অনুগল্প

অনুশোচনা

অনুশোচনা

অনুশোচনা ( সত্য ঘটনাৰ ওপৰত ৰচিত গল্প ) : প্লিজ পাপা , মোৰ কথাটোতো শুনি লোৱা এবাৰ…… তনয়াৰ মাতত কৰুণ বিননি , কিন্তু দেউতাক হিচাপে তাইক বুজাৰ সলনি তেওঁ অগ্নিশৰ্মাহে হৈ পৰিল , অৱশ্যে তনয়াই জানিছিলেই , তাইৰ কথা অন্ততঃ দেউতাকে নুবুজে বুলি , তথাপিও কৈ চাইছিল , কিজানিবা তেওঁ সহাৰি জনায়েই । তেনেতে মোবাইলটো যে দেউতাকে জানি - বুজিয়েই কাটি দিলে তাই গম পালে , কান্দি - কান্দি ৰঙা পৰা চকু দুটা পুনৰ সেমেকি আহিল তাইৰ । : চা মাজনী , তোক আমি এতিয়া কেনেকৈ সহায় কৰো তয়ে ক'চোন , জাতে - পাতে নিমিলা মাথো কেইবছৰমানৰ চিনাকী ল'ৰাটোলৈ বিয়া…
Read More
পাখি চাই উৰণ

পাখি চাই উৰণ

অনুগল্প বহু বছৰৰ মূৰত শৈশৱৰ লগৰী পৰিস্মিতাক আকস্মিক ভাৱে লগ পাই উৎফুল্লিত হৈ পৰিল অৰুণিমা l আজি গাঁৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া অৰুণিমাৰ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক পতিয়ে আঁত ধৰা সাংস্কৃতিক সভাখন উদ্বোধন কৰিবলৈ আহিছে পৰিস্মিতাৰ স্বামী প্ৰখ্যাত উদ্যোগপতি অমিতাভ ৰাজখোৱা l তেওঁৰ লগতে পৰিস্মিতাও আহিছে I সভাৰ মাজতে চেগ বুজি অৰুণিমাই জোৰ কৰি বান্ধৱী পৰিস্মিতাক নাতি দূৰত থকা নিজৰ ঘৰলৈ লৈ আহিল I পদূলি মুখৰ শেৱালি, তগৰ আৰু পিৰালিৰ খৰিকাজাঁই কেইজোপাই আগুৰি থকা আটোমটোকাৰিসৰু ঘৰটোৰ জপনা খুলিয়েই অৰুণিমাই উচাহেৰে শাহুৱেক আৰু গাঁৱৰ মহাবিদ্যালয়তে পঢ়া ল'ৰা-ছোৱালী হালকো মাতি আনি বান্ধৱীৰ সৈতে পৰিচয় কৰাই দিলে l আনন্দত তগবগাই থকা অৰুণিমাৰ হাঁহিভৰা মুখখন দেখিয়েই…
Read More
সুখ

সুখ

ধনেৰে প্ৰেম জোখা তৃষাই ধনী ব্যৱসায়ী বৰুৱা পৰিয়ালৰ বোৱাৰী হৈ যেতিয়া আভিজাত্যৰ টেগ মাৰ্কটো লগাই ওঁঠত বাধ্যতামূলক হাঁহিটো ওলোমাই পাৰ্টি এনজয় কৰি থকা মুহূৰ্তত অকস্মাত নিয়োজিত ৱেটাৰ সকলৰ ভিতৰত নিজৰ পুৰনি প্ৰেমিক তন্ময়ক দেখে তাইৰ নজনাকৈয়ে বুকুৰ দুখবোৰ চকুলো হৈ ওলাই আহে। ইফালে তন্ময়ৰ সঁচা প্ৰেমত জিকমিকাই থকা মালিতাই যেতিয়া তন্ময়ৰ দিনহাজিৰা কৰা পইচাৰে ৰাতিৰ সাজ ভালকৈ যোগাৰ কৰি তাইৰ স্বামী তন্ময় আৰু পুত্ৰক সন্তোষেৰে খোৱাই তুলিব পাৰে তাইৰ সুখেৰে ভৰা মুখ খন যেন পূৰ্ণিমাৰ জোনটিত কৈয়ো উজ্জ্বল হৈ জিলিকি উঠে। ✍ চয়নিকা নাথ
Read More
পাঠশালা

পাঠশালা

“স্কুলখন এবাৰ চাবলৈ সোমালোঁ ৷” -- ঘৰলৈ অহাৰ বাটত পোৱা এল পি স্কুলখন দেখি সোমাই যোৱা ডা° প্ৰমথৰঞ্জনে ক’লে ৷ ছুটীৰ পিছত ঘৰলৈ উভতাৰ যো-জা চলোৱা শিক্ষক-শিক্ষিকা কেইগৰাকীয়ে অসময়ত অহা মানুহজনক এচ এচ এৰ কোনোবা বুলি ভাবি থমকি ৰৈছিল ? "মই জাৰ্মানিত থাকো ৷”- তেওঁ পুনৰাই ক’লে ৷ - “ ভাল লৰা-ছোৱালী আমাৰ ইয়ালৈ নাহে ৷” - “ প্ৰাইভেট স্কুললৈহে যায় ৷” - “ অভাৱী ঘৰৰ কেইটাহে নাম লগায় ৷” - “ মিদ-ডে মিলৰ কাৰণে নাম লগায় ৷” - “ জাৰ্মানিত থকা মানুহে কি বুজি পাব ৷” এক অৱজ্ঞাসূচক ভাবত তেওঁলোকে সৰুকৈ নিজৰ মাজত কথা পাতিবলৈ লোৱা দেখি ডা° প্ৰমথৰঞ্জনে…
Read More
বোধোদয়

বোধোদয়

দেউতাকলৈ তাইৰ আগে-পিছেও ভয় লাগে ৷ মাকলৈ নালাগে, মাকৰ বুকুখন তাইৰ বাবে যে মৰমৰ ঘৰ ৷৷ মেট্ৰিকৰ ৰিজাল্ট ওলোৱাৰ দিনাও তাইৰ দেউতাকৰ ৰঙা চকুজোৰলৈ ভয় লাগিছিল ৷ আশা কৰা মতে ৰিজাল্ট নোহোৱাৰ দুখত তাই কান্দি কাটি মাকৰ বুকুত আশ্ৰয় ল’ব খুজিছিল ৷ “যাহ এইজনী, লোকৰ ল’ৰা-ছোৱালীয়ে চাৰি-পাঁচটাত লেটাৰ পাইছে, আৰু তই আমাৰ নাক কাটিলি ” মাকে তাইক ঠেলা মাৰি আঁতৰি গৈছিল ৷ বাৰান্দাত বহি স্কুলৰ প্ৰধান শিক্ষকে মাক-দেউতাকক বুজাইছিল-“ লেটাৰ মাৰ্কছ নাপালেও তাইটো প্ৰথম বিভাগ পাইছে ৷ আৰু আপোনাৰ ছোৱালী নাচ, গান, আৰ্ট সকলোতে আগবঢ়া ৷ এনেকুৱা কণ্যা পোৱাটো আপোনালোকৰ ভাগ্য ৷” মনৰ ডাৱৰ আঁতৰাই মাকে দেউতাকক কৈছিল-“মিঠাই আনকগৈ যাঁওক…
Read More
বংশধৰ

বংশধৰ

পুত্র বোৱাৰীৰ অত্যাচাৰ সহিব নোৱাৰি বিনন্দী বুঢ়ীয়ে জীয়েক মমতাৰ ঘৰত থাকিব লৈ লয়। অন্তসত্ত্বা জীয়েক মমতায়ো মাকক ওচৰত পায় যঠেষ্ট সুখী হয়। পূর্বৰ এজনি ছোৱালী, মৰমীয়াল স্বামী লগতে মাকৰ আপদালে মমতাই পুনৰ মাক হবলৈ নিজকে মানসিক ভাৱে সাজু কৰিলে। এটা নিদিষ্ট দিনত মমতাই এজনী পৰীৰ নিচিনা ধুনীয়া কন্যা সন্তান প্রসৱ কৰিলে। উচ্চ চিন্তা ধাৰাৰ জীয়েক জোৱায়েকৰ মনত আনন্দৰ সীমা নাইকিয়া হল, পিছে মমতাৰ মাকৰহে অলপো আনন্দ নালাগিল। কাৰন জীয়েকৰ যে বংশ ৰক্ষা কৰিবলৈ পুত্র সন্তান জন্ম নহল। ✍ স্বপ্নালী কটকী
Read More
হাউছ ৱাইফ

হাউছ ৱাইফ

পুৱাৰ বেলিটি কপালত আঁকি লৈ ৰেৱতীয়ে দুপৰ নিশা লৈকে সকলোৰে আলপৈচান ধৰি যায়। সৰু বৰ সকলোৰে বাবে ৰেৱতী যেন গৃহিণী নহয়, এটা চুইচ টিপা মেছিন। তথাপিও স্বামী অৰুনে কথাই প্রতি তাইক খুচ মাৰিবলৈ নেৰে, তেঁওৰ মতে , ঘৰতে থকা তিৰোতাৰ নো কি কাম? ৰেৱতীক লগৰ সহক'মীৰ লগত পৰিচয় কৰায় দিয়াৰ সময়ত প্রায়ে এষাৰ বাক্য অৰুনে মুখস্ত মাতে, তাই একো নকৰে! তাই এজনী হাউছ ৱাইফ.... এই এশাৰী কথাই ৰেৱতীৰ কেনো কামতে না ভাগৰা দেহা-মন ক্লান্তিৰে ভৰি পৰে...।  স্বপ্নালী কটকী
Read More
তুলাচনী

তুলাচনী

এৰিয়াৰ বিলখন প্ৰত্যেক বছৰে জমা দি দি অলকা ভাগৰি পৰিছে।প্ৰত্যেক বাৰে হ'ব বুলি আশা পালি থকা পইচা কিটা মূৰকত নহয় গৈ।অফিচৰ মেৰপেচত কি কেৰোণ লাগে নাজানে, বুজি নাপায় তাই। দৰমহাটো অফিচৰ গাফিলতিৰ বাবেই এৰিয়াৰ হ'ল।প্ৰথম চাকৰিত সোমায়েই অতি নিষ্ঠাৰে কামবোৰ কৰি গৈছিল তাই, জনা নাছিল এপ্ৰভেল্, প্ৰপোজেল এইবোৰ এশ এবুৰি যে চৰকাৰী নীতি আছে ,তাই কেইমাহমান দৰমহা নাপাওতেহে গম পালে। তেতিয়ালৈ বহুত দেৰি হৈ গ'ল। চেলাৰি এৰিয়াৰ হৈ গ'ল.... এতিয়া তাঁত-বাতি কৰি অন্ত নাই।বহুতক সুধিছে তাই। সকলোৱে কয় টকা ঢালিব লাগিব।কিন্তু অলকাৰ আদৰ্শগত মনটোৱে মানি নলয়। নিজৰ যোগ্যতাৰ বলত চাকৰিটো পাইছে,কৰ্তব্যত কোনো দিনে গাফিলতি কৰা নাই। কিয় দিব টকা!!!মন্ত্ৰীলৈকে লিখিব…
Read More
বিষাদ

বিষাদ

জন্মৰে এখন ভৰি চুটি ভাৰতীৰ | বেঁকা-বেঁকি খোজেৰে তাই , ৰাতিপুৱাৰ পৰা আবেলিলৈ এপাৰ্টমেন্টটোৰ ইঘৰৰ পাছত সিঘৰৰ তাত হাতীৰ দৰে কাম কৰি যায় !!কেৱল সপ্তাহৰ দেওবাৰ দিনটোত কামৰ বিনিময়ত টকাকেইটা পোৱাৰ আশাৰে | ঘৰলৈ যাওতে হেঁপাহৰ টকাকেইটা বুকুত সাৱটি ভাৰতী মনতে অংক কৰি যায়... "পানী পৰা ঘৰটোৰ টিনচালি কেইপাত লগাওতে বন্ধন গোটৰ পৰা লোৱা টকাৰ সুদ কালিলৈ দিব লাগিব | অকমানিটোৰ কাৰণে কিনিব লাগিব হাফপেন্ট এটা... ছোৱালীজনীৰ কাৰণে কলম এটা.... সপ্তাহটো চলিব পৰাকে চাউল 1কেজি, আলু 1 কেজি অলপ মিঠাতেল......." দিনৰ দিনটো লোকৰ ঘৰত কাম কৰি ভাগৰি নপৰা ভাৰতী তেতিয়াহে শাৰিৰীক মানসিকভাৱে ভাগৰি পৰে ,, ৰাতি যেতিয়া মদাহী গিৰিয়েকে পইচা…
Read More
অনাদৰ

অনাদৰ

প্ৰথমদিনা..... প্ৰিয়ংকাই চকু দুটা বহল কৰি চিঞৰে-" বৌ ইমান দৈ ভাগে ভাগে পাতি থৈছা যে!! মই দৈৰ টেকেলি এটা নিম দেই | নিবা আকৌ বৌয়েকে হাঁহি মুখেৰে কয় | তাৰ দুদিন পাছত ফোনতে প্ৰিয়ংকাই -"কিনো দৈ দিলা বৌ ? অকণো সোৱাদ নাই দৈকণৰ |" বৌয়েকৰ মনটো সেমেকি উঠে... দ্বিতীয় দিনা...... "তোমালৈ গাখীৰ আৰু পনীৰ, ককায়েৰাৰ হাতত দি পঠিয়াইছিলো | কেনে পালা খায় ??" - বৌয়েকে উতসাহেৰে সুধে | "পুৰণি পনিৰকণ নিদিয়া হলেও হ'লহেতেন ,খাবই নোৱাৰিলো !! গাখীৰখিনি পনীয়া যদিও খালো দিয়া | তাতকৈ আমাৰ কাষৰ ডায়েৰী খনতে ভাল গাখীৰ ,দৈ, পনীৰ পোৱা যায় " ননদৰ উত্তৰত বৌয়েকৰ বেজাৰ লাগি যায়...…
Read More