- কাঁচি ওলোৱাটো তাইৰ আজিৰ অভ্যাস নহয়, দিগম্বৰৰ প্ৰেমত পৰাৰ দিনৰে, যেতিয়া মনে মনে তাই তাক লগ কৰিব গৈছিল। তাইৰ এই ৰূপ লাবন্যত ডুব গৈয়ে টো এদিন সুঠাম-সুন্দৰ দিগম্বৰে তাইক আপোন কৰাৰ সপোন দেখিছিল। গাঁওৰ গাওঁবুঢ়া কনকলতাৰ দেউতাক আছিল অজস্ৰ ধন- সম্পত্তি, মাটি-বাৰী থকা জমিদাৰ মানুহ। ইফালে ঘাট-মাউৰা দিগম্বৰৰ ধন সম্পত্তি দূৰৰ কথা নিজ মাটি এডোখৰো…
Read More
দিল্লী কা লাড্ডু

দিল্লী কা লাড্ডু

বিয়াহৈ চাকৰিসূত্ৰে দুবছৰ বেলেগে বেলেগে থকাৰ পিছত আমি যেতিয়া একেলগে মঙ্গলদৈ লৈ বদলি হৈ আহিলো খুব ফুৰ্তি লাগিছিল। এখন নিজাকৈ ঘৰ সঁজাম, ভাল ভাল আচবাব থাকিব, ধুনীয়া ধুনীয়া সজোৱা বস্তু, বিভিন্ন ধৰণৰ লেম্প বোৰেৰে ঘৰ খন সপোনৰ ঘৰ খনৰ দৰেই আলোকিত কৰিম। তেওঁ বজাৰ কৰি আনিব, মই ৰান্ধিম; ঠিক যেন শৈশৱত খেলা দৰা কইনাৰ পুতলা খেলৰ সাংসাৰ খনহে! অহাৰ আগতে কিমান যে জল্পনা কল্পনা। কিন্তু সাংসাৰ আৰম্ভণিৰ প্ৰথম দিনাই যেতিয়া তেখেতৰ ৮ তাকৈ চাউণ্ড বক্স, দুই তিনিটা গীটাৰ, এমপ্লিফায়াৰ, তিনিটাকৈ মাইক আৰু বিভিন্ন ধৰণৰ আগতে দেখা- নেদেখা ইনস্ট্রুমেন্ট ৰ দোকান খনে ভাড়া ঘৰৰ সীমিত ঠাইৰ আধা অংশ গ্ৰহণ কৰিলে মোৰ…
Read More
ৰুটিন লাইফ

ৰুটিন লাইফ

ৰাতিৰ খোৱা বাচন খিনি ধুই , ৰাতিপূৱালে বনাব লগীয়া চব্জিখনৰ পাচলিখিনি একেবাৰে কাটি মেলি আজৰি হৈহে শোৱা পাতি ললে পূবালিয়ে। ৰাতিপূৱালে অফিচ। অফিচ থাকিলে তাইৰ আগদিনাৰ পৰাই টেনশ্যন।কৰ্মজীৱনৰ বাৰটা বৰ্ষ অতিবাহিত কৰাৰ পিছতো তাইৰ এনে উথপ্ থপ্ দেখিলে অভিৰ হাঁহিয়াতৰ পাত্ৰ হয় তাই।কিন্ত সি নো কি বুজিব ৰাতিপুৱাই কিমানখিনি মেনেজ কৰি যাব লাগে তাই। ধুনুৰ স্কুল বন্ধ থকাই এটা ডিউটিৰ পৰা এইকেইদিন যেনিবা সকাহ পাইছে।কিন্তু বাকি ভাত বনোৱা, অভিৰ টিফিন, গোঁসাইৰ কাম, নিজে খাই বৈ ওলোৱা আৰু সকলোতকৈ ডাঙৰ কাম ধুনুক ভাত খুৱাই নগলে যে তাইৰ অফিচত শান্তি নাই। ইফালে তাৰ শুই উঠিয়ে কৰা নাখ্ৰা বোৰ টো আছেই। লকডাউন টোৱে…
Read More