বাৰিষা নৈ খন যেতিয়া ফেনে ফুটুকাৰে বাঢ়ি আহে তেতিয়াই অলকানন্দা সন্ধিয়া আহি নৈ খনৰ পাৰতে বহি অতীতক সোৱৰি চকুলো টুকে। এনেকৈ কুৰিটা বছৰ পাৰ হৈ গল।নিৰবিছিন্ন ভাবে অলকানন্দায়ো বছৰি নৈখনৰ পাৰলৈ আহি বহে আৰু চকুলো টুকে….
আজিও অলকানন্দাই কৰণীয় কামখিনি আজৰি কৰি নৈৰ পাৰলৈ বুলি খোজ লওঁতেই পাছৰপৰা ডাঙৰ লৰা নিবিৰৰ মাতত থমকি ৰল…
“মা….
“ও…কোৱা… আজি সোণকালে আহিলা যে
কলেজ ছুটি হল নেকি?”
“নাই…তোমাক কথা এটা সুধিম বুলি বহুদিনৰ পৰাই ভাবি আছিলো সেয়ে আজি….
অলকানন্দা কিছু অপ্ৰস্তুত হলেও মুখৰ ভাৱলেশ কিছু গহীন কৰি কলে.….কোৱা কি সুধিবা…
“ভিতৰলৈ আহা মা….ৰূমতে বহি…
“বাৰু বলা…
নিবিৰে মাকৰ হাতত ধৰি চকীখনত বহুৱাই নিজেও ওচৰতে বহি লৈ সুধিলে…
“মা…তুমি বাৰু এই বাৰিষাৰ দিনৰ বাঢ়নি নৈখনৰ পাৰলৈ গৈ অকলে বহি কি পোৱা… বেয়া নাপাবা মা…বুজি পোৱা দিন ধৰি তোমাক দেখি আহিছো… তোমাৰ মনত কি দুখ মা…আবিৰ সৰু সি বুজি নাপায়। মোক তুমি কব পাৰা মা……দেউতা অবিহনে তুমি আমাক অকণো কষ্ট নোপোৱাকৈ ডাঙৰ কৰিছা…তেনহলে তুমি অকলে কিয় দুখ বহন কৰিছা মা…তোমাৰ দুখৰ সমভাগী কৰা মা..প্লিজ মা…প্লিজ….
খুউৱ ধৈৰ্য্যৰে নিবিৰৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ দুচকুৰে বৈ অহা চকুপানীখিনি বাৰিষাৰ নৈৰ খনৰ দৰেই লাগিছিল অলকানন্দাৰ….
মনতে ভাবিছিল তোমাক কেনেকৈ কম নিবিৰ এই নৈ খনেই তোমাৰ দেউতা আৰু মোৰ প্ৰথম প্ৰেমৰ সাক্ষী আৰু এই নৈ খনেই তোমাৰ দেউতাক মোৰ পৰা লৈ গল চিৰদিনলৈ… বাৰিষা জাল লৈ মাছলৈ ওলাই যোৱা তোমালোকৰ দেউতা আৰু ঘুৰি নাহিল ..
তোমালোক যে তেতিয়া তেনেই সৰু… এতিয়া বাৰিষাৰ নৈখন মাথোন ৰোমন্থন….
✍ নিকুঞ্জ ডেকা