নিবিচাৰো মই ।
নিবিচাৰো মই, তোমাৰ মৰম ।
নালাগে, নালাগে তোমাৰ হাতৰ পৰশ ।
তুমি, এৰি যোৱাৰ দিনৰে পৰা, মইতো ইয়াতেই ।
নাজানো, কিয় বা এৰি গ’লা মোক ,
কিবা, বেয়া পালা ছাগে ।
চিন্তা নকৰিবা ।
তোমাক, আৰু কেতিয়াও আমনি নকৰো ।
তোমাৰ অবিহনেতো মই জীয়াই থাকিব নোৱাৰো ।
সেয়ে, এতিয়া মই মৃত্যুৰ শীতল কোলাত ।
চিনি পাইছানে মোক ?
মই তোমাৰ সদ্যজাত সন্তান, মা
যাক, তুমি আকোৱালী লৈছিলা ,
মাত্ৰ কেইটিমান মুহুৰ্ত্তৰ বাবে ।
আৰু ……………………………….
ল’ৰাল’ৰিকৈ মাজ নিশা, এৰি গৈছিলা,
চহৰৰ এই ডাষ্টবিন টোত ।
✍ দীপাংক শৰ্ম্মা