18
Oct
২০২০ চনৰ মাৰ্চ মাহত দেশৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়( মিনিষ্ট্ৰি অফ এনভায়ৰণমেন্ট,ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ)ৰ তৰফৰ পৰা পৰিবেশগত প্ৰভাৱ মূল্যায়ন(এনভায়ৰণমেন্ট ইমপেক্ট এচেছমেন্ট, সংক্ষেপে ই আই এ)সম্পৰ্কীয় এখন খচৰা অধিসূচনা জাৰি কৰে৷ ক’ভিড মহামাৰীৰ নিচিনা সংবেদনশীল পৰিস্থিতিৰ মাজত আৰু তাৰ পৰিপ্ৰেক্ষিতত দেশত আৰোপিত লকডাউনৰ আৰম্ভণিৰ সময়ছোৱাত এই খচৰাৰ কোনো পৰিবর্তন বা সংশোধন সংক্রান্তীয় পৰামর্শ দিয়াৰ বাবে নজিৰবিহীন ভাৱে সাধাৰণ মানুহক মাত্র ৬০ দিন সময় বান্ধি দিয়া হয়৷ চৰকাৰৰ এনে অভিসন্ধিমূলক কাৰ্য্যত দেশজুৰি ব্যাপক বিৰোধিতা আৰু সমালোচনাৰ সৃষ্টি হোৱাৰ ফলত পৰিবেশ মন্ত্ৰালয়ে মে’ মাহৰ দ্বিতীয় সপ্তাহত ৩০ জুন পর্যন্ত সময়সীমা বঢ়াই দিয়ে। এই খচৰা অধিসূচনা জাৰি হোৱাৰ লগে লগেই দেশৰ…