গুলপীয়া পুতলা

হয়নে মণি!!! তোৰ লৰা এটা বুলিহে শুনিছিলো । এইজনী চোন গোটেই ছোৱালী। হাঁহি হাঁহি মোৰ লৰাটোক উদ্দেশ্য কৰি কয় মানুহগৰাকীয়ে।

মোৰ কাষতে বহি থকা মোৰ চাৰি বছৰীয়া লৰাটোৱে তাৰ কথা যে কিবা বেয়া কৈছে সেইটো ভাবি অলপ সেমানা সেমেনি কৰি মোৰ গাতে গাটো লগাই দিয়েহি ।

মই তাৰ ফালে চাওঁ সি অসহজ ভাৱ এটা লৈ মোৰ চকুলৈ চাই আছে। কিন্তু তেতিয়াও তাৰ মৰমৰ পুতলা “মিমি” টোক এৰি দিয়া নাই ।

মই মানুহগৰাকীৰ মুখলৈ চালো। মোৰ চাৰি বছৰীয়া সৰু লৰাটোৰ অসহজ অৱস্থাটোৰ আনন্দ লৈছে।অলপ সময়ৰ বাবে শিক্ষিত মানুহগৰাকী মোৰ কিবা মানসিক ৰোগী এনেকুৱা লাগি গ’ল। শিশু হলেও তাৰ আত্মসম্মান বোলা বস্তু এটা আছে। মানুহগৰাকীয়ে অন্তত সেইটো কথা জানিব লাগিছিল।

চাৰি ,পাঁচ বছৰীয়া শিশুবোৰ একো একোডাল কোমলীয়া বাঁহ। যি ফালেই ভাজ দিয়ে সেইফালেই ভাজ লয়। সৰুতে কিতাপত পঢ়া কথাষাৰ মোৰ মনত পৰি গ’ল। তেওঁ হয়তো কথাবোৰ পাহৰি পেলাইছে।

হয় মোৰ লৰাটোৰ হৃদয়খন কোমল। মোৰে নহয় এই বয়সৰ সকলো লৰা ছোৱালীৰ হৃদয়বোৰ এনেকুৱাই হয়। এখন উকা কাগজ। য’ত আমি, আমাৰ পৰিয়াল, সমাজে ৰং চতিয়াই দিও। সিহঁতৰ কুমলীয়া মনটোৰ বেছি ভাগ কথাই আমাক দেখি নাইবা অনুকৰণ কৰি শিকে।

মোৰ লৰাটোৱে পুতলা ভালপাই। মই তাক কোনোদিন কোৱা নাই গুলপীয়া পুতলা লৰাই নলয় ছেৱালীয়ে লয়। লৰাই বন্দুক খেলে। সি যি ভাল পাই তাৰ মনৰ মতে কৰিবলৈ দিও। মোক কেতিয়াবা কাঁহি বাতি কেইটা জাপি দিয়ে। নকও মই ছোৱালীৰ কাম বুলি। নিজৰ গা ধোৱা সময়ত চাবোন টুকুৰা কাপোৰত ঘঁহি ঘঁহি শেষ কৰি দিয়ে। মানা নকৰো। দেউতাকে ৰাতি আঠুৱা লগালে সি খাজি দিয়ে। ভাল লাগে। কোনোদিন আমি তাৰ মনত কিছুমান কথা সোমোৱাবলৈ চেষ্টা কৰা নাই। আনে কৰিলেও বেয়া পাওঁ।

এতিয়াৰ পৰা তাৰ মনত ভেদাভেদ সুমুৱাই দিয়াৰ পাছত ভবিষ্যতে তাৰ মনত এখন সমঅধিকাৰৰ ছবি গঢ়ি উঠা কথাটো একেবাৰে অবাস্তব। এই সৰু সৰু কথাবোৰেই পাছত আমাৰ জীৱনত প্রভাৱ পেলাই।

কিন্তু এই মানুহগৰাকীক মই কিদৰে বুজাও। তেওঁ মোতকৈ বয়সত ডাঙৰ হব অলপ।

মই মোৰ লৰাটোৰ অসহজ মুখখনলৈ আকৌ এবাৰ চালো। তাৰ এই সেমেনা সেমেনি কৰি থকা মুখখন সহ্য নহয় মোৰ। সি বুজিবই লাগিব এনেকুৱা মানুহক কেনেকৈ শিকাব লাগে।

মই মানুহগৰাকীলৈ চাই কলো “বাইদেউ তাক সৰু দেখিছেহে । সি ডেকা লৰা । মোক আৰু দেউতাকক চৰবত বনাই খুৱাই। তাৰ স্কুলৰ এক্টিভিটি কামত আছে নহয় সেইবোৰ। তাৰোপৰি সি ধুনীয়া কবিতা আৰু গাড়ীৰ ডিজাইনো বনাব পাৰে। অলৰাউন্ডাৰ হয় সি।

নিজৰ প্রশংসা শুনি সুখী হয় সি

হাঁহিটো ঘুৰি আহে।

“মা মই জেঠাইলৈ চৰবত কৰি আনো নি?? “

ঠিক আছে কৰিবা ব’লা মই সহায় কৰি দিম।

(স্কুলত শিকাইছিল)

বাইদেউ আপুনি অলপ বহক । আমাৰ লৰাই কৰি দিয়া চৰবত খাই যাব।মই হাঁহি মাৰি তেখেতলৈ চাই কওঁ।

মানুহগৰাকীয়ে এইবাৰ অসহজ হৈ হাঁহি এটা মাৰিবলৈ চেষ্টা কৰে।

মৌচুমি শৰ্মা বৰকাকতি

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

40 − = 37