চিনাকি মানুহ অচিনাকি মন

—-এখন “চৌ ক’জ নটিচ্—-“

১) চিকিৎসালয় চৌহদ হাবি-জংঘলেৰে ভৰি পৰিছে।

২) চিকিৎসক কোৱাটাৰত নাথাকে।

৩) ডাক্তৰক কেচ্ ত মাতিলে নাযায়–ইত্যাদি।

—–চৌবিশ ঘন্টাৰ ভিতৰত যথা-যথ উত্তৰ নাপালে আইনী ব্যৱস্থা লোৱা হব—–ডিভিঅ’–গোলাঘাট।

–ধোদৰ আলিৰ কাষতে মোৰ চিকিৎসালয়,,এই মাত্ৰ গাড়ী এখন ৰখাই লেফাফাটো দি গ’ল।গাড়ী চালকৰ চিতৰ পৰা ৰঙা-বগা মানুহজনে কেৰাহীকৈ ক’লা চচমা ফাকেদি চাই গ’ল—।যেন কৈ গ’ল — পাবি মজ্জা—,

মই হতভম্ব, গোকাট মিছা কথাবোৰ,,, মই সপৰিয়ালে ইয়াতে থাকো,,, ঘৰে ঘৰে একোখনকৈ ফুলনি আছে, ,ক’ল কেচ্ আহে নেকি ৰৈ থাকো—।চাৰিটা ধুনীয়া কোৱাটাৰ—।

মইটো খঙত টিঙ্গিৰিতুলা হৈ যাব লাগিছিল,,—নহ’লো—-বৰ শ’লঠেকত পৰিলো—,কি কৰো—এবাৰ –এই কথাই কথা নহয় বুলি—সঁচা কথাবোৰ লিখিবলৈ ল’লো—–শ্ৰীমতীক মাত লগাই বাইকত কিক্ মাৰি এঘন্টাৰ পিছতে জিলা পশুপালন ও পশুচিকিৎসা বিষয়াৰ অফিচ পালোগৈ—আৰম্ভ কৰি বিবৰি ক’লো—-তেওঁ ইমান গুৰুত্ব দিয়া নাই—লিখিত খন নলয়—মই কৈছো লব লাগিব—আৰু আপোনাক গাড়ী ভাড়া কৰি লৈ যাওঁ—যাব লাগিল–,

মোৰ নেৰানেপেৰা কথাৰ অন্ততঃ—- -“নাই–নাই ডাঃ মই এইবোৰ কথা মুঠেই বিশ্বাস কৰা নাই ,,আপুনি যাওক গৈ– ডিভিঅ’ ডাঃ মৃদুল হাজৰিকাই ক’লে।–,মই কোনোপধ্যে এৰাত নাই—। কাৰণ তেখেত আহিলে সকলো কথা প্ৰমাণ পায় যাব–আকৌ ক’লো “নহব যাবই লাগিব, যদি আপুনি জানেই এই লিখাৰ কি প্ৰয়োজন—“এ ৰব ৰব বুলি তেওঁ কবলৈ ধৰিলে ।

-“—-মই ডঃ যোগেন কলিতাৰ কথা অলপো বিশ্বাস নকৰো কলেজৰ পৰাই তাক ভালদৰে জানো—গতিকে একো একচন্ নহয় আপুনি যাঁওকগৈ বুজিছে –পিছত এদিন আপোনাৰ তাত ফুৰিবলৈ যাম—,”

—–আটচ্ছা,কথা সেইটো–।অফিচৰ বাকী কৰ্মচাৰী সকলৰ জুমা-জুমি–দুই একে উচটাই দিছে নেৰিব লৈ যাওঁক ।মই সেই আচল কথাটোকে যেতিয়া ডিভিঅ’ মুখৰ পৰা গম পালো ময়ো ঠাণ্ডা হ’লো।

—-আবেলি বন্ধু মহলত গৰম আলোচনা,,মোৰলৈ সকলোৱে চাই —????

—তেনেতে আহি ৰাজুৱে ক’লে,– চিনুৱে কলিতাৰ ভতিজাকক সুধিছিল—“ঐ নব পদ্ম’দাৰ ওপৰত তোৰ খুৰা কি ইমান গৰম কিয় হে—“

‘”—-এহ্ নহয় চিনু’দা “কেচটো বেলেগ—-“নবই ক’লে।

**********

——-দুবছৰ পাৰহৈ গ’ল,মই ইতিমধ্যে ৰাইজৰ সেৱাত একে ঠাইতে দহ বছৰ অতিক্ৰম কৰিলোঁ।সকলো ৰাজহুৱা,ক্লাৱৰ কামৰ লগত জড়িত ।

–ডঃ যোগেন কলিতা সৌভাগ‍্যক্ৰমে বেঁকাকৈ আহি আমাৰ বিভাগৰ সঞ্চালক হ’ল। পূৰ্বতে তেখেত কলেজৰ অধ‍্যাপক আছিল—–,,।

—নাই,,পাহৰি যোৱা নাই,, ইমান ডাঙৰ মানুহ,, ইমান কলুষিত মন,।, অসহায় প্ৰত‍্যক্ষদৰ্শী,,,।আহি গ’ল আমাৰ অনাকাঙ্খিত “Transfer order”

এইবাৰ শ্ৰীমতীৰ দিচপুৰ যাত্ৰা— বিভাগীয় মন্ত্ৰীৰ চেম্বাৰত–।লগত স্থানীয় এম এল এ—মন্ত্ৰী মহোদয়ক প্ৰকৃত সঁচা কথা বিলাক ক’লে–যে জন্ম মৃত্যু বিবাহ ক’ত, কেতিয়া,কোনে কাৰ লগত হয় কোনেও নাযানে–গতিকে আপুনিয়ে এতিয়া কওক,,তেখেতে মানে বৰ্তমানৰ বিভাগৰ সঞ্চালক মহোদয়ে বিয়া কৰাবলৈ দিয়া গৰাকীক বিয়া নকৰি—–,মন্ত্ৰীয়ে বুজি পালে,, সেয়ে বুজনি দি ক’লে যে স্বয়ং সঞ্চালক নাৰাজ যেতিয়া যি কোনো বিপদ পিছত হব পাৰে ।নিজৰ সুবিধা জনক ভাল ঠাই এখনলৈ বদলৈ হৈ আহিবলৈ বহুমূলীয়া পৰামৰ্শ দিলে ।সেই মতে অৰ্দাৰ হ’ল ,তেনেকৈয়ে আগবাঢ়িলো—-

By