11
Apr
পুৱা শুই উঠিয়েই বেৰত ওলমি থকা কেলেণ্ডাৰখনলৈ মন কৰিলে প্ৰয়াত শিক্ষক বিনন্দ চৌধুৰীৰ পত্নী অৱসাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অপৰ্না চৌধুৰী বাইদেউয়ে | এডাল নাল ভগা চশমা পিন্ধি লাহে লাহে কেলেণ্ডাৰৰ ওচৰলৈ আগুৱাই গ'ল অপৰ্না বাইদেউ | আনদিনাৰ দৰে আজিও ৰঙা চিয়াঁহীৰ কলমটোৰে কেলেণ্ডাৰত আজিৰ তাৰিখৰ চাৰিওপিনে এটা বৃত্ত আঁকিলে | প্ৰায় এমাহমান আগৰে পৰা এনেদৰে প্ৰত্যেক দিনা প্ৰতিটো তাৰিখৰ চাৰিওপিনে বৃত্ত এটা অঁকাটো তেওঁৰ যেন এক অভ্যাসত পৰিণত হৈছে | যিমানেই কেলেণ্ডাৰখনত ৰঙা বৃত্তবোৰৰ সংখ্যা বাঢ়িছেগৈ সিমানেই সেই নিদিৰ্ষ্ট তাৰিখৰ দিনো চমু চাপি আহিছে | তাৰ লগে লগে অপৰ্না বাইদেউৰ মনটো ফৰকাল হৈ গৈ আছে | হয়টো !! আজিয়েই দেখোন সেই নিদিৰ্ষ্ট…