21
Sep
মহাৰাষ্ট্ৰৰ ভিতৰুৱা গাওঁ এখনৰ পৰা মুম্বাই চহৰত বনকৰা মহিলা ৰূপে নিয়োজিত ৰত্না ৷৷ ঘৰৰ পৰা মুম্বাইলৈ আহোতে বাটত বেগৰ পৰা উলিয়াই নীলা খাৰু দুমুঠি পিন্ধে দুয়োখন হাতত, একেই দুমুঠি খাৰু মুম্বাইৰ পৰা ঘৰলৈ যাওঁতে ঘৰ পোৱাৰ আগমূহুৰ্তত গাড়ীৰ ভিতৰতে খুলি পুনৰ বেগত ভৰাই লয় ৷৷ বিয়াৰ চাৰিমাহৰ পিছতে স্বামীৰ বিয়োগ হোৱা বিধবা ৰত্না ৷৷ নিউইয়ৰ্কত হব লগীয়া বিয়াখন বাকদত্তাই বাতিল কৰি দিয়াত পুনৰ ঘৰলৈ ঘূৰি অহা ৰিয়েল ষ্টেট বিল্ডাৰৰ পুত্ৰ নিসংগ অশ্বিন ৷৷ সীমাহীন শূণ্যতাৰ মাজতে দুয়োটা জীৱন, অশ্বিনৰ আৰু বনকৰা মহিলা ৰত্না দুয়ো নিজৰ নিজৰ কক্ষ পথত সন্ধান কৰিছে কেবল জীৱন জীয়াই থকাৰ যোগাত্মক দিশবোৰৰ •••• ৰত্নাই ঘৰুৱা কামৰ…