assamese story

এই প্ৰেম যুগ যুগান্তৰলৈ

এই প্ৰেম যুগ যুগান্তৰলৈ

এই প্ৰেম যুগ যুগান্তৰলৈ সাধাৰণতে যিটো বয়সত প্ৰেমৰ জোৱাৰ উঠে , সেইবয়সতেই চুমিৰ জীৱনলৈও প্ৰেমৰ প্ৰস্তাৱবোৰ আহিবলৈ ধৰিলে।ৰাস্তাৰে যাব নোৱাৰে ডেকা ল'ৰাবোৰৰপৰা বিভিন্ন কমেন্ট আহে,মুকলিকৈ ঘৰৰ বাৰাণ্ডাতো ক্ষন্তেক বহিব নোৱাৰে,দুৰণিৰপৰা চকু কেইবাহালে তাইকেই চাই থাকে।পুৱা গেট খুলিবলৈ গৈ কেতিয়াবা যদি কোনোবাই পেলাই থৈ যোৱা প্ৰেমপত্ৰ পাই কেতিয়াবা আকৌ স্বচক্ষে দেখা পাই কোনোবাজনক।তাইৰ বিৰক্তিত কপাল কোচ খাই আহে,আনেহে নালাগে সন্মানীয়জনৰ চকুতো তাই আজিকালি অলপ বেলেগ চাৱনি দেখে। তথাপিও তায়ো তেজ মঙহেৰে সৃষ্টি হোৱা জীৱ,তাইৰো কাৰোবাক ভাললাগিব পাৰে,অথচ তাইক আমনি কৰি থকা এজনকোচোন তাইৰ কিঞ্চিতো ভালনালাগে,বৰং ঘৃণাহে উপজে তেওঁলোকলৈ।অথচ,তাইৰ ভাললাগিবলৈ ধৰিলে সেইজনকহে যি তাইক সেই দৃষ্টিৰে নাচায়েই।কিন্তু বহু চেষ্টা কৰিও তাইৰ পক্ষে…
Read More
অনুশোচনা

অনুশোচনা

অনুশোচনা ( সত্য ঘটনাৰ ওপৰত ৰচিত গল্প ) : প্লিজ পাপা , মোৰ কথাটোতো শুনি লোৱা এবাৰ…… তনয়াৰ মাতত কৰুণ বিননি , কিন্তু দেউতাক হিচাপে তাইক বুজাৰ সলনি তেওঁ অগ্নিশৰ্মাহে হৈ পৰিল , অৱশ্যে তনয়াই জানিছিলেই , তাইৰ কথা অন্ততঃ দেউতাকে নুবুজে বুলি , তথাপিও কৈ চাইছিল , কিজানিবা তেওঁ সহাৰি জনায়েই । তেনেতে মোবাইলটো যে দেউতাকে জানি - বুজিয়েই কাটি দিলে তাই গম পালে , কান্দি - কান্দি ৰঙা পৰা চকু দুটা পুনৰ সেমেকি আহিল তাইৰ । : চা মাজনী , তোক আমি এতিয়া কেনেকৈ সহায় কৰো তয়ে ক'চোন , জাতে - পাতে নিমিলা মাথো কেইবছৰমানৰ চিনাকী ল'ৰাটোলৈ বিয়া…
Read More
Yam Raj in Quarantine (এক খুহুটীয়া গল্প)

Yam Raj in Quarantine (এক খুহুটীয়া গল্প)

Yam Raj in Quarantine  যমৰজাৰ জৰুৰী তলব । ৫ বজাৰ পৰা মিটিং । সকলো আহিব লাগে । যমলোকৰ সকলো আচৰিত । এনেকুৱা কি পৰিস্থিতি হ’ল যে যমৰজাই ততাতয়াকৈ মিটিং তলব কৰিব লগা হ’ল । ৰজাৰ হুকুম যেতিয়া যাবই লাগিব । চিত্ৰগুপ্তকে আদি কৰি সকলো উপস্থিত হ’লহি । কোনো পাতনি নেমেলাকৈয়ে যমৰজাই চিধাই চিত্ৰগুপ্তকে Charge কৰিলে – “চিত্ৰগুপ্ত, আপোনাক কিহে পাইছে । কোনো বাচবিচাৰ নোহোৱাকৈ গালে গালে কেছবোৰ আনি আছে যে মৰ্ত্যৰ পৰা । মোৰ ইয়াত over crowding   হোৱাৰ উপক্ৰম হৈছে । সেই সোপাক ভৰন পোষণ দিবলৈ ৰাজকোষৰ ধন নাটনি হোৱাৰ উপক্ৰম হৈছে । কি কাণ্ড হৈছে এইটো মোক  জৱাব লাগে…
Read More
মুড়ি

মুড়ি

মুড়ি :: আজি কল'নীৰ নতুন বাসিন্দা আৰোহী পাঠকৰ ঘৰত কল'নীৰ মহিলাসকলৰ কিটি পাৰ্টি। নতুন যদিও তাই আৰু গিৰিয়েকে চাকৰিত যোগদান কৰা ছমাহ হৈছে। আৰোহীক কাষৰ ফ্লেটৰ মন্জিমা বাইদেৱে ইতিমধ্যে তেওঁৰ ঘৰত হোৱা পাৰ্টিৰ দিনাই সকলোৰে লগত চিনাকি কৰাই দিছিল। মহিলা গোটটোত আৰোহীক জোৰ কৰি তেৱেঁই সুমুৱাই দিছিল। আৰোহীও গিৰিয়েকৰ দৰে চাহ বাগানখনৰ অভিযন্তা। বৰকৈ ইঘৰ সিঘৰ ফুৰিবলৈ যোৱাটো তাই ভাল নাপায়। কিন্তু 'অফিচাৰ্ছ ওৱাইভচ্' বোলা গোটটোত সন্মানৰ খাতিৰত সোমাই আছে। কিটি পাৰ্টি তাই ভাল নাপায়; সময় আৰু মেধাৰ অপচয় বুলি ভাৱে। তথাপি তিনিটামান পাৰ্টিত উপস্থিত আছিলগৈ। মুঠ দহগৰাকী মহিলা আৰোহীহঁতৰ লিভিং ৰূমত বহি গল্পত মছগুল। কাৰ্ডচ্ খেলিব অলপ পিছত। আৰোহী…
Read More
শ্ৰদ্ধয়া দেয়ম,অশ্ৰদ্ধয়া অদেয়ম

শ্ৰদ্ধয়া দেয়ম,অশ্ৰদ্ধয়া অদেয়ম

ঘৰখনলৈ বোৱাৰী হৈ অহা উপাসনাৰ প্ৰায় এবছৰেই হ'ল।এই এবছৰত বহুত নেদেখা ঠাই দেখিলে,বহু নজনা কথা জানিলে,বহু নকৰা কাম কৰিলে।অভিজ্ঞতাই শিকাই,জীৱন বৃত্তৰ চকৰিটো ঘূৰে,নোকোৱাকৈয়ে থাকি যায় বহু কথা,হৃদয়ত হাজাৰ ধুমুহাই কোবাই গ'লেও সংস্কাৰে বাধা দিয়ে বহু কথা হৃদয়তে ৰাখিবলৈ। কি নাই ঘৰখনত,ইঞ্জিনীয়াৰ স্বামী,প্ৰফেছৰ শহুৰ শাহু,মেডিকেল পঢ়ি থকা ডাক্তৰ প্ৰকৃতাৰ্থত এখন সুখৰ সংসাৰ,এটি সুখী পৰিয়াল।চালে চকু ৰোৱা কাৰুকাৰ্য খচিত এটি দালান,বৃহৎ আকাৰৰ গেটখনেদি সোমাই আহিলেই মন প্ৰাণ ভৰাই তোলা এখন সুন্দৰ বাগিচা,এখন সৰু সুৰা নাৰ্চাৰীয়েই।দামী দামী বস্তুৰে ভৰি থকা ড্ৰয়িং ৰুমটোৰ একোণত এটি পুথিভঁৰাল। মুঠতে এজন মানুহৰ সোমাইয়েই মোহি নিব পৰা ঘৰখনৰ পৰিবেশ।মাকহঁতৰ মুখত শুনি থকা ঘৰখনৰ কথা তাই বাস্তৱত দেখিছিল যিদিনা…
Read More
একাপ চাহৰ মিঠাখিনি

একাপ চাহৰ মিঠাখিনি

: মই লাহে লাহে মিঠা খোৱা কমাই দিম তনু। : হঠাৎ? : মোৰ দুজন বন্ধুক ডায়বেটিছে পালে। : বন্ধুৰ পৰা ডায়বেটিছৰ সংক্ৰমণ ঘটে বুলিচোন কেতিয়াও শুনা নাই! ফেমিলিত থাকিলেহে ...আৰু তুমিচোন মিঠাই নোখোৱাই! : জৰুৰী নহয় তনু। যিকোনো মানুহৰ যিকোনো বয়সত আৰু যিকোনো কাৰণত হ' ব পাৰে। মিঠাই এটা বাহানাহে। : মানে পাপা, ময়োতো মিঠাই নাখাও। তথাপি মোৰো হ'ব পাৰে? দহবছৰীয়া ৰিকুৱে পঢ়াৰ পৰাই মাত লগালে। : আৰু মোৰতো পাক্কা হ'ব। মাখিৰ দৰে মিঠাইৰ ওপৰতে পৰি থাকো নহয়। তনুশ্ৰীৰ ব্যঙ্গই অম্লানক ম্লান পেলাব নোৱাৰিলে। সি লাহে লাহে অভ্যাস গঢ়িলে চাহত চেনী কমাই খোৱা, মিঠা বস্তু একেবাৰে নোখোৱা। এদিন পায়সো পেলাই…
Read More