কৰ’ণা মহামাৰী আৰু ঘৰুৱা বাগিছাৰ প্ৰয়োজনীয়তা

সমগ্ৰ বিশ্বতে আজি কৰ’ণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে মানুহৰ ভয়াবহ মৃত্যুৰ লগতে বিভিন্ন সমস্যা গা কৰি উঠিছে। তাৰ ভিতৰত প্ৰধান সমস্যা হৈছে পুষ্টিকৰ খাদ্য। জীয়াই থাকিবলৈ চাউল,দাইল,আলু,পিয়াঁজৰ এতিয়ালৈ নাটনি হোৱা নাই যদিও অদুৰ ভৱিষ্যতৰ কথা কোনেও নাজানে। সেয়েহে,সকলোৱে যদি ঘৰতে এখন এনেকুৱা বাগিছা তৈয়াৰ কৰি ল’ব পাৰে য’ত পৰিয়ালৰ সকলোৰে পৰিপুষ্টি পূৰ্ণ হোৱাকৈ লাগতিয়াল শাক-পাচলি তথা ফল-মুল ইত্যাদি উৎপাদন কৰিব পাৰি,তেন্তে আমি খাদ্য সংকটৰ লগত মোকাবিলা কৰিব পৰাকৈ স্বনিৰ্ভৰশীল হৈ থাকিলোহেতেন। সেয়েহে সকলোৱে লাভান্বিত হ’ব পৰাকৈ কম ঠাইত,কম খৰচত আৰু কম পৰিশ্ৰমত ঘৰুৱা বাগিছা এখন প্ৰস্তুত কৰিবলৈ কিছু দিহা-পৰামৰ্শ আগবঢ়াব লৈছো।

শাক-পাচলি তথা ফল-মুলৰ উপকাৰিতাৰ বিষয়ে কম-বেচি পৰিমাণে আমি সকলোৱে অৱগত। বিভিন্ন ৰোগ প্ৰতিৰোধ অথবা নিৰ্মূল কৰিবলৈ প্ৰয়োজনীয় এন্টি অক্সিডেন্ট,শৰ্কৰা,চৰ্বী,ভিটামিন,খনিজ পদাৰ্থ ইত্যাদি আমি শাক-পাচলি অথবা ফল-মুলৰ পৰাই আহৰণ কৰিব পাৰো।

শাক-পাচলি আৰু ফল-মুলত কি কি উপাদান থাকে তাৰ বিষয়ে এটা থুলমুল আভাষ দাঙি ধৰিছো-

এই সময়ত আমাক অতি বেছিকৈ প্ৰয়োজনীয় ভিটামিন ‘চি’,যাৰ অভাৱত আমাৰ পায়েৰিয়া আদি দাঁতৰ ৰোগ,মানসিক অস্থিৰতা,অৱসাদ,ঘাঁ নুশুকোৱা ইত্যাদি সমস্যা হয়,সেয়া আমি পাওঁ নেমুটেঙা,কেচা জলকীয়া,কমলা টেঙা,মধুৰিআম,চজিনা,তিতাকেৰেলা,অমিতা,ধনিয়া,মৰিচা শাক ইত্যাদিৰ পৰা। শিশুৰ বৃদ্ধিৰ,ছাল আৰু চুলিৰ সমস্যা,ক্ষীণকায় শৰীৰ,মুখ ফুলা আদি সমস্যাৰ বাবে প্ৰয়োজনীয় শক্তি আৰু প্ৰ’টিন পোৱা যায় আলু, মিঠাআলু,শিমলু আলু,কচু,কঠাল,কল,মটৰমাহ,লেচেৰামাহ,মৰিচা,চজিনা(আজিকালি বাৰমহীয়া চজিনাও উপলব্ধ) ইত্যাদিত। ঠিক তেনেদৰে মিঠা আলু,গাজৰ,পালেং,ভাতকেৰেলা,ৰঙালাউ,আম,বিলাহী,অমিতা ইত্যাদিত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ পোৱা যায়। ভিটামিন ‘এ’ৰ অভাৱত কুকুৰীকণা ৰোগ হয়। দন্তক্ষয়,হাঁড়ৰ মজ্জাক্ষয় প্ৰতিৰোধী কেলচিয়াম পোৱা যায় নৰসিংহ,আটলচ,চজিনা গছৰ পাত,পালেং ইত্যাদিত। খেজুৰ,ডালিম,মধুৰিআম,মৰিচা,বীট আদিৰ পৰা পোৱা লৌহ পদাৰ্থ অৰ্থাৎ আইৰণৰ দ্বাৰা আমি ৰক্তহীনতা,ওঁঠ শেতা পৰা ইত্যাদিৰ পৰা আৰু নহৰু,বিলাহী,মটৰমাহ,বেল,কল,উৰহী ইত্যাদিৰ পৰা পোৱা ভিটামিন বি কমপ্লেক্সৰ দ্বাৰা বেৰিবেৰী,মুখ তথা ওঁঠ ফাট মেলা আদি ৰোগ আৰু সমস্যাৰ পৰা ৰক্ষা পাব পাৰি।

ওপৰত উল্লেখ কৰা সকলো শাক-পাচলি,ফলমুলৰ বাহিৰেও আমি বেঙেনা,তিয়ঁহ,মূলা,বীন,ভেণ্ডি,লেটুচ,স্কোৱাচ,পদিনা,বিভিন্ন কবি,ব্ৰক’লি,ফ্ৰেন্সবীন ইত্যাদি পাচলি আমাৰ ঘৰৰ চৌহদৰ ভিতৰত কৰিব পাৰো।আমাৰ অসমীয়া মানুহে সাধাৰণতে বিভিন্ন শাক-পাচলি,ঔষধি গছ যেনে মাণিমুণি,টেঙেচি,ভেদাইলতা ইত্যাদিৰ খেতি কৰেই। আজিকালি সময় আৰু কম ঠাইৰ বাবেহে অভ্যাসটো কমি আহিছে।

বাগিছাখন স্থাপন কৰোতে চৌহদত উপলব্ধ ঠাইৰ আকাৰ আৰু অৱস্থিতিৰ ভিত্তিত এটা পৰিকল্পনা কৰি আগবাঢ়িব লাগে।সাধাৰণতে আমি বাগিছাখন স্থাপন কৰিব বিচৰা ঠাইডোখৰ পৰ্যাপ্ত পৰিমাণে ৰ’দ পৰা(দৈনিক ৫-৬ঘন্টা),ডাঙৰ গছৰ পৰা আঁতৰত হ’ব লাগে।জলসিঞ্চনৰ ব্যৱস্থা থাকিব লাগে। বাগিছাখনৰ পৰা যাতে গোটেই বছৰজুৰি উৎপাদন পাব পাৰি তাৰ বাবেও এটা নিৰ্দিষ্ট পৰিকল্পনাৰ প্ৰয়োজন।উদাহৰণ স্বৰূপে কমদিনীয়া শস্যবোৰ প্ৰথমে আৰু দীৰ্ঘদিনীয়াবোৰ পিছত ৰুব লাগে। এইটোও নিশ্চিত কৰিব লাগে যাতে বহুবৰ্ষীয় গছ যেনে পটল আদিৰ পাছত মাহজাতীয় শস্য ৰুব লাগে। গ্ৰীষ্মকালৰ তিয়ঁহৰ চাংখন শীতকালত অন্য পাচলিৰ বাবে ব্যৱহাৰ কৰিব পাৰি যাতে ধন আৰু শ্ৰম লাঘৱ হয়। ডাঙৰ গছ যেনে অমিতা,আম ইত্যাদিবোৰ বাগিছাখনৰ কাষৰফালে আন শাক-পাচলিৰ ওপৰত ছাঁ পৰি নথকাকৈ ৰুব লাগে। বৃদ্ধিৰ বাবে পুৱাৰ ৰ’দৰ খুউব প্ৰয়োজন হোৱা পাচলি যেনে বেঙেনা,বিলাহী,মৰিচা,বন্ধাকবি ইত্যাদিবোৰ পূৱ দিশে মুকলিকৈ ৰুব লাগে। আদা,হালধি,কচু ইত্যাদি ছাঁ ভালপোৱা শস্যবোৰ অন্তৱৰ্তী শস্যৰূপে ৰুব পাৰি।

কেইবিধমান পাচলিৰ খেতিৰ সময় উল্লেখ কৰি দিব বিচাৰিছো যাতে সকলোৱে নিজৰ পচন্দৰ পাচলি নিজৰ সুবিধাৰ সময়ত লগাব পাৰে-

ভেণ্ডি-(মাৰ্চ-জুন),

বিলাহী-(চেপ্তেম্বৰ-নবেম্বৰ), মূলা,ওলকবি,বীট-(অক্টোবৰ-ডিচেম্বৰ), কেৰেলা-(ফেব্ৰুৱাৰী-মে’),তিয়ঁহ

-(ফেব্ৰুৱাৰী-জুন), গাজৰ

-(অক্টোবৰ-ফেব্ৰুৱাৰী), বেঙেনা

-(জুলাই-অক্টোবৰ), লেছেৰা-(মে’-চেপ্তেম্বৰ),কেপচিকাম(ফেব্ৰুৱাৰী-জুন), আলু-(অক্টোবৰ-জানুৱাৰী), জিকা(জুলাই-অক্টোবৰ), পিয়াঁজ(অক্টোবৰ-ফেব্ৰুৱাৰী)

কেইটামান উপযুক্ত শস্যক্ৰম হৈছে-

* বিলাহী-(চেপ্তেম্বৰ-নবেম্বৰ), পলমকৈ ৰোৱা ফুলকবি(ডিচেম্বৰ-মাৰ্চ),ভেণ্ডি-(এপ্ৰিল-জুলাই)

*আলু-(অক্টোবৰ-জানুৱাৰী),তিয়ঁহ

-(ফেব্ৰুৱাৰী-জুন), জিকা(জুলাই-অক্টোবৰ)

*পিয়াঁজ(অক্টোবৰ-ফেব্ৰুৱাৰী),লেছেৰা-(মাৰ্চ-মে’),তিয়ঁহ

-(জুন-চেপ্তেম্বৰ) ইত্যাদি।

এটি ৫-৬ জনীয়া পৰিয়ালৰ বাবে ২৫০ বৰ্গমিটাৰৰ বাগিছা এখন যথেষ্ঠ। সমীক্ষা অনুসৰি ভাৰতবৰ্ষত এটি শিশু বা এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ সন্তুলিত আহাৰৰ বাবে দৈনিক প্ৰয়োজন হোৱা ৮৬ গ্ৰাম ফলমুল,৭৫-১২৫ গ্ৰাম সেউজীয়া শাক-পাচলি,৮৫ গ্ৰাম অন্যান্য শাক-পাচলি,৮৫ গ্ৰাম শৰ্কৰা আমি এনেকুৱা এখন বাগিছাৰ পৰা আনায়সে সঠিক পৰিকল্পনাৰ দ্বাৰা সংগ্ৰহ কৰিব পাৰোঁ।

ওপৰত উল্লেখ কৰা পৰামৰ্শকেইটাৰ বাহিৰেও আৰু কেইটামান কথা আমি মনত ৰখা উচিত।সেইকেইটা হ’ল-

(১) কীটনাশক আৰু ৰাসায়নিক সাৰ পৰাপক্ষত প্ৰয়োগ কৰিব নালাগে।

(২) পচন সাৰ আৰু কেঁচুসাৰ প্ৰয়োগ কৰিব লাগে। গুটি সিচা বা পুলি ৰোৱাৰ এসপ্তাহ আগত মাটিত প্ৰয়োগ কৰিলে সুফল পোৱা যায়। ইয়াৰ বাবে পচন সাৰ আৰু কেঁচুসাৰ ঘৰতে অতি সহজতে তৈয়াৰ কৰিব পাৰি। ঘৰৰ আৱৰ্জনা,পাকঘৰৰ পেলনীয়া কেঁচা সামগ্ৰী,ছাই আদি এই পচন সাৰ আৰু কেঁচুসাৰ তৈয়াৰ কৰোতে ব্যৱহাৰ কৰিব পাৰি।

(৩) যাৰ ঘৰত ঠাইৰ অভাৱ,তেওঁলোকে বাৰান্দা,ঘৰৰ ছাদ,বেলকনি আদি ঠাইটো টাব,থাৰ্ম’কলৰ বাকচ,চিমেণ্টৰ বস্তা বা অন্য পাত্ৰত শোধন কৰা মাটি,বালি আৰু পচনসাৰ(লগত নাৰিকলৰ বাকলিৰ গুড়ি দিব পাৰিলে ভাল) ১:১:১ অনুপাতে মিহলাই পাচলি আদিৰ খেতি কৰিব পাৰে।

(৪)গুটি সিচা বা পুলি ৰোৱাৰ ক্ষেত্ৰত সঠিক দূৰত্বত ৰুব লাগে।পুলিবোৰ ঘন হ’লে উভালি দিব লাগে আৰু পাতলীয়া হ’লে মাজে মাজে পুলি ৰুই দিব লাগে।

(৫) অপতৃণবোৰ হাতেৰে বা খন্তি,কোৰ আদিৰে আতৰাই পেলাব লাগে।

(৬) জলসিঞ্চনৰ ব্যৱস্থা অতিকৈ প্ৰয়োজনীয়।গ্ৰীষ্মকালত ৩-৪ দিনৰ অন্তৰালত আৰু শীতকালি এক-দুই সপ্তাহৰ অন্তৰালত জলসিঞ্চন কৰিব লাগে।

(৭) শস্যৰক্ষাৰ বাবে বাগিছাখনৰ চাৰিওফালে নাৰ্জীফুল লগাই পোক-পৰুৱাৰ আক্ৰমণৰ পৰা বহুপৰিমাণে ৰক্ষা পাব পাৰি। নিজে বনাই লোৱা হালধীয়া আঠাযুক্ত কাৰ্ড লগালেও পোক-পৰুৱাৰ পৰা ৰক্ষা পাব পাৰি। নিমৰসৰ প্ৰয়োগেও কীট-পতংগ ৰোধত সহায় কৰে।

এনেদৰে আমি এখন বাগিছা ঘৰতে স্থাপন কৰি পৰিপুষ্টিৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হ’ব পাৰো। ৮ ৰ পৰা ৮৮ লৈ সকলোৰে বাবে স্বাস্থ্যসন্মত,উন্নত মানদণ্ডৰ, কীটনাশক আৰু ৰাসায়নিক সাৰৰ পাৰ্শ্বক্ৰিয়াৰ পৰা মুক্ত খাদ্য নিৰ্ভয়ে গ্ৰহণ কৰিব পাৰো।

শেষত এইটোৱেই আশা কৰিছোঁ যাতে অতি সোনকালে বিশ্ববাসীয়ে কৰ’ণা মহামাৰীৰ পৰা মুক্তি লাভ কৰক আৰু এই সময়ছোৱাত পোৱা অভিজ্ঞতাৰ পৰা সকলোৱে জীৱনক এক নতুন দৃষ্টিভঙ্গীৰে চাব শিকক।

হেঙুলজ্যোতি শালৈ

পাম পৰিচালক, কৃষি বিজ্ঞান কেন্দ্ৰ,দৰং

By