Places to visit in Assam

বিশ্বনাথ ঘাট অসমৰ অন্যতম পয্যটন ক্ষেত্ৰ

বিশ্বনাথ ঘাট অসমৰ অন্যতম পয্যটন ক্ষেত্ৰ

বিশ্বনাথ ঘাট প্ৰেমিক হ'বৰ দিনা নীলা চুলি মেলি নামি আহে শুকুলা আকাশ.... লুইতৰ বুকুৰে পিচলি পৰে এনৌকা ৰং....... মতলীয়া বতাহে তৰি দিয়ে পাল... দুটি পাৰত খৰ তাল তুলি পাশা খেলত (প্ৰেম পাশ) বন্দী হয় আকাশ আৰু মাটি..... সাক্ষী হৈ ৰয় শিৱ মন্দিৰৰ তিনিটি চাকি .... খেলি থাকে দিন... খেলি থাকে ৰাতি.... খিলাখিল তাঁচ পাতে হাঁহি উঠে মিছিকি.... খেলি খেলি সলাজ হয় আকাশ আৰু মাটি... শুকুলা আকাশে গুঁজি দিয়ে মুখ বিশ্বনাথৰ বুকুত.... ৰাঙলী হয় লুইত ডুবি যায় আকাশ ওপঙি উঠে মাটি.... তেনেই গধুৰ শিলৰ দৰে কঠিন...(বৰলা শিল!) বন্দী হয় বিশ্বনাথ বন্দী হয় বিশ্বনাথ বিশ্বনাথ ঘাট প্ৰেমিক হ'বৰ দিনা বন্দী হয় বিশ্বনাথ…
Read More
অসমৰ গৌৰৱ মানাহ ৰাষ্ট্ৰীয় উদ্যান

অসমৰ গৌৰৱ মানাহ ৰাষ্ট্ৰীয় উদ্যান

মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ বাক্সা জিলাত আৰু লগতে চিৰাং জিলাৰ কিছু অংশ আগুৰি ভূতান- হিমালয়ৰ পাদস্হানত (foot hill) অবস্হিত এখন অতি পুৰণি মনোৰম পৰ্যতক ভুমি। এই সংৰক্ষিত ভুমিখন্ড ১৯০৭ চনতে Manas Reserve Forest হিচাপে ঘোষনা কৰা হৈছিল। তাৰ পিছত ১৯৫০ চনত Manas Wildlife Sanctuary হিচাপে আৰু ১৯৭৩ চনত Manas Tiger Reserve হিচাবে আনুষ্ঠানিক ঘোষণা কৰা হৈছিল। ১৯৮৫ চনত মানাহ অভয়াৰণ্যক UNESCO ৰ অধীনত World Heritage Siteলৈ ৰূপান্তৰিত কৰা হৈছিল। ভূতানৰ পাদস্হানৰ পৰা ওলোৱা মানাহ নদীখন দুটা ভাগত বিভক্ত হৈ এটা ভাগ বেকী নদী নাম লৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে। মানাহৰ উদ্ভিদ জগতক (vegetation) প্ৰধানকৈ দুভাগত ভগাই দিয়া হৈছে।…
Read More
প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ  চানডুবি

প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ চানডুবি

আমি গৌৰৱেৰে কব পাৰো যে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলখন ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত প্ৰাকৃতিক সৌন্দৰ্যৰ দিশত অতিকৈ চহকী। ইয়াত বহুতো ভাল ভাল চাবলগীয়া ঠাই আছে যাক আমি সাধাৰণতে আওকান কৰি সৌন্দৰ্যৰ সন্ধানত আন ঠাইলৈ ফুৰিবলৈ যাওঁ। আমি কিছুসংখ্যক লোকে হয়তো অসমৰ সকলো স্থানীয় ঠাই সমূহৰ কথা ভালদৰে নাজানো। উত্তৰ পূৰ্বাঞ্চলখনৰ পৰ্বত, পাহাৰ, ভৈয়াম, নদ-নদী, গিৰি গুহা, নামনি, উজনি, সকলোতে প্ৰকৃতিদেৱীয়ে সৌন্দৰ্যৰ অভিনৱ ৰূপ ঢালি ন-কইনাৰ সাজেৰে বিভূষিত কৰি ৰাখিছে। আজি আপোনালোকৰ মাজত তেনে এডোখৰ ঠাই চিনাকি কৰোৱাৰ মানসেৰে মোৰ এই লিখনিটো লিখিবলৈ ওলাইছোঁ। ঠাইডোখৰ হল অসম আৰু মেঘালয়ৰ সীমান্তত অৱস্থিত, গাৰো পাহাৰৰ পাদস্থানত স্থিত চানডুবি বিল। কামৰূপ জিলাৰ ৰাভা হাচং…
Read More
সৌন্দৰ্যৰে ভৰা শিলঘাট

সৌন্দৰ্যৰে ভৰা শিলঘাট

মৰাপাট কল থকাৰ বাবে বিখ্যাত শিলঘাট ঠাইখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা! মই কলিয়াবৰৰে জীয়ৰী হোৱাৰ বাবে এই ঠাইখনলৈ যোৱাৰ সৌভাগ্য বহুবাৰ ঘটিছিল । আমি ঘৰৰ পৰা গাড়ীৰেই যাওঁ বিশেষ আকৰ্ষণ ' মা কামাখ্যা মন্দিৰ 'সেই ঠাইত অৱস্থিত । মৰাপাট কলৰ প্ৰায় গাতে লাগি থকা যেন বহুত ওপৰত কামাখ্যা মা ৰ মন্দিৰৰ অপৰূপ সৌন্দৰ্য তথা মহিমা আছে ।আগতে আমি খটখটিৰে কেৱল উঠি যাব লগা হৈছিল কিন্তু এতিয়া বাট বান্ধি দিয়াত গাড়ী ওপৰলৈকে নিব পাৰি সেয়ে বয়সস্থ মানুহ যাবলৈও সুবিধা হ'ল ।এবাৰ মোৰ মনত আছে মোৰ আইতাক দেউতায়ে লৈ গৈছিল তেতিয়াতো খটখটিৰে বগাই যাব লাগিছিল আইতা ৰৈ ৰৈ 'জয় মা কামাখ্যা 'বুলি কৈ…
Read More
গোৱালপাৰাৰ শ্ৰীসূৰ্যপাহাৰ উৰপদ হুলাকুন্দা

গোৱালপাৰাৰ শ্ৰীসূৰ্যপাহাৰ উৰপদ হুলাকুন্দা

"সময় বালিঘৰৰ স্থায়িত্ব নাই ৰৈ যা বুলিতো কোৱাও নাযায় , স্মৃতিৰ কুকিটোত কিছু সাঁচতীয়া ৰল ভ্ৰমণ কাহিনীবোৰ তাতে সোমাই গ'ল।" ফুৰিবলৈ সকলোৱে মোৰ বোধেৰে ভাল পায়। ময়ো ইয়াৰ ব্যতিক্ৰম নহওঁ। আৰামদায়ক ভ্ৰমণ মোৰ বৰ প্ৰিয়। বেছি বয়-বস্তু লৈ কৰবালে যাবলৈ বৰ ভাল নাপাওঁ। প্ৰতি বছৰে দুবাৰ অকনমান ফুৰি আহো প্ৰায়ে। ডিচেম্বৰ আৰু মাৰ্চ বিশেষকৈ। জুলাইৰ ২৬ তাৰিখেও যাবলৈ চেষ্টা কৰো কাৰণ ২৫ জুলাইলৈকে ল'ৰাৰ নাটকৰ কৰ্মশালা থাকে। পাতনি দীঘল হ'ল....যি নহওক ২০১৬ চনৰ এটা খুব সুন্দৰ ভ্ৰমণৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰিছোঁ। ২৯ ডিচেম্বৰ তাৰিখে আমি গুৱাহাটীৰ পৰা গোৱালপাৰা জিলালৈ ৰাওনা হ'লো। ব্ৰহ্মপুত্ৰৰ ওপৰৰ তৃতীয়খন দলং "নৰনাৰায়ণ সেতু"ত অলপ সময় কটালো।…
Read More
পৰ্যটনস্থল ৰূপে কলিয়াবৰ

পৰ্যটনস্থল ৰূপে কলিয়াবৰ

অসমৰ প্ৰায় সকলো ঠাইতে ঐতিহাসিক স্মৃতিস্তম্ভ আছে,যিবোৰে অসমৰ পুৰণি গৌৰৱোজ্জ্বল ইতিহাসৰ কথা সুঁৱৰাই।মঠ,মন্দিৰ, ৰংঘৰ,কাৰেংঘৰে অতীত অসমৰ শৌৰ্য-বীৰ্য প্ৰকাশ কৰে।অসম নিজস্ব কলা-কৃষ্টি সংস্কৃতিৰে পৰিপুষ্ট।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব বিখ্যাত মাজুলী নদীদ্বীপে যিদৰে বিদেশী পৰ্যটকক আকৰ্ষণ কৰে থিক তেনেদৰে অসমৰ মঠ, মন্দিৰেও অসমৰ পৰ্যটন উদ্যোগটো বিকাশত সহায় কৰি আহিছে।ডঃ ভূপেন হাজৰিকাৰ ভাষাৰে 'অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ।' কলিয়াবৰ পৰ্যটনস্থলী ৰূপেঃ অসমৰ নগাঁও জিলাৰপৰা ৪৮কি.মি. পূৱলৈ গ'লেই পোৱা যায় ঐতিহাসিক ক্ষেত্ৰ কলিয়াবৰ।প্ৰবাদ আছে যে এই কলিয়াবৰতেই ভগৱান শ্ৰীকৃষ্ণই অনিৰুদ্ধ কোঁৱৰক নিবলৈ শোণিতপুৰৰ ৰজা বাণৰ লগত যুদ্ধ কৰিবলৈ আহি কলিয়াবৰৰ বৰগছ এজোপাৰ তলতেই জিৰণি লৈছিল বাবে কলীয়া কৃষ্ণৰ…
Read More
পৰ্যটকৰ আকৰ্ষণস্থলী হাফলং

পৰ্যটকৰ আকৰ্ষণস্থলী হাফলং

প্ৰকৃতিৰ এক অনন্য সৃষ্টি হাফলং | অসমৰ একমাত্ৰ পাহাৰীয়া পৰ্যটন নগৰীখনক অসমৰ চুইজাৰলেণ্ড বুলিও কোৱা হয় | প্ৰকৃতিৰ অকৃপণ দানেৰে চহকী এই পাহাৰীয়া চহৰখনৰ বৈশিষ্ট্য , মাটিৰে মেঘ ভাঁহি ফুৰে | এই সৌন্দৰ্যই সকলোকে যেন হাত বাউলি মাতে | জানিব পৰা মতে ,ডিমা হাচাও জিলাৰ (উত্তৰ কাছাৰ) সদৰ হাফলং নামটটো প্ৰকৃততে ডিমাচা শব্দৰ অপভ্ৰংশ হৈ সৃষ্টি হৈছে | ডিমাচা ভাষাত 'হাপ্ল' মানে চাৰিওফালে এঢলীয়া এটা ডাঙৰ টিলা |ডিমাচা ভাষাত ইয়াৰ নাম "হাপ্লায়ুং" | ইংৰাজসকলে ইয়াক উচ্চাৰণ কৰোতে পোনাই "হাফলং" বুলিছিল | তেতিয়াৰ পৰাই এই নামটোৰ অধিক প্ৰচাৰ হোৱাই পিছলৈ এই নামেৰে জনাজাত হৈ পৰিল | হাফলঙত প্ৰধানকৈ ডিমাচা, মাৰ,চিলেটি আৰু…
Read More
বাসুদেৱ থান

বাসুদেৱ থান

ভ্ৰমণৰ বাবে আমাৰ সৌন্দৰ্য্য পিপাসু মনটোৱে বিচাৰে নদ ,নদী, পৰ্বত,পাহাৰ,যাৰ অনাবিল আনন্দত ভাগৰুৱা মনবোৰ জুৰ পৰিব বিচাৰে।কিন্তু আজি মই অসমৰ উত্তৰ পাৰৰ চাৰিকড়ীয়া নদীৰ কাষৰ মোৰ ভাল লগা এখন ঠাইক পৰ্যটন ক্ষেত্ৰ হিচাপে আপোনালোক আগত দাঙি ধৰিব বিচাৰিছো।য'ত প্ৰতিটো বাৰিষাতে উটি যায় ভঁৰালৰ ভোগালী ।তথাপিও যেন প্ৰকৃতি নিজ সৌন্দৰ্য্যত আপোন পাহৰা। উত্তৰ পূৰ্বাঞ্চল ভৌগোলিক ভাৱে সম্পদশালী।এই ৰাজ্য খনৰ বিভিন্ন স্থান পৰ্যটন ক্ষেত্ৰ হিচাপে অধিক সম্ভাৱনীয়তা আছে ।প্ৰয়োজন মাত্ৰ সঠিক ব্যৱস্থাপনাৰ। চৰকাৰ তথা সচেতন মহলৰ সময়োপযোগী পদক্ষেপে অসমৰ এই পৰ্যটন স্থান সমূহেও বাহিৰৰ আন ঠাইৰ লগত সমানে ফেৰ মাৰিব পাৰিলেহেতেন।কিন্ত্ত সদভাৱনাৰ অভাৱত অসমৰ এনে বহুতো সাম্ভাৱ্য পৰ্যটন ক্ষেত্ৰ আজিও লোকচাক্ষুৰ অাঁৰত…
Read More
এটা স্মৰণীয় ভ্ৰমণ

এটা স্মৰণীয় ভ্ৰমণ

আৰম্ভণিতে দুটামান কথা ক'ব খুজিছোঁ। তেনেই সাধাৰণ যেন লগা ভ্ৰমণ। কিন্তু মোৰ কাৰণে বহুত স্পিচিয়েল। মোৰ মা জীৱিত থকা কালত ,মা লগত কৰা ভ্ৰমণৰ ভিতৰত এইটো আটাইতকৈ স্মৰণীয়।মা চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিবলৈ, পাচ বছৰ থাকোঁতে, এই পৃথিৱীৰ পৰা গুচি গ'ল।আৰু এটা কথা,এতিয়া আৰু ঘাট পাৰ হ'ব কাৰণে ফেৰী নাই।ফেৰী আমাৰ কাৰণে স্মৃতি হৈ ৰ'ল।বহুত আবেগ জড়িত হৈ আছে বগীবিলৰ লগত। ভালদৰে ব্যাখ্যা কৰিম নোৱাৰিম চাগৈ মনৰ অনুভৱ খিনিক। যোৰহাট লৈ গৈছিলো ১৯৯৮ চনৰ ৭জুলাইত।মা আছিল লগত।তেতিয়া সপ্তম মানত।তেতিয়া ধেমাজিত বানপানী হৈছিল।ৰেডিঅ', দূৰদশ`ন,বাতৰি কাকতত ধেমাজি নাম সঘনাই উচচাৰিত আৰু প্ৰচাৰ হৈছিল বানপানী কাৰণে।দেউতাই আমাক লালুংতিনিআলি লৈকে আগবঢ়াব গৈছিল।যাত্ৰা আৰম্ভ…
Read More