অন্যান্য

এটা কলম কিনক

এটা কলম কিনক

মানুহৰ মনত আঘাত কৰিব পৰা কেইখন মান তীক্ষ্ণ আৰু হৃদয় বিদাৰক ফটো ৷৷ লেবাননৰ ৰাজধানী বেইৰুটৰ ব্যস্ত ৰাজপথত সাধাৰণ আৰু কমদামী কলম কেইটামান লৈ বিক্ৰিৰ বাবে গ্ৰাহকৰ সন্ধানত এজন ব্যক্তি, মুখত হতাশা, ভাগৰ, অন্ধকাৰৰ চিন ৷৷ সেইখিনিলৈকো ঠিকেই আছিল পিছে ফটোখনত দেখা গৈছিল তেওঁৰেই চাৰি পাঁচ বছৰীয়া কন্যা সন্তানটি এটি কান্ধত শুই আছিল ৷৷ এহাতে শুই থকা কন্যাটিক চম্ভালি আনখন হাতেৰে মানুহক ৰখাই ৰখাই কলম কিনিবলৈ অনুৰোধ কৰি ফুৰিছিল মানুহজনে ৷৷ মানুহজনৰ নাম আছিল আব্দুল হালিম আল আট্টাৰ ৷৷ গৃহযুদ্ধত জৰ্জৰিত চিৰিয়াত নিজৰ পত্নী সহ সৰ্বস্ব হেৰুৱাই কন্যা ৰিম সহ বাকী সন্তান দুটিক লৈ লেবাননত আশ্ৰয় লোৱা এজন দূৰ্ভগীয়া শৰণাৰ্থী…
Read More
অথ: অম্বুবাচী কথা

অথ: অম্বুবাচী কথা

ধূপ ধূনাৰ আমোলমোল গোন্ধে চৌপাশ সুৰভিত কৰি তোলা পৰিবেশ টোত অহা আহিছে যোৱা গৈছে।কেৱে যদি ওপৰলৈ উঠি যোৱা পথটিৰ স্থায়ী অস্থায়ী দোকান বোৰলৈ ভুমুকিয়াইছে আন কোনোৱে আকৌ ভষ্মৰে সৰ্বশৰীৰ ঢাকি ডিঙিত ৰুদ্ৰাক্ষৰ মালা আঁৰি বম বম বোলে কৈ গীত জোৰা জনক লক্ষ্য কৰি বিভোৰহৈ পৰিছে।কোনোৱে আকৌ দেৱী কালী গোঁসানী নহ'লে জটাধাৰী শিৱৰ ৰূপত বিচৰণ কৰি ফুৰাজনক চাই গদ্ গদ্ হৈ প্ৰণাম কৰিছে।লোকে লোকাৰণ্য হৈ থকা নীলাচল পাহাৰত আহাৰ মাহৰ এই পৱিত্ৰ সময়ছোৱাৰ এইয়া চিৰপৰিচিত সুলভ দৃশ্য।বহি:ৰাজ্যৰ পৰা আগমন ঘটা লাখ লাখ ভক্তৰ সমাগমে নীলাচল পাহাৰৰ ' মা' ৰ আলয়ক এইকেইটা দিন সজীৱতাৰে ভৰাই তোলে ।ৰজ:স্বলা মাতৃৰ পৃজা অৰ্চনা,ধ্যানাদিৰে মূখৰিত চৌহদটিত…
Read More