27
Aug
দ্যা জাপানীজ ৱাইফ (Movie Review) ভালপোৱাৰ অনুভৱ আচলতে কেনেকুৱা? হাজাৰ জনৰ ভীৰৰ মাজত কোনোবা এজনক বিশেষ যেন অনুভৱ কৰা আৰু তেওঁৰ প্ৰতি হৃদয়ত অশান্ত সাগৰ সদৃশ ঢৌৰ উঠা নমা ৷৷ মনলৈ আহে "এওঁকেই আজীবন নিজৰ কাষত বিচাৰো, তেওঁৰ অবিহনে জীৱনৰ সকলো প্ৰাপ্তিৰ মাজতো ৰব শূণ্যতা ৷৷ সমগ্ৰ পৃথিবীৰ বিনিময়তো যেন তেওঁকেই বিচাৰে মনে" কিন্তু ভালপোৱা ব্যক্তি জন যদি হাজাৰ হাজাৰ মাইল আতৰত থাকে? যদি কোনোদিনেই সো-শৰীৰে দেখা নাই, যাৰ হাতত হাত থৈ চকুত চকু থৈ হাজাৰ হাজাৰ অভিমান মোহাৰি পেলাব পৰা নাই? সেই ভালপোৱাৰ স্থায়িত্ব বা আয়ুস কিমান? পশ্চিমবংগৰ সুন্দৰবনৰ নিকটবৰ্তী অঞ্চলৰ গনিতৰ শিক্ষক স্নেহময় ৷৷ পত্ৰবন্ধুত্বৰ যোগেৰে প্ৰেম হয়…