28
Aug
এটা সময়ত নিচেই কাষত থকা মানুহবোৰো দূৰ হৈ যায়, কেতিয়াবা থাপ মাৰি ধৰি ৰাখিবও নোৱাৰি সম্পৰ্কবোৰক ৷৷ আমি কওঁ মানুহ সলনি হৈ যোৱা বুলি কিন্তু সলনি হয় জানো মানুহ? যদি নহয় তেন্তে কিয় তিক্ততা আহে সম্পৰ্কবোৰৰ মাজত? আছলতে আমি কোনেও কাৰোৰে পৰা আতৰি নাযাওঁ, আমি হেৰাই যাওঁ কেতিয়াবা জীৱনৰ পথত !! "মানুহ ডাঙৰ হোৱা মানেই চাগে হেৰাই যোৱা" সত্তৰ পয়সত্তৰ বছৰীয়া উপমা মূখাৰ্জীয়ে তেনেকৈয়ে ভাবে ৷৷ একমাত্ৰ পুত্ৰ সন্তানক লৈ গাভৰু কালতে বিধবা হোৱা লাইব্ৰেৰীয়ান হিচাপে চাকৰি কৰি অৱসৰ লোৱা উপমাই জীৱনটোত একমাত্ৰ সন্তান সৌম্যৰ বাহিৰে নিজাকৈ একোৱে নাভাবিলে ৷৷ অভাৱ অনাটনৰ সেই দিনবোৰত মাক পুতেকে ৰাতি কল্পনা কৰিছিল সোণৰ…