মনৰ খিড়িকীৰে

গল্পৰ দৰে

গল্পৰ দৰে

এটি শ্ৰাদ্ধ উপলক্ষে আমি গৈ নিৰ্দিষ্ট ঘৰখনত উপস্হিত হৈছিলোগৈ ৷ চোতালৰ এফালে নাম প্ৰসংগ চলি আছিল ৷ আমাক আথে বেথে বাৰান্দাৰ পৰা আদৰি নিয়া মানুহজনৰ গা-ৰ কাষেদি মই চকা মকাকৈ দেখিছিলো হুইল ছেয়াৰত বহি থকা কণমানি জনীৰ মুখ ৷ উৎসুক মনৰ তাড়নাত তাইৰ কাষত বাৰান্দাতে বহি পৰিছিলো ৷ তাইৰ ধুনীয়া চকু হালিত নাই শিশুৰ সেই চিৰাচৰিত কৌতুহল অথবা চঞ্চলামি ৷ মাথো এক নিৰ্বাক চাৱনিৰে চাই ৰৈছে নাম প্ৰসংগত মগন ভকত সকলৰ ফালে ৷ শৰীৰৰ নিশ্চল অংগই যেন অনুভৱী সকলক বহুকথা নোসোধাকৈ কৈ দিবলৈ যথেষ্ট ! এবাৰ হাত ফুৰাই দিয়াৰ ইচ্ছা দমন কৰি গৃহস্হৰ আহ্বান ক্ৰমে ভিতৰলৈ গলো ৷ মনত হাজাৰ…
Read More
ঈশান অৱেষ্টি

ঈশান অৱেষ্টি

অতীতৰ দিনবোৰৰ মাদকতাত আজিও প্ৰাণ পাই মোৰ সত্তা। জীৱন প্ৰতিযোগিতাত ভাগ নোলোৱা আমাৰ স্বাধীন মনবোৰ, কিমান যে কোমল আৰু পবিত্ৰ সেই অনুভূতি।মনটো উৰা মাৰে মোৰ আপোন মানুহবোৰৰ ওচৰলৈ। ৰং ধেমালি, হাঁহি-কান্দোনেৰে মিঠা মিঠা স্মৃতি গঢ়া পৰস্পৰৰ জীৱন-সাক্ষী, "আমি চাৰিও ভাই ভনী"।বেছি লৰা ছোৱালী থকা ঘৰত কিমান বেছি ৰং ধেমালি হ'ব পাৰে ঘৰৰ একমাত্ৰ সন্তানবোৰে নিশ্চয় উপলব্ধি কৰিব নোৱাৰিব।বৰ্তমানৰ ব্যস্ততা ভৰা জীৱনত ইয়াৰ বিকল্পও নাই। মোৰ বাইদেউ আৰু ভাইটিক লৈ কিবাকিবি লিখিছোঁ আগতেও, আজি পিছে চাৰিও ভাই ভনীৰ দ্বিতীয় জন মানে মোৰ একমাত্ৰ দাদাৰ কথা লিখিব ওলাইছোঁ। সি বৰ্তমান বাংগালোৰৰ এটা বহুজাতিক কোম্পানীত কাম কৰে।এজনী মৰম লগা পৰিৰে সৈতে দাদা বৌৰ…
Read More
নতুন দিল্লীৰ অ’লা চালকৰ বদান্যতা

নতুন দিল্লীৰ অ’লা চালকৰ বদান্যতা

বিশেষ ৰাজহুৱা কাম এটিৰ বাবে নতুন দিল্লীৰ চাউথ ব্লকত থকা সামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়লৈ প্ৰথম বাৰৰ বাবে গৈছিলো ৷ দুবছৰ আগতে ৷ সকলো ক্ষেত্ৰতেই শেষ ভৰষাৰ স্থল আমাৰ সামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ পোৱাটোৱেই আমাৰ নিচিনা সাধাৰন ব্যক্তিৰ বাবে নি:সন্দেহে অতি গৌৰৱৰ বিষয় !! তাতেই আকৌ সাক্ষাৎ কৰিবলৈ যোৱা শীৰ্ষ সামৰিক বিষয়া গৰাকী আমাৰ অসমৰেইএগৰাকী কৃতী সন্তান ! ইমান দিনে তেখেতৰ বিষয়ে শুনিহে আছিলো ! সেয়ে নিৰ্দিষ্ট দিনটোৰ পুৱাৰে পৰাই উৎকণ্ঠিত হৈ আছিলো ৷ কৈলাশ কলনী স্থিত 'বড়োলেণ্ড অতিথি শালা'ৰ পৰা অ'লা কাৰ এখনেৰে যাত্ৰা আৰম্ভ কৰিলো ৷ লগত মোৰ প্ৰিয় সতীৰ্থ এজন৷ অ'লা চালক জন বেছ ফূৰ্তিবাজ ডেকা…
Read More
শৈশব

শৈশব

অকণমানি লৰা দুটালৈ চালে পাৰুলৰ দুখেই লাগি যায়। চাৰি মাহ হল ঘৰতে সোমাই আছে। এনেই আজিকালি খেলা ঠাইৰ নাটনি, মাজে সময়ে যি শিশু উদ্যানলৈ গৈ খেলিছিল, এতিয়া তাকো বন্ধ এই কোৰোনা মহামাৰীৰ বাবে। ইন্টাৰনেটোয়েই যেন এতিয়া সিঁহতৰ মনোৰঞ্জনৰ একমাত্র মাধ্যম হৈ পৰিছে। পাৰুলৰ মন যায় লৰা দুটাক হাতত ধৰি তাইৰ শৈশবৰ দিন বোৰলৈ লৈ যাবলৈ যত আছিল মুকলি আকাশৰ তলত মুকলি পথাৰ আৰু আছিল বহুত সমনীয়া লৰা ছোৱালী। নাছিল কোনো ইন্টাৰনেট বা শিশু উদ্যান। তাত আছিল গছত ৰছীৰে বান্ধি বনোৱা জুলনা আৰু তামোল গছৰ ঢকুৱাৰে চোচৰাই নিয়া গাড়ী। ফটা কাপোৰেৰে বনোৱা কইনা দৰা আৰু গোল গোল শিল গুটিৰ পাচগুটি খেলা।…
Read More
গুলপীয়া পুতলা

গুলপীয়া পুতলা

হয়নে মণি!!! তোৰ লৰা এটা বুলিহে শুনিছিলো । এইজনী চোন গোটেই ছোৱালী। হাঁহি হাঁহি মোৰ লৰাটোক উদ্দেশ্য কৰি কয় মানুহগৰাকীয়ে। মোৰ কাষতে বহি থকা মোৰ চাৰি বছৰীয়া লৰাটোৱে তাৰ কথা যে কিবা বেয়া কৈছে সেইটো ভাবি অলপ সেমানা সেমেনি কৰি মোৰ গাতে গাটো লগাই দিয়েহি । মই তাৰ ফালে চাওঁ সি অসহজ ভাৱ এটা লৈ মোৰ চকুলৈ চাই আছে। কিন্তু তেতিয়াও তাৰ মৰমৰ পুতলা "মিমি" টোক এৰি দিয়া নাই । মই মানুহগৰাকীৰ মুখলৈ চালো। মোৰ চাৰি বছৰীয়া সৰু লৰাটোৰ অসহজ অৱস্থাটোৰ আনন্দ লৈছে।অলপ সময়ৰ বাবে শিক্ষিত মানুহগৰাকী মোৰ কিবা মানসিক ৰোগী এনেকুৱা লাগি গ'ল। শিশু হলেও তাৰ আত্মসম্মান বোলা বস্তু…
Read More
চিনাকি মানুহ অচিনাকি মন

চিনাকি মানুহ অচিনাকি মন

----এখন "চৌ ক'জ নটিচ্----" ১) চিকিৎসালয় চৌহদ হাবি-জংঘলেৰে ভৰি পৰিছে। ২) চিকিৎসক কোৱাটাৰত নাথাকে। ৩) ডাক্তৰক কেচ্ ত মাতিলে নাযায়--ইত্যাদি। -----চৌবিশ ঘন্টাৰ ভিতৰত যথা-যথ উত্তৰ নাপালে আইনী ব্যৱস্থা লোৱা হব-----ডিভিঅ'--গোলাঘাট। --ধোদৰ আলিৰ কাষতে মোৰ চিকিৎসালয়,,এই মাত্ৰ গাড়ী এখন ৰখাই লেফাফাটো দি গ'ল।গাড়ী চালকৰ চিতৰ পৰা ৰঙা-বগা মানুহজনে কেৰাহীকৈ ক'লা চচমা ফাকেদি চাই গ'ল---।যেন কৈ গ'ল --- পাবি মজ্জা---, মই হতভম্ব, গোকাট মিছা কথাবোৰ,,, মই সপৰিয়ালে ইয়াতে থাকো,,, ঘৰে ঘৰে একোখনকৈ ফুলনি আছে, ,ক'ল কেচ্ আহে নেকি ৰৈ থাকো---।চাৰিটা ধুনীয়া কোৱাটাৰ---। মইটো খঙত টিঙ্গিৰিতুলা হৈ যাব লাগিছিল,,---নহ'লো----বৰ শ'লঠেকত পৰিলো---,কি কৰো---এবাৰ --এই কথাই কথা নহয় বুলি---সঁচা কথাবোৰ লিখিবলৈ ল'লো-----শ্ৰীমতীক মাত লগাই বাইকত…
Read More
বিনিতাৰ কথাৰে

বিনিতাৰ কথাৰে

“ তোমাৰ কৰুণ চকুহালে মোক অহৰহ সোঁৱৰণীৰ দলিচালৈ লৈ যায় । পথাৰৰ বিহুৱা বড়গছৰ তলত আজিও যেন অপেক্ষাৰত তোমাৰ অৱয়ব ।তোমাৰ দুবাহুৰ মিঠা সোঁৱৰণী বুকুত বান্ধি কিমান আৰু তপস্যা কৰিম ? মই মীৰা হ’ব খুজিছিলো ,নোৱাৰিলো। ৰাধা হ’বও নোৱাৰিলো । এক স্বাপদৰ দৰে নিজকে গিলি গ’লো। সেয়ে হয়তো মই আজিও জীৱন বীণাৰ এক বেসুৰা চাৰণ গীত তোমাৰ বাবে, সকলোৰে বাবে”- মধুমিতাই লিখিবলৈ লোৱা গল্পটোৰ আৰম্ভণি ভাল হ’বনে ন’হব ভাবি থমকি ৰ’ল। কালি বিনিতাক লগ পোৱাৰ পিছৰ পৰাই তাইৰ বুকুত অনামী দুখবোধে শিপাই উঠিছে। কি অদ্ভুত সহনশীল মহিলা। পঢ়াত চোকা, সুন্দৰী, ধনীৰ ঘৰৰ ছোৱালী হৈও বিনয়ী, ধীৰ-স্থিৰ স্বভাৱৰ বাবে কলেজীয়া জীৱনত…
Read More
ৰোমন্থন

ৰোমন্থন

বাৰিষা নৈ খন যেতিয়া ফেনে ফুটুকাৰে বাঢ়ি আহে তেতিয়াই অলকানন্দা সন্ধিয়া আহি নৈ খনৰ পাৰতে বহি অতীতক সোৱৰি চকুলো টুকে। এনেকৈ কুৰিটা বছৰ পাৰ হৈ গল।নিৰবিছিন্ন ভাবে অলকানন্দায়ো বছৰি নৈখনৰ পাৰলৈ আহি বহে আৰু চকুলো টুকে.... আজিও অলকানন্দাই কৰণীয় কামখিনি আজৰি কৰি নৈৰ পাৰলৈ বুলি খোজ লওঁতেই পাছৰপৰা ডাঙৰ লৰা নিবিৰৰ মাতত থমকি ৰল... "মা.... "ও...কোৱা... আজি সোণকালে আহিলা যে কলেজ ছুটি হল নেকি?" "নাই...তোমাক কথা এটা সুধিম বুলি বহুদিনৰ পৰাই ভাবি আছিলো সেয়ে আজি.... অলকানন্দা কিছু অপ্ৰস্তুত হলেও মুখৰ ভাৱলেশ কিছু গহীন কৰি কলে.….কোৱা কি সুধিবা... "ভিতৰলৈ আহা মা....ৰূমতে বহি... "বাৰু বলা... নিবিৰে মাকৰ হাতত ধৰি চকীখনত বহুৱাই নিজেও…
Read More
চিনেমা হল

চিনেমা হল

ভেটেনাৰী পঢ়ি থকাৰ সময়ৰ কথা। মই আৰু মোৰ এগৰাকী সহপাঠী বান্ধবী আমি দুইজনীয়ে খুব চিনেমা চাইচিলো। ডাউন টাউনত থকা উদেষ্ণা হল টো আমাৰ দুইজনীৰ বৰ মৰমৰ আৰু আপোনৰ আচিল আৰু চিলং ৰেষ্টুৰেণ্ট খন যেন আমাৰ ভাতঘৰ। সদায় সপ্তাহৰ শুকুৰ বাৰে চিনেমা সলনি কৰে । আটাইতকৈ মজাৰ কথাটো হল আমাৰ শনিবাৰে ১২:৩০ বজাত ক্লাচ শেষ হৈ যায়। আমাক আৰু কোনে পায়, হোষ্টেল পাই চেলোৱাৰ জোৰ খুলিয়েই জিনৰ পেন্ত টো পিন্ধি লও। চিনেমা চাবলে গলে জিনচ আৰু লিপিষ্টক লগাই ষ্টাইল কৰি যোৱাটো আমাৰ নিয়ম। লগেলগে চিটিবাচত উঠি ডাউন টাউন পাওগে। প্ৰথমে চিলং ৰেষ্টুত সোমাই খাই লও তাৰপিছত হললৈ যাও। এনেকৈয়ৈ সদায় আমাৰ…
Read More
দেউতা

দেউতা

সৰুৰে পৰা দেউতাকে অন্তৰাক সাহসী হবলৈ শিকাইছিল।জীৱনৰ কোনো কামতে তাই পিছ পৰি থকা বিধৰ নাছিল।বাহিৰত চাকৰি কৰা নতুনকৈ বিয়া কৰোৱা তাইৰ মৰমৰ ককায়েকে ঘৰখনলৈ আহিলে যেতিয়া গাড়ী এখন নথকাত বৌয়েকক লৈ ইফাল সিফাল যাবলৈ অসুবিধাত পৰে তাইৰ ভাল নালাগে।সেয়ে নিজৰ চাকৰিৰ টকাৰে পছন্দৰ গাড়ী এখন ললে অন্তৰাই। অকলে সমস্ত খিনিয়েই কৰিব পাৰে তাই।তিনিদিনত গাড়ী খন চলাবও শিকিলে।এতিয়া দেউতাকক কেতিয়াবা ৰেল ষ্টেচনৰ পৰা অনা নিয়া কৰা, মাকক বজাৰলৈ লৈ যোৱা , নিজৰ অফিচ অহা যোৱা সকলোতে বহুখিনি কষ্ট কমি গৈছিল।দেউতাকে যেতিয়া অভিমান কৰি কয় "আমাৰ মাজনী ঠিক আছে।কোনোক্ষেত্ৰতেই ভয় খাই ৰৈ যোৱাবিধৰ নহয় তাই।" কথাষাৰত বুজাব নোৱাৰা সুখত গডগড হৈ পৰে…
Read More