দেউতাকলৈ তাইৰ আগে-পিছেও ভয় লাগে ৷ মাকলৈ নালাগে, মাকৰ বুকুখন তাইৰ বাবে যে মৰমৰ ঘৰ ৷৷
মেট্ৰিকৰ ৰিজাল্ট ওলোৱাৰ দিনাও তাইৰ দেউতাকৰ ৰঙা চকুজোৰলৈ ভয় লাগিছিল ৷ আশা কৰা মতে ৰিজাল্ট নোহোৱাৰ দুখত তাই কান্দি কাটি মাকৰ বুকুত আশ্ৰয় ল’ব খুজিছিল ৷
“যাহ এইজনী, লোকৰ ল’ৰা-ছোৱালীয়ে চাৰি-পাঁচটাত লেটাৰ পাইছে, আৰু তই আমাৰ নাক কাটিলি ”
মাকে তাইক ঠেলা মাৰি আঁতৰি গৈছিল ৷
বাৰান্দাত বহি স্কুলৰ প্ৰধান শিক্ষকে মাক-দেউতাকক বুজাইছিল-“ লেটাৰ মাৰ্কছ নাপালেও তাইটো প্ৰথম বিভাগ পাইছে ৷ আৰু আপোনাৰ ছোৱালী নাচ, গান, আৰ্ট সকলোতে আগবঢ়া ৷ এনেকুৱা কণ্যা পোৱাটো আপোনালোকৰ ভাগ্য ৷”
মনৰ ডাৱৰ আঁতৰাই মাকে দেউতাকক কৈছিল-“মিঠাই আনকগৈ যাঁওক ৷”
ছোৱালীজনী চকু পানী মচি মচি ওলাই আহিছিল, মাকে তাইক সাৱটি ধৰিছিল, আগৰ দৰে, আকুলতাৰে !!
✍ কৰবী ডেকা