ঈশান অৱেষ্টি

অতীতৰ দিনবোৰৰ মাদকতাত আজিও প্ৰাণ পাই মোৰ সত্তা। জীৱন প্ৰতিযোগিতাত ভাগ নোলোৱা আমাৰ স্বাধীন মনবোৰ, কিমান যে কোমল আৰু পবিত্ৰ সেই অনুভূতি।মনটো উৰা মাৰে মোৰ আপোন মানুহবোৰৰ ওচৰলৈ। ৰং ধেমালি, হাঁহি-কান্দোনেৰে মিঠা মিঠা স্মৃতি গঢ়া পৰস্পৰৰ জীৱন-সাক্ষী, “আমি চাৰিও ভাই ভনী”।বেছি লৰা ছোৱালী থকা ঘৰত কিমান বেছি ৰং ধেমালি হ’ব পাৰে ঘৰৰ একমাত্ৰ সন্তানবোৰে নিশ্চয় উপলব্ধি কৰিব নোৱাৰিব।বৰ্তমানৰ ব্যস্ততা ভৰা জীৱনত ইয়াৰ বিকল্পও নাই।

মোৰ বাইদেউ আৰু ভাইটিক লৈ কিবাকিবি লিখিছোঁ আগতেও, আজি পিছে চাৰিও ভাই ভনীৰ দ্বিতীয় জন মানে মোৰ একমাত্ৰ দাদাৰ কথা লিখিব ওলাইছোঁ। সি বৰ্তমান বাংগালোৰৰ এটা বহুজাতিক কোম্পানীত কাম কৰে।এজনী মৰম লগা পৰিৰে সৈতে দাদা বৌৰ সংসাৰ পৰিপূৰ্ণ।

দাদাৰ স্বভাববোৰ অলপ দেউতাৰ লগত মিল থকা দেখা পাওঁ।সৰুতে তাৰ স্বভাৱটো “তাৰে জমিন পৰ” চিনেমা খনৰ শিশু চৰিত্ৰ ঈশান অৱেষ্টিৰ সৈতে বহুখিনি মিল আছিল।

সি কেন্দ্ৰীয় বিদ্যালয়ত পঢ়া।তেতিয়াৰ দিনত কম সংখ্যক অভিভাৱকে লৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়াইছিলে।মোৰ বাইদেউ অসমীয়া মাধ্যমৰ এজনী মেধাৱী ছাত্ৰী আছিলে। পিছে দাদাৰ পঢ়া পাতিৰ মতি গতি দেখি মা দেউতাই তলৰ দুজনক অসমীয়া মাধ্যমত দিয়াটোকে ঠিক কৰিলে।দাদাই জোতা পিন্ধি টাই মাৰি ফিটফাট ইউনিফৰ্ম লগাই স্কুল যোৱা দেখিলে আমাৰ মানে ভাইটি আৰু মোৰ তাৰ ওপৰত খুব খং উঠে।সেইযে চেন্ডেলযোৰ আৰু টিনৰ বাকচটোৰ সৈতে আমি স্কুললৈ ওলাও।উফফ কৈ দিব মন যায় দাদাক “হেৰৌ দুবছৰমান কমচেকম ভাল পাৰফৰ্মেঞ্চ দেখুৱাহেতেন আমিও জোতা টাই মাৰি ফিটফাটকে স্কুল যাব পাৰিলোঁহেতেন। পিছে সেই সপোন মোৰটো বাদেই ভাইটিৰো নফলিয়ালে।মেইন কালপ্ৰিত আমাৰ ঈশান অৱেষ্টি। ওলোটা তাৰ পঢ়াৰ দুৰ্গতি দেখি মাজতে তাকহে মা হতে ক- খ শিকাই খাটি অসমীয়া বনোৱাৰ প্ৰচেষ্টা চলোৱা দেখা গৈছিল, পিছে তাতো সুফল নাপালে চাগে,নাজানো।সি পিছে হায়াৰ চেকেণ্ডাৰীলৈ কেন্দ্ৰীয় বিদ্যালয়তেই থাকিল।

ঈশানে তেতিয়া সেই চিন্তাবোৰৰ পৰা আঁতৰত কোনোবা ভলিবল নাইবা ক্ৰিকেট গ্রুপত ভাল খেল জমাই আছিল।খেলত খুবেই ভাল সি সৰুৰে পৰা।মা-দেউতাৰ ইফালে তাৰ ভৱিষ্যতৰ চিন্তাত পাৰাপাৰ নোপোৱা অৱস্থা।জ্যোতিষীক দেখুৱাই মায়ে গম ললে যে তাৰ ওপৰত শনিৰ কুদৃষ্টিৰ প্ৰভাৱ এয়া।নিয়ম অনুসৰি ঘৰত প্ৰতি শনিবাৰে মাৰ লঘোণ লগতে শনিপুজা পতা হল প্ৰায় দুই তিনিবছৰ।তেনেকৈয়ে মাৰো ব্ৰত ৰখা প্ৰবৃত্তি এটাই পুলি অৱস্থাৰ পৰা পূৰ্ণাঙ্গ বৃক্ষ এডাললৈ গা কৰি উঠা নিজ চকুৰে দেখিছোঁ। পিছে যাৰ বাবে পূজা ৰখা হৈছিল তাক আকৌ ঘৰৰ পিছফালে থকা খেলপথাৰত ফুটবল খেলি থকাৰ পৰা গালি সপোনি পাৰি ঘৰলৈ আনি পূজাত বহুৱাব লগা অৱস্থা।

ভোলা ভালা দাদাটোক কিমান যে নিজেও থগাই পাইছো।এদিন কিহবাৰ গুটি এটা মুখতলৈ কৈছিলোঁ “মোক দেউতাই মৰ্তন দিলে” । বেচেৰাৰ কান্দি কান্দি তত নাই।

শনিবাবাৰ কৃপাতেই নে অন্য কাৰকৰ প্ৰভাৱতেই নাজানো, ক্লাছ ছিক্স মানলৈ পৰিৱৰ্তন পিছে আহিল।তাৰ ৰিজাল্টবোৰত ভালেখিনি উন্নতি দেখা পোৱা গ’ল।তেতিয়াৰ পৰাই মা ব্ৰতত বিশ্বাসী।এতিয়া গালি পৰিলেও সপ্তাহত দুটাকৈ ব্ৰত পালন কৰিবই।

দাদা সৰুৰে পৰা চিন্তাশীল, মৰমিয়াল, মৃদুভাষিক আৰু শান্তিপ্ৰিয়। অংকত খুবেই পাকৈত।লগতে আছিলে বিৰাট বেছি ন্যায় পৰায়ন।এদিন এখন দোকানত সি আৰু মই বজাৰ কৰোঁতে সোমাই কিবা এক দুইপদ বস্তু কিনি ঘৰলৈ ঘূৰিলোঁ।বজাৰৰ পৰা প্রায় চাৰি কিলোমিটাৰ মান অহাৰ পিছত তাৰ মনত পৰিল দোকানিজনে বস্তুৰ মূল্য ৰাখি তাক লগাতকৈ বেছি টকা ঘূৰাই দিলে।লগালগ বাইক ঘূৰাই সি টকাখিনি ৰিটাৰ্ন কৰি থৈ আহে। এই ঘটনাটোৱে তাৰ প্ৰতি মোৰ মনত শ্ৰদ্ধা ভাবৰ গঢ় দিয়ে।

পিছলৈ সি ইঞ্জিনিয়াৰিং কৰি এম টেকৰ শিক্ষা গ্ৰহণ কৰে। পিছে সেইদিনত চৰকাৰী চাকৰি খুব তাকৰ।সেয়ে সি বাহিৰলৈ যোৱাটোকে ঠিক কৰিলে আৰু ছফ্টৱেৰ হাব বুলি প্ৰসিদ্ধ বাংগালোৰ চহৰত তাৰ সপোন বাস্তৱায়িত হয়।চাকৰি পোৱা পিছতো সি নানা প্ৰকাৰে ঘৰৰ সকলোকে পাৰ্যমানে সহায় কৰি আহিছে। পৰিয়ালৰ সদস্যসকলৰ দুৰ্গতিৰ দিনত সাহস, প্ৰেৰণা আৰু সুবিচাৰ দিব পৰাকৈ মজবুত সদস্য জন সি। মোক এইবাৰ তালৈ যাওঁতে আচৰিত কৰি এযোৰ দায়মণ্ড ইয়াৰ ৰিং গিফ্ট দিয়ে। গিফ্ট পাই মই কান্দি পেলাইছিলোঁ।আচলতে মোৰ সুখৰ অনুভূতিবোৰ অশ্ৰু হৈ নিগৰিছিল।আগৰ জন্মৰ কিবা পুণ্যৰ ফলতে চাগৈ মই মোৰ পৰিয়ালৰ সদস্য সকলক পাইছোঁ।আজিও নেদেখা জনলৈ শত কৌটি প্ৰণাম , সকলোকে সুখী আৰু সমৃদ্ধিশালী কৰক।

ছোৱালী এজনীৰ বাবে তাইৰ দেউতাকেই হল জীৱনৰ প্ৰথম হিৰো।মোৰ বাবে কিন্তু মোৰ আদৰ্শবান দাদাও মোৰ জীৱনৰ হিৰো।

চয়নিকা নাথ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

− 3 = 2