Khiriki

জনগোষ্ঠীয় লেটাপলু ভজা

জনগোষ্ঠীয় লেটাপলু ভজা

উপকৰণ ১. ২৫০ গ্ৰাম লেটাপলু ২. মিঠাতেল জোখমতে ৩. মজলীয়া পিয়াজ 3টা লগতে কেঁচা ধনীয়া পাত ৪. নিমখ আৰু হালধি আৰু জিৰা পাউদাৰ জোখৰ ৰন্ধন প্ৰণালী ১. প্ৰথমে লেটাপলু কেইটা ২ কাপ গৰম পানীত ১0 মিনিত সময় ভালদৰে উতলাই পৰিষ্কাৰ কৰি লব। ২. পেনখনত তেল গৰম হবলৈ দি তাত পলুকেইতা বহাই জোখমতে নিমখ, হালধি আৰু জিৰা পাউদাৰ দি ভালদৰে কিছু সময় ৰঙচুৱাকৈ ভাজিব লাগিব। ৩. পলু খিনি পেনখনত লৰাই লৰাই তাতে সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া দি আৰু কিছু সময় ভাজিব লাগিব। ৪. শেষত কেঁচা ধনীয়া পাতেৰে সজায় লেটাপলু ভজা পৰিবেশন কৰক। 👨‍🍳 ৰাজীৱ কায়স্থ
Read More
অমৰাৰে মাছৰ টেঙা জোল

অমৰাৰে মাছৰ টেঙা জোল

উপকৰণ যিকোনো ডাঙৰ মাছ 7/8 পিচ পকা অমৰা 4/5 টা ডাঙৰ আলু এটা সৰিয়হ তেল 3/4 চাহ চামুচ পাচফোৰণ গোটা সৰিয়হ নিমখ /হালধি (আন্দাজ অনুসৰি) শুকান জলকীয়া 2টা চেনি ৰন্ধন প্ৰণালী আৰম্ভণিতে মাছ কেইপিচ ভালদৰে নিমখ হালধি সানি তেলত ভাজি ল'ব | তাৰ পিছত একেলগে সিজাই ল'ব অমৰা আৰু আলু | এতিয়া পাত্ৰ এটাত সিজাই লোৱা অমৰাকেইটাৰ গুটিৰ পৰা মঙহখিনি আঁতৰাই আৰু আলুৰ সৈতে পিটিকি লৈ দুগিলাচ পানী দি লগত নিমখ আৰু হালধি দিব | অমৰা গুটিকেইটা খুন্দনা বা পিহনাত অলপ থেতেলাই ল'ব | কেৰাহীত তেল গৰম হ'লে প্ৰথমতে শুকান জলকীয়া পাচফোৰন আৰু সৰিয়হ দি অমৰা আলুৰ সৈতে পিটিকি লোৱা…
Read More
তিলিকতে টিলিকি

তিলিকতে টিলিকি

কিতাপ পঢ়িলেওফুটবলত হে মোৰ ৰাপঅসম টিমত চিলেক্ট হৈমাৰিলো সাত জাপ। ভবা কথা নহয় সিদ্ধিবাটত আছে মা,ক'লে - "খেল-চেল বাদ দি,পঢ়িশুনিয়েই খা।"আধামৰা মন লৈকৰোঁ পঢ়াশুনা,মোক লৈ মাৰো সেয়েঅত ভবাগুনা। "মেৰিকমৰ চিনেমাখনভাল বুলি শুনি,মাৰ সতে ওলালোঁমই আৰু ভনী। পৰিশ্ৰমী মেৰীৰইমান সাহসী মন,হাঁহি হাঁহি জিনি যায়জীৱনৰ কঠিন ৰণ। নিমিষ নাকাঢ়ি চালো,উগুল থুগুল হিয়া,মা ও চাগে কুমলিছেমাত চাত নাইকীয়া। পিছদিনা পুৱাবেলামা, বজাৰলৈ গ'ল;আহিয়েই মোক চোনদিলে এটা ফুটবল। দেখি মই হতবাকমাত নাইকীয়া,মিঠা মিঠা আবেগতপুলকিত হিয়া। ✍ ম’নালিছা নাথ
Read More
সৌন্দৰ্যৰে ভৰা শিলঘাট

সৌন্দৰ্যৰে ভৰা শিলঘাট

মৰাপাট কল থকাৰ বাবে বিখ্যাত শিলঘাট ঠাইখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা! মই কলিয়াবৰৰে জীয়ৰী হোৱাৰ বাবে এই ঠাইখনলৈ যোৱাৰ সৌভাগ্য বহুবাৰ ঘটিছিল । আমি ঘৰৰ পৰা গাড়ীৰেই যাওঁ বিশেষ আকৰ্ষণ ' মা কামাখ্যা মন্দিৰ 'সেই ঠাইত অৱস্থিত । মৰাপাট কলৰ প্ৰায় গাতে লাগি থকা যেন বহুত ওপৰত কামাখ্যা মা ৰ মন্দিৰৰ অপৰূপ সৌন্দৰ্য তথা মহিমা আছে ।আগতে আমি খটখটিৰে কেৱল উঠি যাব লগা হৈছিল কিন্তু এতিয়া বাট বান্ধি দিয়াত গাড়ী ওপৰলৈকে নিব পাৰি সেয়ে বয়সস্থ মানুহ যাবলৈও সুবিধা হ'ল ।এবাৰ মোৰ মনত আছে মোৰ আইতাক দেউতায়ে লৈ গৈছিল তেতিয়াতো খটখটিৰে বগাই যাব লাগিছিল আইতা ৰৈ ৰৈ 'জয় মা কামাখ্যা 'বুলি কৈ…
Read More
মই খেতিয়ক

মই খেতিয়ক

মোৰ পথাৰৰ কেঁচা মাটিৰ গোন্ধই মোক ৰিঙিয়াই, বাৰিষাৰ প্ৰথমজাক বৰষুণত জীপাল হৈ উঠা পথাৰখনে সন্তুষ্টিৰে মোক সম্ভাষণ জনায়। সপোনৰ খেতিডৰাত প্ৰথম বীজ সিঁচাৰ দিনা মনটো আনন্দেৰে জকমকাই উঠে, ক্ৰমে সপোনবোৰে পোখা মেলে সেউজীয়া হয় আপোন পথাৰ। যোৱাবাৰ বানে জ্বলাই থৈ যোৱা জুইকুৰা পথাৰৰ সোণোৱালী ৰঙে নিৰ্বাপিত কৰিছে । এইবাৰ ভড়ালটো ভালকৈ সাজি লৈছোঁ, এমুঠি সোণগুটি সজতনে সাঁচি ৰাখিম বুলি। বানত ভাগি ছিগি যোৱা ঘৰটোও ভালকৈ সাজি লম, পাৰিলে ডাঙৰ ছোৱালীজনীৰ কপালখনত হেঙুলীয়া সুৰুজ বুলাম। হয়, এইবাৰ পাৰিম মই সকলোখিনি কৰিব মোৰ পথাৰখন এইবাৰ সচাঁই সোণোৱালী হৈ উঠিছে, সপোনবোৰো বাস্তৱ হোৱাৰ উপক্ৰম হৈছে । আৰ্শীবাদ কৰিবি পিতাই আই, তোৰ নিধনী পুতেৰে…
Read More
স্বদেশৰ দুখত ম্ৰিয়মাণ কবিৰ এটা বিপ্লৱী কবিতা

স্বদেশৰ দুখত ম্ৰিয়মাণ কবিৰ এটা বিপ্লৱী কবিতা

শাওণৰ পথাৰত আলিটো বান্ধো বুলি কোৰখন হাতত ল'লো বোকা এচপৰা থপকৈ আহি মুখত পৰিল চুই চাই দেখো তপত অশ্ৰু যেন নিগৰিত লাভা ৰাস্তাৰ বাটৰুৱা জনে কাকনো কৈছে সি আজিও জেইলত থাকে নিলজ্জতাৰ মুখা পিন্ধি ব্যধিগ্ৰস্থ আকাশলৈ চালো কলীয়া ডাৱৰে ক্ৰমঃ গিলি পেলাব নিৰ্বাসিত সূৰ্য্যক নিৰ্বাসিত সূৰ্য্য ! আইৰ চকুলোৰ চেকা লগা নিমজ গাল তাৰ সত্তাত প্ৰতিবাদ , হিংস্ৰ উৎসৱৰ বাধাৰ প্ৰাচীৰ সেয়ে আপোনজনৰ আঘাত লভিও বহি আছে জেইলৰ কোনোবাটো অন্ধকাৰ কোঠাত এইদৰে যদি এটা কবিতাৰ মৃত্যু হয় তেজৰ শলিতা লগাই শ্ৰদ্ধাঞ্জলী দিবলৈ নাহিবা ৰজনীগন্ধাৰ তৰোৱাল পাতে তোমাৰ স্বদেশ প্ৰেমক প্ৰশ্ন কৰিব বাস্তৱে লাহে লাহে দহি খ‍াব বালিলৈ সজোৱা শৰ পাতৰ…
Read More