Assamese Language

মাতৃ ভাষাৰ প্ৰতি প্ৰেম

মাতৃ ভাষাৰ প্ৰতি প্ৰেম

1998 চনৰ 9 জানুৱাৰী, কানাডাৰ ভেংকুভাৰৰ নিবাসী এজন বাঙালী ভদ্ৰলোক ৰফিকুল ইছলামে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ তেতিয়াৰ সচিব প্ৰধান কফি আট্টা আন্নানলৈ এখনি আশাৰে ভৰা পত্ৰ প্ৰেৰণ কৰিছিল ৷ ৰফিকুল ইছলামৰ এই পত্ৰত পৃথিৱীৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা ভাষাবোৰৰ সংৰক্ষণৰ বাবে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনোৱা হৈছিল ৷৷ এই পত্ৰখনত 21 ফেব্ৰুৱাৰী তাৰিখটো বিশ্ব মাতৃভাষা দিৱস হিচাপে আন্ত:ৰাষ্ট্ৰীয় ভাবে পালন কৰিবলৈ প্ৰস্তাৱো দিয়া হৈছিল ৷৷ 1947 ৰ দেশবিভাজনৰ ফলত পূব পাকিস্থান ৰূপে পাকিস্থানৰ লগত চামিল হোৱা বাংলাদেশৰ নাগৰিকৰ ওপৰত তদানীন্তন পাকিস্থান চৰকাৰে উৰ্দূ ভাষাক চৰকাৰী ভাষা হিচাপে জাপি দিছিল ৷৷ স্বাধীন মনা আৰু ভাষাপ্ৰেমী…
Read More