চুটিগল্প

বিশ্বাস – অবিশ্বাসৰ আঁৰত

বিশ্বাস – অবিশ্বাসৰ আঁৰত

বিশ্বাস - অবিশ্বাসৰ আঁৰত দহে নক'লেও মাকৰ মন , আইজনীৰ ষষ্ঠ ইন্দ্ৰিয়ই যেন কিবা ভয়ংকৰ অশনি সংকেতহে দি আছে অহৰ্নিশে , এনে লাগি থাকিল তাইৰ । হওঁতেতো ল'ৰাকণ মোমায়েকৰ ঘৰলৈহে গৈছে , তাকো নিজ ককাদেউতাকৰ লগত , ইপিনে আইজনীৰ মানুহজন বুধিন আজি দহদিনমানেই হ'ল , নৈ সিপাৰলৈ যোৱা , সিটো নৈখনৰ ইপাৰ - সিপাৰ কৰিয়েই থাকে , তথাপিও কিয় জানো তাইৰ অন্তৰাত্মা কপি আছে এইকেইদিন । এখন ভৰা ঘৰৰ বোৱাৰী আইজনী , শহুৰ - শাহু - দেওৰ - ননদেৰে ভৰি থকা ঘৰ তাইৰ । তাৰোপৰি তাইৰ নিজৰে দুজনীকৈ ছোৱালী আছে , এজনীয়ে এইবাৰ বহাগতে গাত কাপোৰ ল'লে , আনজনীয়েও কোনদিনা…
Read More
জীৱন কেনভাচ

জীৱন কেনভাচ

জীৱন কেনভাচ দৰিদ্ৰতাই পিছ নেৰা সাৱিত্ৰীৰ সাংসাৰ।উৱলি যোৱা ঘৰখনত থাকে তাইৰ সৈতে তাইৰ একমাত্ৰ ছোৱালী সবিতা। বিধবা মাকে খুউব কষ্টেৰে তাইক ডাঙৰ কৰিছে।দেখনে শুৱনে কিন্তু বেছ স্বাস্থৱন্ত সবিতা।মাগুৰবৰণীয়া ওঠৰ বছৰীয়া সাবিতাৰ চুলিকোছা পিঠিলৈকে পৰা, ঢৌ খেলুৱা, প্ৰায়ে মাজেৰে সেউটা ফালি পিটপিতিয়াকৈ বেণ্ড এডালেৰে বান্ধি ৰাখে।চুলিখিনিয়ে যেন তাইৰ সোন্দৰ্য্য। আন নহলেও চুলিখিনি তাই যত্নেৰে ৰাখে।লাহে লাহে তাইও বুজি উঠিছে যে তাইৰ চুলিত বহুতৰে চকু পৰে। গাভৰু সবিতাক মাক সাৱিত্ৰীয়ে এনেদৰে অকলে ৰাখিব লাহে লাহে ভয় খোৱা হল। মাকে কেতিয়াও নিবিচাৰে তাইৰ দৰেই সবিতাৰো জীৱন দৰিদ্ৰতাৰ গহ্বৰত জিন যোৱাটো।সাৱিত্ৰীয়ে মৰমৰ জীয়ৰীক গাওঁৰে প্ৰভাত মাষ্টৰৰ বিয়া দিয়া জীয়েকৰ কামৰ সহায়িকা হিচাবে ৰখাটোকে ঠিৰাং…
Read More
চেণ্ডেল

চেণ্ডেল

চেণ্ডেল প্ৰাচীন কালত ৰজা মহাৰজা দিনৰ পৰা আৰম্ভ কৰি ,বৰ্তমান ন ন বিজ্ঞান প্ৰযুক্তিৰ দিনত মানুহৰ দৈনন্দিন জীৱনৰ আটাইতকৈ লাগতিয়াল বস্তুবিধেই হৈছে চেণ্ডেল....ইয়াৰ অবিহনে মানুহে এতিয়া এখোজো খোজ দিবলৈকো অপাৰগ...পৃথিৱীৰ প্ৰায়ভাগ মানুহৰে চাগে অতিকমেও এযোৰকে হ'লেও চেণ্ডেল আছেই....অৱশ্যে সম্ভ্ৰান্ত বা চৌখিন মানুহৰ কথাটো অলপ বেলেগ ...পিছে এইক্ষেত্ৰত বৰুৱা পৰিয়ালো কম নহয়...বৰুৱাৰ পৰিয়াল বুলিবলৈ বৰুৱা বৰুৱানী ল'ৰা ছোৱালীহালে মুঠ চাৰিটা প্ৰানী....অৱশ্যে বৰুৱা পৰিয়ালৰ কাৰ কেইযোৰ জোতা চেণ্ডেল আছে সেইটো ক'বলৈ বিচৰা নাই...পিছে বৰুৱা পৰিয়ালৰ ঘৰত বিশেষ হাৱাই চেণ্ডেলকেইযোৰৰ কথাহে ক'বলৈ বিচাৰিছো ....সেয়ে লৈ ঘৰখনৰ মাজে মাজে সৰু সুৰা কিছুমান ঘটনা নঘটা নহয়.... চাবলৈ গ'লে বৰুৱা বৰুৱানী ল'ৰা ছোৱালী প্ৰত্যেকৰে তিনিযোৰকৈ হাৱাই…
Read More
উপলব্ধি

উপলব্ধি

উপলব্ধি খেলিমেলি চিন্তাবিলাকে গীতিকাক আজিকালি হতাশ কৰে ৷ তেতিয়া ভাবে, কৰবাত তাই বেয়াকৈয়ে পৰাজিত হৈ গ’ল ৷ কিন্তু ক’ত কেনেকৈ হ’ল তাই ধৰিব নোৱাৰে ৷ অনুভৱে মাজে মাজে তাইক চঞ্চল কৰিও পেলায় ৷ বিক্ষিপ্ত অস্থিৰতাৰ মাজত যেনিবা এটা সত্য বিচাৰি পায়; তাইৰ দৃঢ়তা ৷ কিন্তু কিছুসময়ৰ বাবে ৷ পিছতেই আকউ অস্থিৰতা ৷ প্ৰকাশ কৰি পাতলাবলৈও নোৱাৰে তাই || উপলব্ধিয়ে এতিয়া জীৱনৰ পথিকৃৎ ৷ ক্ষন্তেকীয়া উন্মাদনাই প্ৰশস্ত কৰি তোলা তাইৰ নীৰৱ সত্বা ক্ৰমে হৈ উঠে মনুষ্যত্বৰ অনুভূতি ৰক্ষা কৰিব নোৱাৰা একো একোটা জঁকা ৷ সময়ৰ অৱবাহিকাত প্ৰেমৰ সুৰটিও সুদীৰ্ঘ সময়ৰ স্মৃতি হৈ গ’ল || জেইলৰ পৰা ওলোৱা সুব্ৰতক প্ৰথমবাৰ লগ পাওঁতেই…
Read More
উপহাৰৰ বোজা

উপহাৰৰ বোজা

উপহাৰৰ বোজা "পিতাই আজি আনিব পাৰিলি নে"? জীয়েক ৰূপালীৰ মাতটো যেন এডাল অজগৰহৈ মেৰিয়াই ধৰিলে বিনন্দৰ ভৰি দুখন, লৰচৰ কৰিব নোৱাৰাকৈ। সি থমকি ৰ'ল। জীয়েকৰ এটা সৰু আৰ্জি পূৰণ কৰিব নোৱাৰাৰ অপৰাধ বোধত বিনন্দৰ মূৰটো হাউলি পৰিল, চকুজুৰি থৰ লাগি ৰ'ল ঘৰটোৰ উৱলি যোৱা বেৰ খনৰ তলৰ অংশটোত। অলপ ৰৈ কি কম কি নকম বুলি ভাবি হাতত থকা বস্তু কেইপদৰ টোপোলাটো তাইৰ চকুলৈ নোচোৱাকৈ আগবঢ়াই দি কলে, " তহঁতে দেখিছ নহয়, এই এসপ্তাহ ৰঙালাউ কেইটা বেচিবৰ বাবে ৰাস্তাত উলিয়াই দিছোঁ আৰু সুমুৱাই থৈছোঁ মাত্ৰ। গ্ৰাহক নাই, বজাৰ নাই। টেঙা মৰা পাত কেইমুঠি বেছি যি সত্তৰ আশী টকা পাওঁ তাৰেই তেল,…
Read More
কেলেণ্ডাৰ

কেলেণ্ডাৰ

কেলেণ্ডাৰ:: পুৱা শুই উঠিয়েই বেৰত ওলমি থকা কেলেণ্ডাৰখনলৈ মন কৰিলে প্ৰয়াত শিক্ষক বিনন্দ চৌধুৰীৰ পত্নী অৱসাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অপৰ্না চৌধুৰী বাইদেউয়ে | এডাল নাল ভগা চশমা পিন্ধি লাহে লাহে কেলেণ্ডাৰৰ ওচৰলৈ আগুৱাই গ'ল অপৰ্না বাইদেউ | আনদিনাৰ দৰে আজিও ৰঙা চিয়াঁহীৰ কলমটোৰে কেলেণ্ডাৰত আজিৰ তাৰিখৰ চাৰিওপিনে এটা বৃত্ত আঁকিলে | প্ৰায় এমাহমান আগৰে পৰা এনেদৰে প্ৰত্যেক দিনা প্ৰতিটো তাৰিখৰ চাৰিওপিনে বৃত্ত এটা অঁকাটো তেওঁৰ যেন এক অভ্যাসত পৰিণত হৈছে | যিমানেই কেলেণ্ডাৰখনত ৰঙা বৃত্তবোৰৰ সংখ্যা বাঢ়িছেগৈ সিমানেই সেই নিদিৰ্ষ্ট তাৰিখৰ দিনো চমু চাপি আহিছে | তাৰ লগে লগে অপৰ্না বাইদেউৰ মনটো ফৰকাল হৈ গৈ আছে | হয়টো !! আজিয়েই দেখোন সেই…
Read More
ৰঙা ৰেখাডাল

ৰঙা ৰেখাডাল

ৰঙা ৰেখাডাল : আপুনি কিয় সেন্দুৰ নলয় শিৰত? এনেই ইমান ধুনীয়া, অকমাণ লগালে সোণত সুৱগা চৰে। : ক'ত দেখিলি তই সোণত সুৱগা চৰা? : আপোনাৰ শাশুড়ীৰ লগত এবাৰ বিয়া খাব গৈছিল যে...কিযে লাগিছিল! নিভাৰ আত্মবিভোৰ হৈ কোৱা কথাকেইটাই ইশানীক হহুৱালে। : কওকনা, কিয় নলগায়? : তই কিয় লগাৱ কচোন। : মানুহটোৰ দীৰ্ঘ জীৱন কামনা কৰি লগাও। আপুনি নকৰে? : ৰঙা ৰংগুড়িৰে মানুহৰ আয়ুস বঢ়াব পাৰি নেকি? মই বিশ্বাস নকৰোঁ। ঘৰুৱা সহায়িকা নিভাই আৰু কিবা সুধিব খুজিছিল, ইশানীয়ে সুযোগ নিদিলে। তাইৰ ব্যক্তিগত জীৱনত বাহিৰা মানুহ সোমাব খোজাটো তাইৰ বাবে অস্বস্তিকৰ। তাই ফোনটো কাণত লগাই আঁতৰি গ'ল। তাইৰ দৰে নিভাও নৱ বিবাহিতা।…
Read More
কালগ্রস্ত

কালগ্রস্ত

কালগ্রস্ত: ব্যস্ততাৰ পৃথিৱীত মানসীৰ যেন উশাহ ল'বলৈও আহৰি নাই, পৰা হ'লে যেন তাই এই কামটোও নকৰাকৈয়ে থাকিব বিচাৰিলে হয়।সেই বুজন হোৱাৰে পৰা তাই ব্যস্ত,চকুৰে দেখা মানুহখিনিক লৈ,হাতেৰে ঢুকি পোৱা মানুহখিনিৰ বাবে তাই ভীষণ ব্যস্ত।অৱশ্যে ব্যস্ততাৰ পৃথিৱীখনত তাইৰ এই পদক্ষেপ একান্তই নিজৰ পচণ্ডৰ।এই যে ৰাস্তাইদি গৈ থাকোঁতে লাখুটি লৈ খুপি খুপি খোজ কঢ়া মগনীয়াৰজনক ৰাস্তাটো পাৰ কৰাই দিয়া,ফুটপাথত অন্ধ মানুহজনৰ সন্মুখত থকা কাপোৰখনৰ ওপৰত সামৰ্থ্য অনুযায়ী কিবা এটা দি অহা,দোকানে,দোকানে ভিক্ষা মাগি ঘূৰি ফুৰা কণমানিকেইটাক কিবা এটা খাবলৈ দিয়া এইবোৰ যেন তাইৰ চকুত ধৰা দিয়া, তাইৰ অন্তৰ আত্মা তৃপ্ত কৰিব পৰা সৰু সৰু সুখৰ এক ভগ্নাংশ। ঘৰৰ মানুহবোৰে হাঁহে তাইক,সমনীয়াই ঠাট্টা…
Read More
আপোন মানুহ

আপোন মানুহ

আপোন মানুহ : এই আচম্বিত পৰিস্থিতিত জৰুৰ ভাৰতৰ হাত আছে । পাকিস্তানত আগতে এনেকুৱা বানপানী হোৱা নাই । সিন্ধুৰ নৈৰ গতিত খেলিমেলি লগাই পাকিস্তানক শ’লঠেকত পেলাব খুজিছে ভাৰতে । - খাদিমৰ কথাখিনিয়ে সঁচাই বিকিৰণত বিৰক্ত কৰিলে । এনকুৱা কেইবাটাও সন্ধিয়া সি আগতেও ভাৰতবিৰোধী কথা-বতৰাৰে বিষময় কৰি পেলাইছিল; আজিও কৰিলে । মানুহটো বিকিৰণৰ সমূলি হজম নহয় । ৰাজেশে অথবা মতিমৰাণেহে মাথোন তাক সদায় মাতে । ৰাজেশৰ যুক্তি, ইয়াত কাম কৰা সি একমাত্ৰ পাকিস্তানী । আমি যিহেতু চুবুৰীয়া, গতিকে বিদেশত আমি মিলি-জুলি থকা উচিত; বিদেশত আৰু কি মই ভাৰতীয়, তই পাকিস্তানী কৰি থাকিবলৈ আছে ! - হুঃ, বৰ মানৱতাবাদী ! মতিমৰাণৰো যুক্তি…
Read More
Yam Raj in Quarantine (এক খুহুটীয়া গল্প)

Yam Raj in Quarantine (এক খুহুটীয়া গল্প)

Yam Raj in Quarantine  যমৰজাৰ জৰুৰী তলব । ৫ বজাৰ পৰা মিটিং । সকলো আহিব লাগে । যমলোকৰ সকলো আচৰিত । এনেকুৱা কি পৰিস্থিতি হ’ল যে যমৰজাই ততাতয়াকৈ মিটিং তলব কৰিব লগা হ’ল । ৰজাৰ হুকুম যেতিয়া যাবই লাগিব । চিত্ৰগুপ্তকে আদি কৰি সকলো উপস্থিত হ’লহি । কোনো পাতনি নেমেলাকৈয়ে যমৰজাই চিধাই চিত্ৰগুপ্তকে Charge কৰিলে – “চিত্ৰগুপ্ত, আপোনাক কিহে পাইছে । কোনো বাচবিচাৰ নোহোৱাকৈ গালে গালে কেছবোৰ আনি আছে যে মৰ্ত্যৰ পৰা । মোৰ ইয়াত over crowding   হোৱাৰ উপক্ৰম হৈছে । সেই সোপাক ভৰন পোষণ দিবলৈ ৰাজকোষৰ ধন নাটনি হোৱাৰ উপক্ৰম হৈছে । কি কাণ্ড হৈছে এইটো মোক  জৱাব লাগে…
Read More