অন্যান্য

ইতিহাসৰ আঁত ধৰি ইজৰাইল – পেলেষ্টাইন সংঘাত :

ইতিহাসৰ আঁত ধৰি ইজৰাইল – পেলেষ্টাইন সংঘাত :

ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘৰ্ষ নতুন নহয়। দশকৰ পৰা দশক ধৰি চলা এই সংঘৰ্ষৰ ইতিহাস বহু পুৰণি ৷ কিন্তু কিয় এই সংঘাত? ইহুদী সকলৰ ওপৰত বহুতো ভুল ধাৰণা এটা সময়ত বিয়পোৱা হৈছিল । ইহুদী সকলে যিমান ঘৃণা সহ্য কৰিব লগা হৈছিল হয়তো বিগত ১০০০ বছৰত অন্য কোনো ধৰ্মই সহিব লগা হোৱা নাই। তেওঁলোকক অকল ধৰ্মীয় বিশ্বাসৰ বাবেই নহয় এটা বিদেশী সংস্কৃতি বুলি ভাবিও ঘৃণাৰ চকুৰে চাইছিল। ইতিহাসত ইহুদী সকলে নানান ধৰণে বিশেষকৈ হিটলাৰৰ নাজিবাহিনী তথা দ্বিতীয় বিশ্বযুদ্ধত বৰ্বৰ অত্যাচাৰৰ সন্মুখীন হৈছিল । এইবোৰ কাৰণতেই ইহুদী সকলে ১৮০০ শতিকাৰ পিছৰে পৰা ভাবিব বাধ্য হ’ল এখন স্বদেশ গঢ়ি তোলাৰ। সেয়াও এক দীঘলীয়া ইতিহাস।…
Read More
অসমৰ প্ৰধান নদী আৰু ইয়াৰ উপনদী সমূহৰ তালিকা

অসমৰ প্ৰধান নদী আৰু ইয়াৰ উপনদী সমূহৰ তালিকা

আ আই নদী (Aie River) - ভূটানত উৎপত্তি। বিজনী চহৰৰ পৰা ৩১ কিলোমিটাৰ পশ্চিমে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি  ব্ৰহ্মপুত্ৰত মিলিত হয়। আকাশী গংগা (Akashiganga)- কাৰ্বি আংলঙৰ পাৰাখুৱা আৰু হলদীআটিৰ ওচৰত ৰাষ্ট্ৰীয় ঘাইপথ ৩৬ অতিক্ৰম কৰা এখন সৰু নদী। আমৰেং (Amreng) আমলং (Amlong) ক কটাখাল (Katakhal) কনমাকোৰা (Kanmakora) কপিলি (Kapili) - মেঘালয়ৰ দক্ষিণ পূবৰ চাইপং সংৰক্ষিত বনাঞ্চলত আৰম্ভ হয়। ইয়াৰ ওপৰত বহুতো প্ৰকল্প আছে আৰু বিখ্যাত হৈছে উমৰাংচোৰ খাংডং হাইডেল প্ৰকল্প। কৰকাংটি (Karangkati)- কাৰ্বি আংলঙৰ লাংহিন চহৰ পাৰ হোৱা এখন সৰু নদী। কৰ্কংথি দিক্ৰুত আৰু হৰিনাৰ সৈতে একেলগে যমুনাত পৰে। কলং (Kalang) - ব্ৰহ্মপুত্ৰৰ এটা বিশুদ্ধ উপনদী। জখলাবন্ধাৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ পৰা…
Read More
বিজ্ঞান অবিজ্ঞান আৰু বিজ্ঞানমনষ্কতা

বিজ্ঞান অবিজ্ঞান আৰু বিজ্ঞানমনষ্কতা

বিজ্ঞান কি? নিউটনৰ মাধ্যাকৰ্ষণ সূত্ৰ অথবা আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰ সম্পৰ্কে নিৰ্ভুল ধাৰণা লব পৰা কিম্বা অইলাৰৰ কঠিন গাণিতিক তত্ত্বত পাৰদৰ্শী হোৱাই বিজ্ঞান নেকি? ৰসায়ন বা পদাৰ্থবিজ্ঞানত কৰোবাৰ ধাৰণা বহুত স্পষ্ট, কোনোবা গণিতৰ পোক, তাতেই কি তেওঁলোকৰ বিজ্ঞান শিক্ষা সাৰ্থক? উত্তৰ হ’ব নহয়। বিজ্ঞান হৈছে এটা দৰ্শন,যি দৰ্শনৰ মূল ভেটি হ’ল প্রশ্ন কৰা, অনুসন্ধান কৰা। বিজ্ঞান হৈছে বিশ্বৰ যাৱতীয় ভৌতিক বিষয়াৱলীৰ পৰ্যবেক্ষণ,পৰীক্ষণ তথা মূল্যায়ন কৰিব পৰা নিয়মসিদ্ধ, বিধিৱদ্ধ তথা গবেষণালদ্ধ এক পদ্ধতি যি জ্ঞানক  সুসংগঠিত ৰূপত একজোঁট কৰে। লেটিন শব্দ ’ছায়েন্টিয়া’ৰ পৰা ইংৰাজী ছায়েঞ্চ শব্দটো আহিছে, যাৰ অৰ্থ হৈছে জ্ঞান। অসমীয়া ভাষাত বিজ্ঞান শব্দটোৰ অৰ্থ হ’ল বিশেষ জ্ঞান।    অষ্ট্ৰিয়-ব্রিটিছ…
Read More
সকলোতে জয়ী হৈ থকাই সফলতাক নুবুজায়

সকলোতে জয়ী হৈ থকাই সফলতাক নুবুজায়

এজন সাধাৰণ ব্যক্তিৰ সফলতাৰ কাহিনী সুখী জীৱনৰ কাৰণে যি প্রয়োজন সে’য়া নিতান্তই খুব সাধাৰণ; সে’য়া হ’ল, এটা সুখী আৰু আনন্দিত মন,পাৰিবাৰিক সম্প্রীতি, ভাল বন্ধুৰ সহচৰ্য, সুস্বাস্থ্য,আত্মসন্তুষ্টি, প্রেম-ভালপোৱা ইত্যাদি। আনহাতে সফল জীৱন মানে আমি সাধাৰণতে যি বুজো সেয়া হ’ল জীৱনত প্ৰতিষ্ঠা লাভ৷ সহজ অৰ্থত টকা-পইচা,সা-সম্পতি আৰু নাম-যশ অৰ্জন কৰাই হ’ল এক প্ৰকাৰৰ সফলতা যদিও সফলতাৰ কোনো নিদিষ্ট সংজ্ঞা নাই৷ গভীৰভাৱে লক্ষ্য কৰিলে দেখা যায় ধন বা টকা-পইচাৰে বস্তুবাদী চাহিদাবোৰ পূৰণ কৰা সম্ভব হলেও এটা প্ৰকৃতাৰ্থত সুখী জীৱনৰ বাবে আৱশ্যকীয় সাধাৰণ প্ৰয়োজনবিলাক কিন্তু টকা-পইচাৰে লাভ কৰিব নোৱাৰি৷ অথচ সকলো জানিও মানুহ কিন্তু সা-সম্পত্তি বা টকাৰ পিছতেই দৌৰে৷ অৰ্থ উপার্জন বা সম্পত্তি গঢ়াটোৱেই…
Read More
পৰিবেশ প্ৰভাৱ মূল্যায়ন খচৰা ২০২০ আৰু ইয়াৰ পৰ্য্যবেক্ষণ

পৰিবেশ প্ৰভাৱ মূল্যায়ন খচৰা ২০২০ আৰু ইয়াৰ পৰ্য্যবেক্ষণ

২০২০ চনৰ মাৰ্চ মাহত দেশৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়( মিনিষ্ট্ৰি অফ এনভায়ৰণমেন্ট,ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ)ৰ তৰফৰ পৰা পৰিবেশগত প্ৰভাৱ মূল্যায়ন(এনভায়ৰণমেন্ট ইমপেক্ট এচেছমেন্ট, সংক্ষেপে ই আই এ)সম্পৰ্কীয় এখন খচৰা অধিসূচনা জাৰি কৰে৷ ক’ভিড মহামাৰীৰ নিচিনা সংবেদনশীল পৰিস্থিতিৰ মাজত আৰু তাৰ পৰিপ্ৰেক্ষিতত দেশত আৰোপিত লকডাউনৰ আৰম্ভণিৰ সময়ছোৱাত এই খচৰাৰ কোনো পৰিবর্তন বা সংশোধন সংক্রান্তীয় পৰামর্শ দিয়াৰ বাবে নজিৰবিহীন ভাৱে সাধাৰণ মানুহক মাত্র ৬০ দিন সময় বান্ধি দিয়া হয়৷ চৰকাৰৰ এনে অভিসন্ধিমূলক কাৰ্য্যত দেশজুৰি ব্যাপক বিৰোধিতা আৰু সমালোচনাৰ সৃষ্টি হোৱাৰ ফলত পৰিবেশ মন্ত্ৰালয়ে মে’ মাহৰ দ্বিতীয় সপ্তাহত ৩০ জুন পর্যন্ত সময়সীমা বঢ়াই দিয়ে। এই খচৰা অধিসূচনা জাৰি হোৱাৰ লগে লগেই দেশৰ…
Read More
তৰুণ প্ৰজন্মৰ ইন্টাৰনেট গেম আসক্তি

তৰুণ প্ৰজন্মৰ ইন্টাৰনেট গেম আসক্তি

বৰ্তমান সমগ্ৰ বিশ্বজুৰি দেখা গৈছে ইন্টাৰনেটভিত্তিক খেল(গেম) বিপ্লব। এই সোতত উটি ভাঁহি গৈছে তৰুণ প্রজন্ম। জার্মানিৰ ইউনিভাৰ্চিটি অব লাইপচিশ পৰিচালিত দীর্ঘম্যাদী এক গবেষণাৰ সম্প্রতি প্রকাশিত প্ৰতিবেদনৰ মতে, ইন্টাৰনেট গেম নিজে কোনো সমস্যাৰ কাৰক নহয়; সমস্যাৰ উদ্ভৱ তেতিয়া হয়, যেতিয়া খেলুৱৈ সকল ইয়াৰ প্ৰতি প্ৰয়োজনাধিক আসক্ত হৈ পৰে। পঞ্চাছ বছৰৰ আগতেই বিশ্ববাসীক কম্পিউটাৰ গেমৰ লগত পৰিচয় কৰাই দিছিল মার্কিন পদার্থবিদ উইলিয়াম হিগিনবোথামে। সেই গেমটোৰ নাম আছিল ’টেনিচ ফৰ টু’৷ সেই টেনিচ ফৰ টুৰ হাতত ধৰিয়েই কম্পিউটাৰ গেম আহি আহি আজি এই পৰ্য্যায়ত উপনীত হৈছেহি। কম্পিউটাৰ বা ইণ্টাৰনেট গেমৰ প্ৰতি যুৱ প্ৰজন্মৰ আসক্তি বিষয়টো কোনো নতুন কথা নহয়। মাত্ৰ এটা কথা সত্য…
Read More
মাতৃ ভাষাৰ প্ৰতি প্ৰেম

মাতৃ ভাষাৰ প্ৰতি প্ৰেম

1998 চনৰ 9 জানুৱাৰী, কানাডাৰ ভেংকুভাৰৰ নিবাসী এজন বাঙালী ভদ্ৰলোক ৰফিকুল ইছলামে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ তেতিয়াৰ সচিব প্ৰধান কফি আট্টা আন্নানলৈ এখনি আশাৰে ভৰা পত্ৰ প্ৰেৰণ কৰিছিল ৷ ৰফিকুল ইছলামৰ এই পত্ৰত পৃথিৱীৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা ভাষাবোৰৰ সংৰক্ষণৰ বাবে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনোৱা হৈছিল ৷৷ এই পত্ৰখনত 21 ফেব্ৰুৱাৰী তাৰিখটো বিশ্ব মাতৃভাষা দিৱস হিচাপে আন্ত:ৰাষ্ট্ৰীয় ভাবে পালন কৰিবলৈ প্ৰস্তাৱো দিয়া হৈছিল ৷৷ 1947 ৰ দেশবিভাজনৰ ফলত পূব পাকিস্থান ৰূপে পাকিস্থানৰ লগত চামিল হোৱা বাংলাদেশৰ নাগৰিকৰ ওপৰত তদানীন্তন পাকিস্থান চৰকাৰে উৰ্দূ ভাষাক চৰকাৰী ভাষা হিচাপে জাপি দিছিল ৷৷ স্বাধীন মনা আৰু ভাষাপ্ৰেমী…
Read More
স্বামী বিবেকানন্দ আৰু ধৰ্ম

স্বামী বিবেকানন্দ আৰু ধৰ্ম

১৮৯৮ চন ৷৷ লাহোৰৰ নিবাসী সৰফৰাজ হুছেইনলৈ তেওঁৰ এজন বন্ধুৰ চিঠি এখন আহিল ৷৷ কোনো অস্পষ্টতা নথকা ভাষাৰে চিঠিত লিখিছিল "আমাৰ নিজৰ মাতৃভুমিৰ বাবে হিন্দু আৰু ইছলাম - এই দুই ধৰ্মৰ মহান মতাদৰ্শৰ যোগফলেই একমাত্ৰ আশা ৷৷ বেদ বেদান্তৰ মতবাদ যিমানেই সুক্ষ্ম আৰু বিষ্ময়কৰ নহওঁক কিয়, প্ৰকৃত ব্যৱহাৰিক প্ৰয়োগৰ বাবে ইছলাম ধৰ্মৰ সহযোগিতা অবিহনে অধিকাংশ সাধাৰণ মানুহৰ কাষলৈ এই মতবাদ নিয়াতো সহজ নহব ৷৷ আমি মানব জাতিক সেই স্থানলৈ নিবলৈ বিচাৰো যত বেদ নাই, বাইবেল নাই অথবা কোৰাণ শ্বৰীফো নাই ৷৷ অথচ আমাৰ এই সকলো খিনি কৰিবৰ বাবে বেদ, বাইবেল আৰু কোৰাণ শ্বৰীফ সকলোকে মিলাই এক মতবাদ কৰিব লাগিব লাগিব…
Read More
চিৰিয়া

চিৰিয়া

প্ৰথম খণ্ড "চিৰিয়া" য'ত জীৱন মানে অভিশাপ "চিৰিয়া"---- ভুমধ্য সাগৰৰ পাৰৰ মধ্যপ্ৰাচ্যৰ এখন সুন্দৰ দেশ মানে ২০১০ মানলৈ পৃথিবীৰ ঐশ্বৰ্য্য, সমৃদ্ধিশালী দেশবোৰৰ মাজত শীৰ্ষস্থানীয় দেশ এখন আছিল যি ঐশ্বৰ্য্য সমৃদ্ধি বৰ্ত্তমান জুই চাই আৰু বাৰুদৰ ধোঁৱাত ধ্বংসস্তুপত পৰিনত হল ৷৷ বৰ্তমানৰ মানব সভ্যতাৰ চমকপ্ৰদ উন্নতি আৰু উথানৰ পিছতো আজিৰ দিনটোত সমগ্ৰ মানব জাতিৰ বাবে লাজ পাব লগীয়া বা মানবজাতিৰ উন্নতি আৰু প্ৰগতিক হাজাৰ হাজাৰ বছৰ পিছুৱাই আদিম বৰ্বৰ যুগত পৰিনত কৰাৰ উদাহৰণ হৈ পৰিছে এইখন সৌসিদিনালৈ সুন্দৰ হৈ থকা দেশ ৷৷ পৃথিবীৰ সুপ্ৰাচীন মোচোপটেমীয়া আৰু চুমেৰীয় সভ্যতাৰ স্বৰ্ণময় ইতিহাসৰ সাক্ষী এই ভূখন্ডত মানব সভ্যতাৰ সামাজিক জীৱনধাৰণ আৰু বন্যজন্তুক ঘৰচীয়া কৰণ…
Read More
আমাৰ বৰ্ষাৰণ্যসমুহ আৰু কিছু চিন্তা

আমাৰ বৰ্ষাৰণ্যসমুহ আৰু কিছু চিন্তা

বৰ্ষাৰণ্য- অৰ্থাৎ “বৰ্ষা” আৰু “অৰন্য” অৰ্থাৎ যিসমূহ ঠাইত বৰষুণৰ পৰিমাণ বেছি হয়, তেনে ঠাই সমুহত উৎপত্তি হোৱা অৰণ্য সমূহক বৰ্ষাৰণ্য বুলি কোৱা হয়। সংজ্ঞামতে এই ঠাইসমুহত হোৱা বছৰি গড় বৰষুণ ১৮০০ মিলিমিটাৰতকৈয়ো বেছি আৰু জলবায়ু সেমেকা তথা তাপমাত্ৰাও অধিক। সেউজীয়াৰ বিভিন্ন আভাৰে উদ্ভাসিত এই বৰ্ষাৰণ্যসমূহ সাধাৰণতেই বিষুৱ ৰেখাৰ আশ পাশৰ ঠাইসমূহত দেখা পোৱা যায়। ভাৰতৰ বিভিন্ন প্ৰদেশসমূহতো বিভিন্ন বৰ্ষাৰণ্য আছে যিসমূহে আমাৰ দেশখনৰ ভৌগলিক তথা পৰিবেশতান্ত্ৰিক দিশত এক অবিচ্ছেদ্য ভূমিকা পালন কৰি আহিছে। প্ৰায় ৩০৯০০ বৰ্গ কিলোমিটাৰ জোৰা দক্ষিণ পশ্চিম ভাৰতৰ পৰ্বতাঞ্চলৰ এই বৰ্ষাৰণ্যসমূহ মহাৰাষ্ট্ৰৰ পৰা আৰম্ভ হৈ কৰ্নাটকৰ মাজেৰে গৈ তামিলনাডু চুইছেগৈ। ভৌগলিক অৱস্থিতি কিম্বা জলবায়ু আদিৰ দৰে বিভিন্ন…
Read More