প্ৰথমদিনা…..
প্ৰিয়ংকাই চকু দুটা বহল কৰি চিঞৰে-” বৌ ইমান দৈ ভাগে ভাগে পাতি থৈছা যে!! মই দৈৰ টেকেলি এটা নিম দেই | নিবা আকৌ বৌয়েকে হাঁহি মুখেৰে কয় |
তাৰ দুদিন পাছত ফোনতে প্ৰিয়ংকাই -“কিনো দৈ দিলা বৌ ? অকণো সোৱাদ নাই দৈকণৰ |” বৌয়েকৰ মনটো সেমেকি উঠে…
দ্বিতীয় দিনা……
“তোমালৈ গাখীৰ আৰু পনীৰ, ককায়েৰাৰ হাতত দি পঠিয়াইছিলো | কেনে পালা খায় ??” – বৌয়েকে উতসাহেৰে সুধে | “পুৰণি পনিৰকণ নিদিয়া হলেও হ’লহেতেন ,খাবই নোৱাৰিলো !! গাখীৰখিনি পনীয়া যদিও খালো দিয়া | তাতকৈ আমাৰ কাষৰ ডায়েৰী খনতে ভাল গাখীৰ ,দৈ, পনীৰ পোৱা যায় ” ননদৰ উত্তৰত বৌয়েকৰ বেজাৰ লাগি যায়…
তৃতীয় দিনা……
“অ, বৌ এইবাৰ বিহুত একো নিদিলা যে ? “
“চুবুৰীয়াৰ মানুহখিনিয়ে গোটেই খিনি নিলে অ | তেঁওলোকে শলাগি ,আকৌ বনাৱলৈ অৰ্ডাৰ দি গৈছে | তুমি ডায়েৰীৰ পৰা আনি খাবা | তোমাৰ এনেও ঘৰৰ বস্তু সোৱাদেই নালাগে দেখোন !! ” বৌয়েকে বিৰক্তিৰে কয়….
✍ পম্পী শইকীয়া