04
Jul
পঞ্চায়ত আৰু গ্ৰামউন্নয়ন বিভাগত ভাল পদবী এটাত চাকৰি কৰিছিলে মোৰ দেউতাই। মায়ে কোৱা মতে পৰিয়ালৰ মানুহৰ বিয়া বা সকামত কেতিয়াবা গুৱাহাটীৰ বাহিৰত যাব লগীয়া হোৱাৰ বাহিৰে চাকৰি কাল চোৱাত কোনোদিন চুটি নললে মানুহজনে। এখন নিৰ্দিষ্ট ৰুটিনত চলিছিল তেখেত। না কামৰ হেৰফেৰ না সময়ৰ। চাকৰিৰ পৰা অবসৰ লোৱাৰ দিনা এখন ডাঙৰ পিতলৰ শৰাই, এযোৰ চোলা পেন্ট, এখন গামোচা আৰু পাৰ নমনা চকু পানি উপহাৰ হিচাপে লৈ ঘৰলৈ উভতিছিল তেখেত। অবসৰৰ পিছত কি কৰিব দেউতাই কোনো পৰিকল্পনা কৰি থোৱা নাছিল। কেইটামান দিন কিছু খেলি মেলি আৰু অমনোযোগিতাৰে পাৰ কৰাৰ পিছত তেখেতে এখন নতুন ৰুটিন বনাই ললে। শুই উঠি লাল চাহ বিস্কুট খায়।…