শব্দই আঘাট হানে
শব্দ ই মায়াজাল গাঠে।
ভিন্ন ৰূপে দৰদী কণ্ঠ সজায়।
সময়ৰ বহু ৰাগত স্তব্ধ শব্দ
তথাপি ও উন্মুখ এটি শব্দ ৰ বাবে
কিজানি সাজিব পাৰি হৃদয় ৰ বাঘজাল।।
সপোনে গৰকা সময় বাংময় হৈ পৰে
বৰষুণৰ জিৰজিৰ শব্দ ই
বুকু ভেদি
অট্টহাস্য কৰে
নৈ খনৰ সাধুবোৰ আজি বেৰৰ জলঙাইদি
টপ্ টপ্ কৰে
কাগজ ৰ নাও বোৰ যে আজি
জীৱন্ত হল
কঠিয়া বোৰ ও ডৰক লাগি ৰল
বাৰিষা ৰ বানে
টগ্ বগ্ কৰে।
বৰ ভয় বৰ ভয়
কবিতা লগা বৰষুণ যে
তাণ্ডব হয়
তেতিয়া নতুন এটি সাধুৰ
পাতনি মেলে
জীয়া তেজলগা সাধুৰ।।।
✍ পৰিণীতা বৰঠাকুৰ