04
Jul
প্ৰায় এবছৰ হ'বৰ হৈছিল অৰ্চিতা আৰু সমীৰে ব্ৰেকাপ কৰা।ইমান প্ৰেম আছিল সিহঁতৰ মাজত, কিন্তু সময় আৰু পৰিস্থিতি যে নিষ্ঠুৰ!দুয়ো দুয়োকে সহ্য কৰিব নোৱাৰা হৈ আহিছিল কেইটামান মাহৰ পৰা।আৰু দুয়োয়ে ব্ৰেকাপ ৰ সিদ্ধান্ত লৈছিল সেই দিনা সন্ধিয়া, যিদিনা সিহঁতৰ মাজত কাজিয়া ইমান বাঢ়ি গৈছিল যে সমীৰে ক'ব নোৱাৰাকৈ খঙত হাত তুলিছিল অৰ্চিতৰ ওপৰত। আজি এবছৰে ইজনে সিজনৰ সৈতে সংযোগ কৰিব চেষ্টা কৰা নাই।ব্যস্ততাও চাগে খুবেই বেছি আছিল জীৱনত,যে অনুভৱ কৰিবলৈ সময় পোৱা নাই প্ৰেমৰ অভাৱ ৰ।আৰু সমীৰৰ এই ব্যস্ত জীৱনেই তো আছিল সিহঁতৰ কাজিয়াৰ উৎস।অৰ্চিতাৰ নিজকে অদৰকাৰি যেন অনুভৱ হৈছিল সমীৰৰ জীৱন ত।অকমান সময়ৰ বাহিৰে কিনো বিচাৰিছিল তাই। সমীৰ নিজৰ ব্যৱসায়ত…