কিতাপ পঢ়িলেও
ফুটবলত হে মোৰ ৰাপ
অসম টিমত চিলেক্ট হৈ
মাৰিলো সাত জাপ।
ভবা কথা নহয় সিদ্ধি
বাটত আছে মা,
ক’লে – “খেল-চেল বাদ দি,
পঢ়িশুনিয়েই খা।”
আধামৰা মন লৈ
কৰোঁ পঢ়াশুনা,
মোক লৈ মাৰো সেয়ে
অত ভবাগুনা।
“মেৰিকমৰ চিনেমাখন
ভাল বুলি শুনি,
মাৰ সতে ওলালোঁ
মই আৰু ভনী।
পৰিশ্ৰমী মেৰীৰ
ইমান সাহসী মন,
হাঁহি হাঁহি জিনি যায়
জীৱনৰ কঠিন ৰণ।
নিমিষ নাকাঢ়ি চালো,
উগুল থুগুল হিয়া,
মা ও চাগে কুমলিছে
মাত চাত নাইকীয়া।
পিছদিনা পুৱাবেলা
মা, বজাৰলৈ গ’ল;
আহিয়েই মোক চোন
দিলে এটা ফুটবল।
দেখি মই হতবাক
মাত নাইকীয়া,
মিঠা মিঠা আবেগত
পুলকিত হিয়া।
✍ ম’নালিছা নাথ