চুটিগল্প

কৰ্মফল

কৰ্মফল

: কোন তুমি ? —- অজানে মনৰ সকলো অনুভূতি মনতে সামৰি একেবাৰেই সাধাৰণ সুৰত অচিনাকী লোকক সুধাৰ দৰে সুধিলে । : এহ কি কৈছা তুমি এইবোৰ ……… ভুল হৈ গ'ল মোৰ, প্লিজ মাফ কৰি দিয়া —- আবেগভৰা কণ্ঠৰে কৈ উঠিল এইবাৰ ইতিয়ে । : অহ , ইটছ অকে —- বুলি অজান তাইক আওকান কৰি যাবলৈ ওলাল । কিন্তু তাই তাক পুনৰ আগচি ধৰি ক'লে —-- : আই এম ৰিয়েলি চৰী অজান । —-- ইপিনে মানুহেৰে ভৰি থকা বৃহৎ অট্টালিকাটোৰ গ্ৰাউন ফ্ল'ৰত ঠিয় হৈ থকা অজানৰ মানুহৰ আগত হৈ - হাল্লা কৰিবলৈ মন নগ'ল । সেয়ে সি ক'লে —-- : আই…
Read More
নিকৃষ্ট মানসিকতা

নিকৃষ্ট মানসিকতা

নাজানো কিয় আজিকালি এনে হ'বলৈ ধৰিছে মোৰ লগত ! দুদিন আগলৈকে যি মোক সন্মানৰ দৃষ্টিৰে চাইছিল অথবা যিসকলে বোৱাৰী বুলি সমীহ কৰি চলিছিল , সেইসকল লোকৰো কিন্তু আজিকালি মোলৈ বুলি বহুত চিন্তা । সেয়া লাগিলে মোৰ দেওৰ সম্পৰ্কীয়ই হওঁক নতুবা শহুৰৰ বয়সৰে খূড়া সম্বোধন কৰা লোকেই হওঁক। মুঠতে আজিকালি মোক লৈ মোতকৈ বেছি এইসকলৰহে চিন্তl । অথচ , মই তেওঁলোকতকৈ আৰ্থিক দিশত আগবঢ়া , মোৰ দুটা সন্তানৰ সৈতে মোৰ জীৱনো এতিয়া অধিক ব্যস্ততাৰে ভৰা , তেনেক্ষেত্ৰত তেওঁলোকৰ মোলৈ বুলি এনে অনাহকতে চিন্তা কিয় ? ওহো , প্ৰকৃততে কোনেও কাৰো বাবে অনাহকতে চিন্তা নকৰে , এনে ভুৱা চিন্তাৰ আঁৰত সকলোৰে মনত…
Read More
পুৰুষ মানেই

পুৰুষ মানেই

এখন সুন্দৰ গাৱঁলীয়া ঘৰ , আহল - বহল আগচোতাল - পাছচোতাল , আগচোতালৰ কাষে - কাষে যদি বিবিধ থলুৱা ফুলৰ গছ , পাছফালৰ বাৰীত আকৌ বিবিধ ফল - মূলকে ধৰি শাক - পাচলিৰ গছ । গোহালীত গৰু - পুখুৰীত মাছ , হাঁহ - পাৰৰ উপস্থিতিয়ে সজীৱ কৰি ৰখা এটা পৰিবেশ । তাৰোপৰি বছেৰেকৰ বাৰ মাহে লাগি থকা তাতঁশালখনে যেন সোণতেহে সোঁৱগা ৰচিছে। আগচোতালৰ এমুৰে পূবলৈ বুলি মুৰ কৰি থকা সৰু অথচ সুন্দৰকৈ লেপি - মুচি থোৱা গোসাঁইঘৰটো , তাৰ ঠিক সন্মুখতে তুলসীৰ ভেটিটো , য'ত বছৰৰ কেওটা মাহতে সন্ধ্যা চাকি জ্বলোৱা হয় । তাৰোপৰি আগচোতালৰে এমুৰে একাষৰীয়াকৈ থকা পাচঁটা প্ৰকাণ্ড…
Read More
ব্ৰাহ্মণকন্যাৰ কৰুণ গাঁথা

ব্ৰাহ্মণকন্যাৰ কৰুণ গাঁথা

ৰতি এগৰাকী ব্ৰাহ্মণ কন্যা । তাইৰ মাজত আচলতে ৰূপ অথবা গুণ কোনোটোৰে অকনো অভাৱ নাই , কিন্তু ৰূপ - গুণ দুয়োৰে অধিকাৰী হৈও তাই আজি পৰিত্যক্তা । প্ৰকৃততে , বহুজনৰ মতে এয়াই তাইৰ ভাগ্য , যি জনম লওঁতেই তাই লগত লৈ আহিছে । দূৰ্গেশ্বৰ শৰ্মাবৰদলৈৰ সৰু জী ৰতি । যাৰ জন্মই এনে ক্ষণত হৈছিল যে গণকৰদ্বাৰা বনোৱা জন্মপত্ৰিকাত তাইৰ ভবিষ্যতৰ সকলো ভালেই উল্লেখ আছিল । হওঁতেতো তাইৰ দেউতাকে নিজেই আন আন লোকৰ জনমপত্ৰিকা তৈয়াৰ কৰিছিল , কিন্তু নিজৰ ঘৰ বা পৰিয়ালৰলোকৰ এনেবোৰ কামৰপৰা তেওঁ সদায় দূৰত আছিল । অৱশ্যে , এই নিয়ম মুখে মুখেই চলি আহিছিল অতীজৰ পৰা যে যেনেকৈ…
Read More
সুনয়না তুমি

সুনয়না তুমি

উচ্চাকাংক্ষা , আত্মসন্মান আৰু আত্মবিশ্বাসে আজি সুনয়নাক এই ঠাইত উপনিত কৰাইছে । সৰুৰেপৰাই ভীষণ উচ্চকাংক্ষী আছিল সুনয়না , লাহে লাহে যিমানেই তাই ডাঙৰ হৈ আহিল সিমানেই তাইৰ দুচকুত এনে কিছু কথা - কাণ্ড ধৰা দিবলৈ ধৰিলে যে প্ৰথমাৱস্থাত কি কৰা উচিত তাই একো ঠিক কৰিব পৰা নাছিল । তেনেতেই এদিন তাইৰ হাতত পৰিল 'লজ্জা' নামৰ কিতাপখন । দুটামান পাঠ লুটিয়ায়েই তাইৰ ইমান ভাল লাগিল পঢ়ি যে অতি সোনকালেই গোটেইখন পঢ়ি শেষ কৰি পেলালে । তেতিয়াই তাই উপলদ্ধি কৰিলে , তাই ডাঙৰ হোৱাৰেপৰা যিবোৰ দেখি আহিছে সেইবোৰৰ পৰিসীমা বহুত ডাঙৰ , ই পৃথিৱীজুৰি আছে , গতিকে এইবোৰ কেৱল মাথো এগৰাকী দুগৰাকী…
Read More
বিভক্তিকৰণ

বিভক্তিকৰণ

নুৰহঁতৰ ঘৰখন বিদ্বানলোকৰ ঘৰ । দেউতাক স্থানীয় হায়াৰ চেকেণ্ডৰী স্কুলৰ প্ৰধান শিক্ষক আছিল , মাক গৃহিনী , তেওঁ লিখা - মেলা কৰা মহিলা । নুৰৰ ককায়েক আৰু বায়েকো পঢ়া - শুনা কৰি আজি নিজৰ ভৰিত নিজে ঠিয় দিছে । ককায়েকেতো আজিকালি দেউতাকৰ স্কুলখনতে বিষয় শিক্ষক হিচাপে সোমোৱাৰেপৰা পুৱাৰপৰা বহুকেইটা বেটচ টিউচন কৰে । বায়েকক বিয়া দিলে , তাই অফীচ এটাৰ ক্লাৰিকেলৰ হেদ , অৱশ্যে তাইৰ এই চাকৰিতো বিয়াৰ বহুদিনৰ পিছতহে পাইছে । একেবাৰে সৰু হৈছে নুৰ , তাইহে পঢ়া - শুনাত ইমান আগবঢ়া নহয় । আচলতে তায়ো বায়েকৰ সমপৰ্য্যায়ৰে বুলিব পাৰি , কিন্তু গ্ৰেজুৱেচন কৰাৰ পিছতে নিজৰ মনৰ পচন্দৰ লাইনক…
Read More
এই প্ৰেম যুগ যগান্তৰলৈ

এই প্ৰেম যুগ যগান্তৰলৈ

সাধাৰণতে যিটো বয়সত প্ৰেমৰ জোৱাৰ উঠে , সেইবয়সতেই চুমিৰ জীৱনলৈও প্ৰেমৰ প্ৰস্তাৱবোৰ আহিবলৈ ধৰিলে।ৰাস্তাৰে যাব নোৱাৰে ডেকা ল'ৰাবোৰৰপৰা বিভিন্ন কমেন্ট আহে,মুকলিকৈ ঘৰৰ বাৰাণ্ডাতো ক্ষন্তেক বহিব নোৱাৰে,দুৰণিৰপৰা চকু কেইবাহালে তাইকেই চাই থাকে।পুৱা গেট খুলিবলৈ গৈ কেতিয়াবা যদি কোনোবাই পেলাই থৈ যোৱা প্ৰেমপত্ৰ পাই কেতিয়াবা আকৌ স্বচক্ষে দেখা পাই কোনোবাজনক।তাইৰ বিৰক্তিত কপাল কোচ খাই আহে,আনেহে নালাগে সন্মানীয়জনৰ চকুতো তাই আজিকালি অলপ বেলেগ চাৱনি দেখে। তথাপিও তায়ো তেজ মঙহেৰে সৃষ্টি হোৱা জীৱ,তাইৰো কাৰোবাক ভাললাগিব পাৰে,অথচ তাইক আমনি কৰি থকা এজনকোচোন তাইৰ কিঞ্চিতো ভালনালাগে,বৰং ঘৃণাহে উপজে তেওঁলোকলৈ।অথচ,তাইৰ ভাললাগিবলৈ ধৰিলে সেইজনকহে যি তাইক সেই দৃষ্টিৰে নাচায়েই।কিন্তু বহু চেষ্টা কৰিও তাইৰ পক্ষে মনৰ কথাষাৰ তেওঁক জনোৱা…
Read More
অবৈধ কলংক’ৰ সংজ্ঞা বিচাৰি……

অবৈধ কলংক’ৰ সংজ্ঞা বিচাৰি……

: তই বৰ ভাল ছোৱালী পালি দেই , কি সুন্দৰ মাত - কথা , কি সুন্দৰ ব্যৱহাৰ , তাৰোপৰি ছোৱালীজনীৰ মুখখনো যেন কুণ্ডতহে কটা , দীঘল চুলিখিনি সামৰি কলডিলীয়া খোপাটি বান্ধি লৈ ডাঙৰকৈ ফোটটো লৈ ওলাই আহোতেই মই ধৰিব পাৰিলো , তোৰ ঘৰলৈ সাক্ষাৎ লক্ষিমী আহিল বুলি । —-- বুঢ়ী আইতা এজনীয়ে মুৰত হাত বুলাই দৰা অভিক ক'লে । আজি যিহেতু অভিহঁতৰ খোবা - খোবি , গতিকে গাঁৱৰ বুঢ়া - মখাই তাহাঁত দুয়োটাকে হিয়া উজাৰি আশীৰ্বাদ দি গ'ল । অভিৰ ঘৰৰপৰা বিদায় লৈ ঘূৰি যোৱা ভকতসকলৰ মাজতো প্ৰশংসাই শুনা গ'ল মাথো । : বুজিছা ৰমলা , এই বুঢ়ীয়ে শ বছৰ…
Read More
মুখা

মুখা

এই পাঁচমহীয়া গাত থকা মানুহজনীক মোহনে ইমানকৈ মৰিয়াইছে কিয় , কেনেবাকৈ পেটত দুখ পালে কোনো নাবাচে । নাই নাই মই এনেকৈ চাই থাকিলে নহ'ব , মানুহজনীক বচাওগৈ । মনতে কথাবোৰ পাগুলি মনে চাৰ্টটো পিন্ধি ওলাই যাবলৈ লৈছিল হে তেনেতে ঘৈনিয়েক মমীৰ সন্মুখীন হ'ল । : কি হ'ল ? ইমান খৰখেদাকৈ ক'ত যোৱা ? — মমীয়ে তাৰ খৰখেদা দেখিয়ে সুধিলে : এহ , এই মোহনটোক দুচাটমান দি আহোগৈ , চোৱাচোন কেনেকৈ গাভাৰী মানুহজনীক মাৰি আছে । —- মনে মমীলৈ চাই ক'লে আৰু ওলাই গ'ল খৰখেদাকৈ । : তুমি আন্ধাৰখনত ঘূৰি নুফুৰিবা । — সেয়া মনৰ সকিয়নি গেটৰ ওচৰৰপৰা । মমীয়ে জানিছিলেই…
Read More
জীৱনৰ জটিল অংক

জীৱনৰ জটিল অংক

জীৱনত এনে কিছুমান সংযোগ ঘটে যাৰ কল্পনা আমাৰ বাবে সপোনৰো অগোচৰ হয় । এইযে ওপৰত এজন বহি আছে , তেৱোঁ এনে সংযোগৰ সৃষ্টি হ'ব বুলি চাগৈ কেতিয়াও ভবা নাছিল , কোটী কোটী জীৱৰ জীৱন গগনা কৰি থাকোতেই হয়টো এনে এক অদ্ভূত সংযোগৰ ৰচনা ঘটি যায় তেওঁৰো অজানিতেই । জন্ম - মৃত্যু - বিবাহৰ দ্বায়িত্ব হেনো এই সৰগত বহি থকাজনৰ হাততেই ন্যস্ত থাকে , তেনেহ'লে প্ৰেমো ইয়াৰ ব্যতিক্ৰম নহ'ব চাগৈ । আচলতে সকলো ঘটনা - পৰিঘটনাৰে আঁৰত থকা হাতখনেই হ'ল তেওঁৰ হাত , নহ'লেনো এনে এক অদ্ভূত - অসম্ভৱ সংযোগ সম্ভৱনে ! সাগৰ তীৰত বালিৰ ওপৰত বহি আছে এজনী ছোৱালী ,…
Read More