04
Jul
ঘৰ এৰি অহাৰ দুখটোৱে হেঁচি ধৰিছে কুমকুমক।বিয়াৰ দিনাৰ ব্যস্ততা ভাগৰতকৈও তাই মাক আৰু ভনীয়েকক এৰি অহা দুখটোহে বেছিকৈ লাগিছে।আগতে জনা হ'লে তাই বিয়াই নহ'ল হয়।দূৰ হোৱাৰ বাবে তাইক আকৌ ঘৰ গছকাই লৈ যোৱা নহ'ল।থাকি ৰ'ল কুমকুম তাইৰ নিজৰ নতুন ঘৰখনত।নিয়ম মতে তাই আজি নতুন ঘৰখনত একো খাব নাপায় কিন্তু শাহু মাকৰ কথা অনুযায়ী টকা এটা দি তাই দুপৰীয়াৰ ভাত সাজ খালে।ভাত সাজ খাবলৈ লওঁতেই আকৌ মনত পৰিল এৰি অহা ঘৰখনলৈ।যেনেতেনে দুগহা খাই তাই আকৌ ৰুমলৈ আহিল।আহিয়েই মাকলৈ ফোনটো লগালে।মাকে হেল্ল' বুলিও ক'ব পৰা নাই।দুয়োজনীয়ে মাথোঁ কান্দিছে।ভাষাৰ অবিহনেই বুজি উঠিছে দুয়ো দুয়োৰে মনৰ কথা।ফোনটো কাটিও বহু সময় তাই কান্দি থাকিল।মনত পৰিল…