মনৰ খিড়িকীৰে

হেপাহৰ এসাজ

হেপাহৰ এসাজ

হেপাহৰ এসাজ লুইতৰ বালি চাপৰিত !!১৯৯৪ চনৰ গ্ৰীস্ম কালিৰ এটি দিন ৷ দিন বাৰ পাহৰিলো ৷ দৰঙৰ বিশিষ্ট সাংবাদিক শ্ৰদ্ধাৰ তুৱা ৰাম ডেকা আৰু শ্ৰদ্ধাৰ ড০ মহেন্দ্ৰ প্ৰসাদ বৰুৱা ডাঙৰীয়াৰ সৈতে ছিপাঝাৰৰ চৰ অঞ্চললৈ গৈছিলো ৷ ধানবাৰী আৰু ফুহুৰাতলী আদি চৰ এলেকাবোৰত থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰিলো ৷ তাৰ পৰা আমি আমাৰ গন্তব্যস্থান সম্পৰ্কে স্থানীয় লোক সকলক সোধাত গাড়ী নেযাব বুলি ক'লে ৷ আমি বিমোৰত পৰিলো ৷ 'যি হয় হ'ব, উভটি যোৱাতকৈ আমাৰ গন্তব্যস্থানলৈ যামেই ' এই মনোভাৱ লৈ আমাৰ পটলুং কোছাই পদযাত্ৰা আৰম্ভ কৰিলো ৷ পৰিধান কৰা জোতা গাড়ীতেই থলো ৷ একেবাৰে হাস্য বদনে থকা সুৰুজ ককাইক মুৰৰ ওপৰত…
Read More
দিল্লীত উবেৰ টেক্সীৰে ঘূৰি থকা অৱস্থাত

দিল্লীত উবেৰ টেক্সীৰে ঘূৰি থকা অৱস্থাত

মূল ইংৰাজী: বিণু মেথিউ (Vinu Methew) আজি, মই দিল্লীত উবেৰ টেক্সীৰে ঘূৰি থকা অৱস্থাত এনেকুৱা অভিজ্ঞতা এটা হল যে সকলোৰে বাবে নিলিখি নোৱাৰিলো•••• সন্ধিয়াৰ সময়খিনিত উবেৰ টেক্সীৰ প্ৰথমজন আৰোহী মই আছিলো, তাৰ পিছত সৰু কন্যা সন্তানটিৰ সৈতে এগৰাকী গাভৰু মাতৃ আৰু বগা টুপী পৰিহীত ইছলাম ধৰ্মী যুৱক এজন মোৰ যাত্ৰাৰ সংগী হৈছিল ৷৷ উবেৰৰ পিছৰ চিটত কণমানি ছোৱালী জনী, মাক আৰু মই ৷৷ বগা টুপী পৰিহিত মুছলিম যুৱকজন উবেৰৰ চালকৰ কাষৰ চিটত বহি তেওঁলোকৰ নিজৰ মাজত কথা পাতি গৈছিল লগতে এফ•এম• ৰেডিঅত বাজিছিল সন্ধিয়াৰ গান ৷৷ :এই দাদা জনে সন্ধিয়া পৰত কিয় টুপী পিন্ধিছে মা? এতিয়াছোন ক'তো ৰ'দ নাই? সৰু…
Read More
গুপ্ত ধনৰ সন্ধানত মাহী

গুপ্ত ধনৰ সন্ধানত মাহী

গুপ্ত ধনৰ সন্ধানত মাহী জেঠ মাহত কেইদিনমান দীঘলীয়াকৈ খৰ মাৰে, বহাগৰ বৰষুণে সৃষ্টি কৰা বোকাবোৰ শুকাই কৰ্ককৰীয়া মাৰে। মাটিৰ সুন্দৰ গোন্ধ এটা ওলায়৷ সেই বহাগ জেঠৰ দুপৰীয়াবোৰ বৰ দীঘলীয়া। মাহীয়ে দিনটোৰ কাম বন কৰি আজৰি হৈ আমাৰ ঘৰলৈ অহাৰ বিশেষ সময় সেইটো, মা দেউতাৰ লগত কথা পাতিবলৈ ভাল নাপাই কাৰণ মাহীৰ সেই ভুত পিশাচ, তন্ত্ৰ মন্ত্ৰ আৰু আই ওজাৰ কাহিনী শুনিবলৈ মাৰ সময় নাছিল আনহাতে দেউতাই মিচিকিয়াই হাঁহি থোৱাত বাহিৰে উৎসাহ নিদিছিল৷ এক কথাত ক’বলৈ গ’লে মাহী আমাৰ মা দেউতাৰ হাতত ডাইৰেক্ট ৰিজেক্টেড হৈছিল জ্ঞানৰ ভঁ‌ৰালটো বিনিময়ৰ ক্ষেত্ৰত! সেইকাৰণেই মাহীৰ আটাইতকৈ মৰমৰ আছিল আমাৰ ডাঙৰ বাইদেউ, তাই কৌতূহলী মুখ এখন…
Read More
কোৱাৰিন্টিন্ কেন্দ্ৰৰ কিছু আমোদজনক অভিজ্ঞতা

কোৱাৰিন্টিন্ কেন্দ্ৰৰ কিছু আমোদজনক অভিজ্ঞতা

বিশ্বনাথ মহাবিদ্যালয়ত কোৱাৰিন্টিন্ কেন্দ্ৰত লাভ কৰা কিছু অভিজ্ঞতা (প্ৰথম খণ্ড) যোৱা এসপ্তাহ ধৰি মহাবিদ্যালয়ৰ অধ্যাপক শ্ৰীযুত তাৰানাথ মহন্ত আৰু শ্ৰীযুত দিপাংকৰ শইকীয়াৰ লগত মহাবিদ্যালয়ৰ কোৱাৰিন্টিন কেন্দ্ৰত কৰ্তব্যত ব্যস্ত৷ আমাৰ কাম হল কোৱাৰিন্টনৰ বাবে অহা লোক সকলক নাম ভৰ্তি কৰি তেওলোকৰ সম্পূৰ্ণ ভ্ৰমণ ইতিহাস লৈ নিদিষ্ট কোঠাত ৰখা , কেন্দ্ৰত থকা সময়ছোৱাত তেওলোকৰ সম্পূৰ্ণ চোৱাচিতা কৰা আৰু নিদিষ্ট সময়ত কৰনা পৰীক্ষাৰ ঋণাত্মক ৰিপৰ্ট আহিলে নিদিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে তেওলোকক হোম কোৱাৰিন্টিনৰ বাবে ৰিলিজ্ দিয়া ৷ প্ৰথম পৰ্যায়টোত সিমান একো অসুবিধা হোৱা নাছিল৷ মানুহ খিনিয়েও যথেষ্ট সহযোগ কৰে৷ কাৰণ প্ৰায়খিনিয়ে বুজিছিল কলেজ এখনৰ শ্ৰেণীকোঠাত সকলো সুবিধা উপলব্ধ নহব৷ মাজতে মাত্ৰ এজনী ছোৱালী আহি…
Read More
ক’ৰনা উদ্ভূত গৃহবন্দীত্ব, হতাশাৰ বিপৰীতে কিছু প্ৰত্যাশা

ক’ৰনা উদ্ভূত গৃহবন্দীত্ব, হতাশাৰ বিপৰীতে কিছু প্ৰত্যাশা

মহামাৰী ক’ৰনা ভাইৰাছৰ সংক্ৰমন ৰোধ কৰিবৰ বাবে মাৰ্চ মাহৰ শেষৰ সপ্তাহত দেশজুৰি প্ৰযোজ্য হ’ল তলাবন্ধ ৷ ইয়াৰ লগে লগে অবধাৰিত ভাবে দেশত সূচনা হ’ল অৰ্থনৈতিক মন্দাৱস্হাৰ ৷ ভাৰতৰ দৰে এখন প্ৰগতিশীল ৰাষ্ট্ৰৰ প্ৰগতিক স্তব্ধ কৰিব পৰা এনে অৰ্থনৈতিক মন্দাৱস্হাৰ পৰিপ্ৰেক্ষিতত তলাবন্ধত আৰোপিত বাধা-নিষেধাজ্ঞা লাহে লাহে শিথিল কৰিবলৈ চৰকাৰ বাধ্য হ’ল ৷ তলাবন্ধ আৰু অৰ্থনীতি, উভয়ৰে মাজত যথাসাধ্য ভাৰসাম্য বজাই, যুটীয়াভাৱে ক’ৰনাৰ সংক্ৰমন ৰোধৰ আৰু দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনত গতিশীলতা অনাৰ প্ৰচেষ্টাত চৰকাৰখনে আত্মনিয়োগ কৰা পৰিলক্ষিত হ’ল ৷ অপ্ৰত্যাশিত এই দুৰ্য্যোগে মানুহৰ স্বাভাৱিক জীৱন যাত্ৰাক এক প্ৰকাৰ স্হবিৰ কৰি পেলালে ৷ ক্ষুদ্ৰ ব্যবসায় প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি বৃহৎ উদ্যোগলৈকে সকলো সন্মুখীন হ’ব…
Read More
দিল্লী কা লাড্ডু

দিল্লী কা লাড্ডু

বিয়াহৈ চাকৰিসূত্ৰে দুবছৰ বেলেগে বেলেগে থকাৰ পিছত আমি যেতিয়া একেলগে মঙ্গলদৈ লৈ বদলি হৈ আহিলো খুব ফুৰ্তি লাগিছিল। এখন নিজাকৈ ঘৰ সঁজাম, ভাল ভাল আচবাব থাকিব, ধুনীয়া ধুনীয়া সজোৱা বস্তু, বিভিন্ন ধৰণৰ লেম্প বোৰেৰে ঘৰ খন সপোনৰ ঘৰ খনৰ দৰেই আলোকিত কৰিম। তেওঁ বজাৰ কৰি আনিব, মই ৰান্ধিম; ঠিক যেন শৈশৱত খেলা দৰা কইনাৰ পুতলা খেলৰ সাংসাৰ খনহে! অহাৰ আগতে কিমান যে জল্পনা কল্পনা। কিন্তু সাংসাৰ আৰম্ভণিৰ প্ৰথম দিনাই যেতিয়া তেখেতৰ ৮ তাকৈ চাউণ্ড বক্স, দুই তিনিটা গীটাৰ, এমপ্লিফায়াৰ, তিনিটাকৈ মাইক আৰু বিভিন্ন ধৰণৰ আগতে দেখা- নেদেখা ইনস্ট্রুমেন্ট ৰ দোকান খনে ভাড়া ঘৰৰ সীমিত ঠাইৰ আধা অংশ গ্ৰহণ কৰিলে মোৰ…
Read More
জীয়া শৈশৱ

জীয়া শৈশৱ

মোৰ ভাইটি আৰু মই প্ৰায় কানসমনীয়া হোৱা বাবে সৰুৰে পৰা আমাৰ মিতিৰালীও বেছি আৰু কাজিয়াও বেছি। সৰুতে ভাইটি মেধাৱী হোৱাৰ লগতে আছিলে ভীষণ ভয়াতুৰ। দ্বিতীয় শ্ৰেণীৰ পৰীক্ষাত সি প্ৰথম স্থান পায় আৰু তেতিয়াৰ পৰাই পৰীক্ষাত লিখা কলমডাল আৰু ফলাফল দিয়াৰ দিনা পিন্ধা চাৰ্ট টো তাৰবাবে আপুৰুগীয়া আৰু লাকি সম্পদ হৈ পৰে। আৰু সেই কেইপদ নহলে সি ফাৰ্ষ্ট হব নোৱাৰিব বুলি তাৰ ভয়। সেয়ে আগন্তুক প্ৰতিটো পৰীক্ষাতে সেই দুপদ আপুৰুগীয়া বস্তুৰ ব্যৱহাৰ কৰিব নোৱাৰিলে তাৰ শান্তি নাই। দ্বিতীয় শ্ৰেণীৰ চাৰ্টটো চতুৰ্থ শ্ৰেণীলৈ তাৰ গাঁত নুজুৰিলেও সি সেইটো বেলেগ চাৰ্ট এটাৰ তলত, বুটামৰ সলনি পিন মাৰি হলেও পিন্ধিছিলে। পিছলৈ সেইটো ৰুমাল বনাই…
Read More
সাহিত্যিক জিন

সাহিত্যিক জিন

মোৰ বায়ে কয় আমি হেনো বংশগতভাৱে সাহিত্যিক বিদ্যা লৈ আহিছোঁ । এইখিনিতে কঁও যে আমাৰ ঘৰত মা এগৰাকী ভাল লেখিকা, মোৰ বাৰ লেখা মাজে সময়ে প্রান্তিক, সফুৰা ইত্যাদিত প্রকাশ পায়ে থাকে । দাদাই ফেচবুক, ব্লগ ইত্যাদিত লিখি বিশেষ খ্যাতি অৰ্জন কৰিছে আৰু মোৰ ভাইটিয়ে উচ্চতৰ মাধ্যমিকত অসমীয়া বিষয়ত অসমভিত্তিক প্রথম স্হান পাই সুনাম অৰ্জন কৰি থৈছে । কিন্তু মোৰ সেই বংশগত জিনটো এতিয়াও শুয়ে আছেনে ? কথাটো মই মাজে মাজে ভাবো আৰু বৰ হতাশাত ভুগো । সিহঁতৰ মাজত অলপ হেও জ্ঞানো নকৰা নহয় । সৰুৰে পৰা ক’লা আখৰবোৰ চপা দেখিলেই গাটো কিবা জ্বৰ জ্বৰ লাগি যোৱাৰ ভাবটো দেখোন এতিয়াও আছেই…
Read More
গুণগুণ ডায়েৰী

গুণগুণ ডায়েৰী

খণ্ড1 – ক্ৰেজি লজিক মিছেছ বৰ্মনৰ ছবছৰীয়া লৰা গুণগুণ। খোৱা বস্তুৰ প্ৰতি অকণো ৰাপ নাই তাৰ। কোনো এপদ বস্তু হাতেৰে তুলি নাখায়। প্ৰতিসাজ ভাত মাকে খুৱাই দিলেহে খায় নহলে লঘোণে যায়। মাকে খোৱোৱাৰ সময়তো বিভিন্ন উপায়েৰে সি মুখখন চেপি ধৰিব জানে, যাতে কম পৰিমাণৰ ভাত হে মুখলৈ যায় । পতিয়ন যোৱা যুক্তি দেখুৱাব নোৱাৰিলে সি তাৰ স্থিতিত অলৰ অচৰ। সেইদিনা তাক ভাত খোৱাই বিৰক্ত হোৱা মিছেছ বৰ্মন আৰু গুণগুণৰ কথোপকথন:- মিছেছ বৰ্মন (অলপ খং আৰু বিৰক্তিৰ সুৰত) :- কেনেকৈ মুখ মেলিছাঁ তুমি? গুণগুণ (কনফিডেন্সত):- নাজানা নেকি স্মল লেটাৰ o শ্বেপত মিছেছ বৰ্মন (গুণগুণক বুৰ্বক বনোৱাৰ প্ৰস্তুতিত):- তোমাক কোনে ভাত খুৱাইছে…
Read More
মোৰ প্ৰিয় কিতাপ আৰু কিছু অনুভৱ

মোৰ প্ৰিয় কিতাপ আৰু কিছু অনুভৱ

স্কুলীয়া,কলেজীয়া কালত মই আছিলো কিতাপৰ পোক! দেউতাই কিতাপ কিনি ভাল পাইছিল আৰু মই পঢ়ি । কিনি অনা কিতাপখন 'গোগ্ৰাসে' - পঢ়ি উঠি মনটো বেয়া লাগে ;শেষেই হৈ থাকিলচোন ! অথচ পঢ়ি থকা সময়কণত শেষ হৈ যাব বুলি অকণ অকণকৈ চুপি খোৱা কেড্ বেৰীজ্ চকলেট টোৰ কায়দাত পঢ়িবলৈ মনত নপৰিল ! ছেহ্ ! হোষ্টেলত পঢ়ি থাকোতে কম সংখ্যক ইংৰাজী নোভেল আৰু মই নিজে ৰখা প্ৰান্তিক,গৰীয়সীৰ বাহিৰে বেলেগ কিতাপ বেছিকৈ পঢ়িব নোৱাৰা হ'লো। সীমিত বাজেট্,তাকৰীয়া সময় ! -ঘৰলৈ গ'লে দেউতাই কিনা কিতাপ কিছুমান উঠাই লৈ আহোঁ , হোষ্টেলত পঢ়িবলৈ। মাহটোলৈ বুলি দিয়া পকেট্ মানি ৰ দৰে হিচাপ কৰি পঢ়ো,শেষ হ'লে কোনে কিনি…
Read More