apunar khirikire

ত্ৰিৰংগা মোৰ আজন্ম গৌৰৱ

ত্ৰিৰংগা মোৰ আজন্ম গৌৰৱ

নীলা আকাশত যেতিয়া লহৰ তুলে গৰিয়সী ত্ৰিৰংগাই মই সগৌৰৱে মূৰ তুলি চাওঁ প্ৰবাহিত হয় মোৰ হৃদয়ত মোৰ প্ৰাণত, দেহৰ শিৰাই শিৰাই গেৰুৱা, বগা আৰু সেউজীয়া ৰং উশাহত টানি লওঁ বতাহে বতাহে বিয়পি থকা মোৰ দেশৰ স্বাভিমান মোৰ দেশৰ জয়গান আৰু এক অদম্য দেশপ্ৰেমবোধে জগাই তোলে অনিৰুদ্ধ স্পৃহা প্ৰদান কৰে অফুৰন্ত শক্তি ত্ৰিৰংগা মোৰ আজন্ম গৌৰৱ প্ৰতিটো লহৰে বিয়পাই এক গভীৰ আস্থা, উন্নত শিৰেৰে জীয়াই থকাৰ এক গভীৰ আত্মসন্মানবোধ মূৰৰ ওপৰত যেন এক গভীৰ প্ৰত্যয়ৰ প্ৰতিশ্ৰুতি এক অভেদ্য নিৰাপত্তাৰ আচ্ছাদন.. ডঃ বিভা চেতিয়া বৰা
Read More
আৰোহী ৱেডচ আৰুব্ধ

আৰোহী ৱেডচ আৰুব্ধ

প্ৰথম ভাগ কাহিনীবোৰ এনেকুৱাই।কেতিয়া ক'ৰ পৰা আৰম্ভ হয় আৰু ক'ত শেষ হয় কোনেও ক'ব নোৱাৰে।বৰ্তমান কেতিয়া অতীত হয় আৰু অতীত কেতিয়া বৰ্তমান হয় কোনেও ক'ব নোৱাৰে। অদৃষ্টৰ হাতৰ লিখনীত আমি মাথো নিমিত্তহে। কথাবোৰে মনত দোলা দি থাকোতেই গৃহস্থৰ মাততহে সম্বিত ঘূৰাই পালে স্বাতীয়ে। "ওলাই হ'লনে?বহুত দূৰ যাবলগা আছে, সোনকাল কৰা।" এৰা,বহু দূৰ, বহু দিনৰ অপেক্ষাৰ অন্তত আজিৰ দিনটো।স্বাতীৰ চকুত আজিও জীৱন্ত সেই কথাবোৰ।কথাবোৰ মনতে ভাবি ভাবি লৰালৰিকৈ গাড়ীত উঠিল স্বাতী।এই যাত্ৰা বহুদূৰলৈ গুৱাহাটীৰ পৰা যোৰহাট।গৃহস্থৰ কোম্পানীৰ ছুটী পাব নাপাব দোধোৰ মোধোৰ অৱস্থাৰ মাজতে শেষ সময়ত সকলো থিক কৰি সিহঁতৰ এই লৰালৰি।লৰালৰি বেলেগ একোৰে নহয়,এখন বিয়াৰ।যিখন বিয়াৰ সপোন সিহঁতে দেখিছিল একেলগে।নিজৰ…
Read More