21
Sep
নগৰীয়া জানজঁটৰ পৰা দূৰৈৰ এক পাহাৰী হিল ষ্টেচনৰ পৰা বাচ যাত্ৰা আৰম্ভ কৰে ভাৰতৰ জনপ্ৰিয় ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ ৰাজা চৌধুৰী (ৰাহুল বোস) ৷৷ একেখন বাচতে ৰাজাৰ সংগী হয় দক্ষিন ভাৰতীয় কঠোৰ পন্থী ব্ৰাক্ষ্মণ বোৱাৰী মিনাক্ষী আয়াৰ (কংকণা সেণ শৰ্মা) আৰু এবছৰীয়া শান্তানম ৷৷ বাছত উঠাই দিবলৈ অহা মিনাক্ষী আয়াৰৰ শহুৰে ৰাজা চৌধুৰীৰ ফটো পেপাৰ আলোচনীত দেখি অনুৰাগী হোৱাৰ বাবেই ৰাজাৰ লগত চিনাকী হৈ বাটটোত মিনাক্ষীৰ দায়িত্ব লবলৈ অনুৰোধ কৰে ৷৷বাটত মিনাক্ষীয়ে গম পায় ৰাজা চৌধুৰী আছলতে মুছলমান সম্প্ৰদায়ৰ হে যাৰ আচল নাম জাহাঙ্গীৰ চৌধুৰী ৷৷ মিনাক্ষীয়ে ৰাজাৰ পৰা দূৰত্ব বনাই লবলৈ আৰম্ভ কৰে আনকি একেটা বটলত মুখ লগাই পানী…