Assam Story

দিল্লীত উবেৰ টেক্সীৰে ঘূৰি থকা অৱস্থাত

দিল্লীত উবেৰ টেক্সীৰে ঘূৰি থকা অৱস্থাত

মূল ইংৰাজী: বিণু মেথিউ (Vinu Methew) আজি, মই দিল্লীত উবেৰ টেক্সীৰে ঘূৰি থকা অৱস্থাত এনেকুৱা অভিজ্ঞতা এটা হল যে সকলোৰে বাবে নিলিখি নোৱাৰিলো•••• সন্ধিয়াৰ সময়খিনিত উবেৰ টেক্সীৰ প্ৰথমজন আৰোহী মই আছিলো, তাৰ পিছত সৰু কন্যা সন্তানটিৰ সৈতে এগৰাকী গাভৰু মাতৃ আৰু বগা টুপী পৰিহীত ইছলাম ধৰ্মী যুৱক এজন মোৰ যাত্ৰাৰ সংগী হৈছিল ৷৷ উবেৰৰ পিছৰ চিটত কণমানি ছোৱালী জনী, মাক আৰু মই ৷৷ বগা টুপী পৰিহিত মুছলিম যুৱকজন উবেৰৰ চালকৰ কাষৰ চিটত বহি তেওঁলোকৰ নিজৰ মাজত কথা পাতি গৈছিল লগতে এফ•এম• ৰেডিঅত বাজিছিল সন্ধিয়াৰ গান ৷৷ :এই দাদা জনে সন্ধিয়া পৰত কিয় টুপী পিন্ধিছে মা? এতিয়াছোন ক'তো ৰ'দ নাই? সৰু…
Read More
গুপ্ত ধনৰ সন্ধানত মাহী

গুপ্ত ধনৰ সন্ধানত মাহী

গুপ্ত ধনৰ সন্ধানত মাহী জেঠ মাহত কেইদিনমান দীঘলীয়াকৈ খৰ মাৰে, বহাগৰ বৰষুণে সৃষ্টি কৰা বোকাবোৰ শুকাই কৰ্ককৰীয়া মাৰে। মাটিৰ সুন্দৰ গোন্ধ এটা ওলায়৷ সেই বহাগ জেঠৰ দুপৰীয়াবোৰ বৰ দীঘলীয়া। মাহীয়ে দিনটোৰ কাম বন কৰি আজৰি হৈ আমাৰ ঘৰলৈ অহাৰ বিশেষ সময় সেইটো, মা দেউতাৰ লগত কথা পাতিবলৈ ভাল নাপাই কাৰণ মাহীৰ সেই ভুত পিশাচ, তন্ত্ৰ মন্ত্ৰ আৰু আই ওজাৰ কাহিনী শুনিবলৈ মাৰ সময় নাছিল আনহাতে দেউতাই মিচিকিয়াই হাঁহি থোৱাত বাহিৰে উৎসাহ নিদিছিল৷ এক কথাত ক’বলৈ গ’লে মাহী আমাৰ মা দেউতাৰ হাতত ডাইৰেক্ট ৰিজেক্টেড হৈছিল জ্ঞানৰ ভঁ‌ৰালটো বিনিময়ৰ ক্ষেত্ৰত! সেইকাৰণেই মাহীৰ আটাইতকৈ মৰমৰ আছিল আমাৰ ডাঙৰ বাইদেউ, তাই কৌতূহলী মুখ এখন…
Read More