চিনেমা

Movie reviews in Assamese. Assamese films

অমিতাভ বচ্চন

অমিতাভ বচ্চন

গলগলীয়া কন্ঠস্বৰৰ বাবেই এসময়ত আকাশবাণীয়ে প্ৰত্যাখ্যান কৰা এই প্ৰখ্যাত ব্যক্তিগৰাকীয়ে বৰ্তমানলৈ চিনেমাত প্ৰায় ৪০ টাকৈ গীত গাইছে।দেউতাকে জন্মৰ সময়ত নাম দিব বিছাৰিছিল ইনকিলাব শ্ৰীবাস্তৱ।কালক্ৰমত সেই নামৰ ঠাইত তেওঁ আন এটা নামেৰে প্ৰখ্যাত হৈ পৰিল।কবি সুমিত্ৰা নন্দন পন্তৰ পৰামৰ্শ অনুযায়ী পিতৃয়ে যি নাম ৰাখিলে সেই নামেৰেই জগত জিনিলে এইগৰাকী মহান ব্যক্তিয়ে।নিজৰ নামৰ পাছত থকা শ্ৰীবাস্তৱ উপাধিটো আতৰাই পিতৃৰ উপাধি গ্ৰহণ কৰিলে তেওঁ এটা সময়ত। সেই তাহানিৰ বম্বেত তেওঁৰ থাকিবলৈ ঘৰ নাছিল এটা সময়ত।ক'ত উজাগৰি নিশা কটাইছিল মেৰিন ড্ৰাইভত তাৰো হিচাপ নাই তেওঁৰ হাতত।এতিয়া তেওৰ বাসগৃহৰ সন্মুখত প্ৰতিদিনেই ভিৰ কৰেহি হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে।তেওঁৰ গুণমুগ্ধই প্ৰিয় অভিনেতাগৰাকীৰ এটা মাত্ৰ পলক পাবলৈ ৰৈ থাকে…
Read More
সমান্তৰাল

সমান্তৰাল

এখন সমতলত থাকি কাহানিও একলগ নোহোৱা সৰলৰেখাকেই গণিতত সমান্তৰাল ৰেখা বোলা হ'য় ৷৷ সমান্তৰাল ৰেখা ৰেলৰ চিৰিৰ দৰে কেতিয়াওঁ ওচৰ চাপিবও নোৱাৰে আৰু আতৰলৈ গুছি যাবও নোৱাৰে, সমান ব্যৱধানত আজীৱন একেলগে থাকি যায় দুডাল ৰেখা আৰু তাৰেই নাম সমান্তৰাল ৰেখা ৷৷ মানুহৰ জীৱনটো সমান্তৰাল জীৱন কিছুমান থাকে, সভ্য সমাজৰ প্ৰাকৃতিক (natural) জীৱন শৈলীৰ সমাজখনতে সভ্য সমাজৰ ধাৰণাত অপ্ৰাকৃতিক (un-natural) জীৱন শৈলীৰো এচাম মানুহ থাকে ৷৷ হয়তো সামাজিক আৰু পশ্চাদমুখী ধাৰণাৰ বাবেই দুয়োটা জীৱন কাষ চাপিবও নোৱাৰে অথচ দূৰ হবও নোৱাৰে, দুয়োটা জীৱন সমান্তৰাল হৈয়ে থাকি যায় ৷৷ সৰুতে মটৰ দূৰ্ঘটনাত পিতৃ মাতৃক হেৰুওৱা আলসুৱা লৰাটোৱে ডেকা বয়সলৈ বৰ্ডিং স্কুলতে পঢ়া…
Read More
ধীৰু ভূঞাৰ “প্ৰথম ৰাগিনী”

ধীৰু ভূঞাৰ “প্ৰথম ৰাগিনী”

গাভৰু ছোৱালীজনীয়ে টিকট কাউন্টাৰত টিকট কিনিবলৈ পইছা দি হাত সোমোৱাই দিয়ে,  কাউন্টাৰত বহি থকা মানুহজনে কয়: "বাইদেউ, টকাটো অচল, এইটো অচল টকা" চিনেমাখনৰ আৰম্ভনি এই দৃশ্যটোৰে, পৰবৰ্তী সময়ত তাই প্ৰেমত পৰে, প্ৰেমিকৰ সন্তান গৰ্ভত ধাৰণ কৰাৰ পিছত এদিন তেওঁক বিচাৰি তেওঁৰ ঘৰলৈ যায় ছোৱালী জনী ৷৷ প্ৰেমিকৰ ঘৰত লগ পায় তেওঁৰ সন্তান সম্ভবা পত্নীক, একো নোকোৱাকৈ তাৰ পৰা উভতি আহে, শেষত খ্ৰীষ্টিয়ান মিছনেৰী সকলৰ লগত নাৰ্চ হিচাপে নিজৰ জীৱন মানবজাতিৰ কল্যানৰ বাবে উচৰ্গা কৰি ব্যক্তিগত প্ৰেম আৰু প্ৰয়োজনীয়তাৰ সংজ্ঞা সলনি কৰি মানবীয় কৰ্তব্যবোধৰ মাজত তাই হেৰাই যায় ৷৷ প্ৰথম দৃশ্যটোৰ সংলাপটোৱে চিনেমাখনৰ পৰবৰ্তী ঘটনাক্ৰমৰ আভাস দিয়ে, টিকট কাউন্টাৰত তাইৰ টকাটো…
Read More
Is Love Enough Sir

Is Love Enough Sir

মহাৰাষ্ট্ৰৰ ভিতৰুৱা গাওঁ এখনৰ পৰা মুম্বাই চহৰত বনকৰা মহিলা ৰূপে নিয়োজিত ৰত্না ৷৷ ঘৰৰ পৰা মুম্বাইলৈ আহোতে বাটত বেগৰ পৰা উলিয়াই নীলা খাৰু দুমুঠি পিন্ধে দুয়োখন হাতত, একেই দুমুঠি খাৰু মুম্বাইৰ পৰা ঘৰলৈ যাওঁতে ঘৰ পোৱাৰ আগমূহুৰ্তত গাড়ীৰ ভিতৰতে খুলি পুনৰ বেগত ভৰাই লয় ৷৷ বিয়াৰ চাৰিমাহৰ পিছতে স্বামীৰ বিয়োগ হোৱা বিধবা ৰত্না ৷৷ নিউইয়ৰ্কত হব লগীয়া বিয়াখন বাকদত্তাই বাতিল কৰি দিয়াত পুনৰ ঘৰলৈ ঘূৰি অহা ৰিয়েল ষ্টেট বিল্ডাৰৰ পুত্ৰ নিসংগ অশ্বিন ৷৷ সীমাহীন শূণ্যতাৰ মাজতে দুয়োটা জীৱন, অশ্বিনৰ আৰু বনকৰা মহিলা ৰত্না দুয়ো নিজৰ নিজৰ কক্ষ পথত সন্ধান কৰিছে কেবল জীৱন জীয়াই থকাৰ যোগাত্মক দিশবোৰৰ •••• ৰত্নাই ঘৰুৱা কামৰ…
Read More
মিষ্টাৰ এণ্ড মিচেছ আইয়াৰ (Mr. and Mrs. Iyer)

মিষ্টাৰ এণ্ড মিচেছ আইয়াৰ (Mr. and Mrs. Iyer)

  নগৰীয়া জানজঁটৰ পৰা দূৰৈৰ এক পাহাৰী হিল ষ্টেচনৰ পৰা বাচ যাত্ৰা আৰম্ভ কৰে ভাৰতৰ জনপ্ৰিয় ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ ৰাজা চৌধুৰী (ৰাহুল বোস) ৷৷ একেখন বাচতে ৰাজাৰ সংগী হয় দক্ষিন ভাৰতীয় কঠোৰ পন্থী ব্ৰাক্ষ্মণ বোৱাৰী মিনাক্ষী আয়াৰ (কংকণা সেণ শৰ্মা) আৰু এবছৰীয়া শান্তানম ৷৷ বাছত উঠাই দিবলৈ অহা মিনাক্ষী আয়াৰৰ শহুৰে ৰাজা চৌধুৰীৰ ফটো পেপাৰ আলোচনীত দেখি অনুৰাগী হোৱাৰ বাবেই ৰাজাৰ লগত চিনাকী হৈ বাটটোত মিনাক্ষীৰ দায়িত্ব লবলৈ অনুৰোধ কৰে ৷৷বাটত মিনাক্ষীয়ে গম পায় ৰাজা চৌধুৰী আছলতে মুছলমান সম্প্ৰদায়ৰ হে যাৰ আচল নাম জাহাঙ্গীৰ চৌধুৰী ৷৷ মিনাক্ষীয়ে ৰাজাৰ পৰা দূৰত্ব বনাই লবলৈ আৰম্ভ কৰে আনকি একেটা বটলত মুখ লগাই পানী…
Read More
সোনার পাহাড় (সোণৰ পাহাৰ), Movie Review

সোনার পাহাড় (সোণৰ পাহাৰ), Movie Review

এটা সময়ত নিচেই কাষত থকা মানুহবোৰো দূৰ হৈ যায়, কেতিয়াবা থাপ মাৰি ধৰি ৰাখিবও নোৱাৰি সম্পৰ্কবোৰক ৷৷ আমি কওঁ মানুহ সলনি হৈ যোৱা বুলি কিন্তু সলনি হয় জানো মানুহ? যদি নহয় তেন্তে কিয় তিক্ততা আহে সম্পৰ্কবোৰৰ মাজত? আছলতে আমি কোনেও কাৰোৰে পৰা আতৰি নাযাওঁ, আমি হেৰাই যাওঁ কেতিয়াবা জীৱনৰ পথত  !! "মানুহ ডাঙৰ হোৱা মানেই চাগে হেৰাই যোৱা" সত্তৰ পয়সত্তৰ বছৰীয়া উপমা মূখাৰ্জীয়ে তেনেকৈয়ে ভাবে ৷৷ একমাত্ৰ পুত্ৰ সন্তানক লৈ গাভৰু কালতে বিধবা হোৱা লাইব্ৰেৰীয়ান হিচাপে চাকৰি কৰি অৱসৰ লোৱা উপমাই জীৱনটোত একমাত্ৰ সন্তান সৌম্যৰ বাহিৰে নিজাকৈ একোৱে নাভাবিলে ৷৷ অভাৱ অনাটনৰ সেই দিনবোৰত মাক পুতেকে ৰাতি কল্পনা কৰিছিল সোণৰ…
Read More
কেদাৰা (Kedara)

কেদাৰা (Kedara)

এজন পৰিপূৰ্ণ সফল মানুহ জীৱনৰ গতিত অকলশৰীয়া হৈ পৰিলে কি হয়? কেনেকুৱা হয় তেওঁৰ মানসিক অৱস্থা? বুকুৰ ভিতৰত কিমান জমা হব পাৰে অব্যক্ত যন্ত্ৰণা? সংসাৰ জীৱনৰ পৰা অপসাৰিত হোৱা মানুহজন সমাজতো হৈ পৰে অপসাৰিত, নিস্প্ৰয়োজন আৰু ঠাট্টা মস্কৰাৰ বিষয় ৷৷ তেনেকুৱা মানুহ এজন যদি আত্মমৰ্য্যদা আৰু অভিজাত হয় আৰু এদিন যদি সেই বুকুত চেপি ৰখা যন্ত্ৰণা আগ্নেয়গিৰিৰ দৰে বিস্ফোৰিত হয়?সকলো মানুহৰ জীৱনতেই ব্যৰ্থতা আছে আৰু থাকিবই ৷৷ সেই ব্যৰ্থতাৰ চাঁ-পোহৰৰ কাহিনীয়েই "কেদারা" ৷৷এজন নিসংগ "হরবোলা" শিল্পী নৰসিংহ ৷৷ হৰবোলা শব্দৰ অৰ্থ Mocking Bird ৷৷ মুখেৰে পশু পক্ষীৰ মাজত হুবহু উলিয়াব পৰা মানুহ ৷৷আকাশ চুই যোৱা নিসংগতাৰ মাজত এখন সংসাৰ তাৰ…
Read More
দ্যা জাপানীজ ৱাইফ

দ্যা জাপানীজ ৱাইফ

ভালপোৱাৰ অনুভৱ আচলতে কেনেকুৱা? হাজাৰ জনৰ ভীৰৰ মাজত কোনোবা এজনক বিশেষ যেন অনুভৱ কৰা আৰু তেওঁৰ প্ৰতি হৃদয়ত অশান্ত সাগৰ সদৃশ ঢৌৰ উঠা নমা ৷৷ মনলৈ আহে "এওঁকেই আজীবন নিজৰ কাষত বিচাৰো, তেওঁৰ অবিহনে জীৱনৰ সকলো প্ৰাপ্তিৰ মাজতো ৰব শূণ্যতা ৷৷ সমগ্ৰ পৃথিবীৰ বিনিময়তো যেন তেওঁকেই বিচাৰে মনে" কিন্তু ভালপোৱা ব্যক্তি জন যদি হাজাৰ হাজাৰ মাইল আতৰত থাকে? যদি কোনোদিনেই সো-শৰীৰে দেখা নাই, যাৰ হাতত হাত থৈ চকুত চকু থৈ হাজাৰ হাজাৰ অভিমান মোহাৰি পেলাব পৰা নাই? সেই ভালপোৱাৰ স্থায়িত্ব বা আয়ুস কিমান? পশ্চিমবংগৰ সুন্দৰবনৰ নিকটবৰ্তী অঞ্চলৰ গনিতৰ শিক্ষক স্নেহময় ৷৷ পত্ৰবন্ধুত্বৰ যোগেৰে প্ৰেম হয় জাপানৰ যুৱতী মিয়াজীৰ সৈতে, দুয়ো…
Read More