সোঁৱৰণী কুঁৱলীয়ে..

কত জানো পঢ়িছিল প্রদানে, পুৰুষে হেনো নিজৰ প্ৰথম প্ৰেম কেতিয়াও পাহৰিব নোৱাৰে । জীৱনলৈ অহা প্ৰতিগৰাকী নাৰীৰ মাজত সেই প্ৰথম নাৰী গৰাকীৰ ছাঁ বিচাৰি ফুৰে ।

অলপ আগতে পুতেকৰ মোবাইল ত মীৰা শৰ্মাৰ live অনুষ্ঠানটো চাই উঠাৰ পিছত সেই কথাষাৰ সঁচা যেনেই লাগিল তেওঁৰ । বহুদিনৰ মূৰত মোবাইলৰ সৰু স্ক্ৰীন খনত মীৰাক দেখি এক বুজাব নোৱাৰা শিহৰণে চুই গল তেওঁক । কোনোদিনেই কাৰো আগতেই প্ৰকাশ নকৰা এটি মিঠা আবেগ যেন সপ্ত সুৰৰ ৰাগিনীৰ সতে বৈ আহিছে তেওঁৰ চকুৰ আগত ।

প্ৰখ্যাত গায়িকা মীৰা শৰ্মাৰ সৈতে একেলগেই আৰম্ভ কৰিছিল প্রদানে তেওঁৰ সংগীতময় যাত্ৰা । বিভিন্ন মঞ্চত দুয়ো একেলগে গীত গাই ফুৰিছিল । মঞ্চত দুয়োৰে যুগলবন্দী বিখ্যাত হৈ পৰিছিল ৰাইজৰ মাজত । সংগীত ৰ আখৰা , মঞ্চত গীত গোৱা এইবোৰৰ মাজতেই অজানিতে প্ৰদানৰ মনত মীৰাই এক বিশেষ স্থান দখল কৰি লৈছিল । কিন্তু কি জানো এক অজ্ঞাত কাৰণত নিজৰ মনৰ এই অনুভূতিক তেওঁ মীৰাৰ আগত প্ৰকাশ কৰিব নোৱাৰিলে । হয়তো মীৰাৰ বন্ধুত্ব একেবাৰে হেৰুৱাই পেলোৱাৰ ভয়ো হব পাৰে সেয়া ।

নিজৰ মনৰ কথা মীৰাক জনোৱাৰ আগতেই এদিন তাই প্ৰদানক জনাইছিল এজন উচ্চপদস্থ বিষয়াৰ সতে বিয়াৰ ঠিক হোৱাৰ কথা । এইক্ষেত্ৰত মীৰাৰ উৎসাহে থানবান কৰি পেলাইছিল তেওঁৰ হিয়া । গীতৰ সকলো ছন্দ যেন হেৰুৱাই পেলাইছিল তেওঁ আৰু লাহে লাহে তেওঁ নিজকে আঁতৰাই আনিছিল সম্ভাৱনা পূর্ণ এটি সংগীতময় যাত্ৰাৰ পৰা। ব্যস্ত হৈ পৰিছিল মহানগৰীৰ কঠোৰ জীৱন যাত্ৰাত । বুকুৰ একোনত কবৰ দিছিল গায়ক হোৱাৰ ইচ্ছা আৰু অব্যক্ত সেই প্ৰেমকাহিনীক ।

এতিয়া দুটি সন্তান আৰু পত্নী মীৰাৰে সুখৰ সংসাৰ তেওঁৰ। মাকে কাৰোবাৰ বিয়াত দেখি পুতেকলৈ বোৱাৰী হিচাপে পছন্দ কৰা এইগৰাকী মীৰাক কেৱল নামটোৰ বাবেই এবাৰো নোচোৱাকৈ বিয়া পাতি আনিছিল প্রদানে ।

“চাহ লোৱা”, পত্নী মীৰাৰ মাতত বাস্তবলৈ ঘূৰি আহিল প্ৰদান । চাহকাপ লবলৈ গৈ মীৰাৰ চকুলৈ চালে তেওঁ । ব্যক্তিত্ব পূর্ণ চেহেৰাৰে , এই ধুনীয়া চকুজুৰিত গভীৰ বিশ্বাসৰ প্ৰতিশ্ৰুতি লৈ তেওঁৰ কাষত থিয় হৈ আছে মীৰা , যাৰ লগত এসময়ত তেওঁৰ সৈতে গান গাই ফুৰা চঞ্চল ‘মীৰা’ জনীৰ অলপো মিল নাই । যোৱা বিশ টা বছৰে এইজনী মীৰাই জীৱনৰ প্ৰতিটো খোজোঁতেই তেঁওক সাহস দি , সহায় কৰি আহিছে । কোনোদিনেই জানিব বিচৰা নাই তেওঁৰ অতীত জীৱনৰ কথা মাথো ছাঁ টোৰ দৰে তেওঁৰ সতে আগবাঢ়ি গৈছে ।

কিবা এটা ভাবি প্রদানে মীৰাৰ পৰা চকুতো আঁতৰাই আনিলে । কাৰণ তেওঁ জানে এইজনী মীৰাই নোকোৱাকৈয়ে বহু কথা বুজি উঠিব পাৰে কেৱল তেওঁৰ চকুত চকু থৈ । হয়তো আজিও তেওঁ পঢ়ি পেলাব পাৰে প্ৰদানৰ মনৰ মাজত চলি থকা সেই বিষাদৰ সুৰ যাৰ কোনো আভাসেই তেওঁ কাকো দিব নিবিচাৰে । বিশ্বাস আৰু আন্তৰিকতাৰে যি যুগলবন্দী এইজনী মীৰাই তেওঁৰ সাংসাৰিক জীৱনত সৃষ্টি কৰিছে সেই যুগলবন্দীক প্রদানে মাথো এটি অপ্ৰকাশিত স্মৃতিৰ বাবে হেৰাই যাব নিদিয়ে । হয়তো কিছুমান কথা সকলোৰে অলক্ষিতে থকাই ভাল ।

ধৃতাস্মিতা শৰ্মা

By